নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পত্তিকৰৰ স্ব-মূল্যাংকন আৰু পুনৰ মূল্যাংকন সন্দৰ্ভত পাঠশালাত পৌৰসভাৰ সংবাদ মেল

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ সম্পত্তি কৰৰ স্ব-মূল্যাংকন আৰু পুনৰ মূল্যাংকন সন্দৰ্ভত আজি বজালী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাকুমনি শইকীয়াই পাঠশালা পৌৰসভাৰ সভাকক্ষত এখন সংবাদমেলৰ আয়োজন কৰে৷ পাটাছাৰকুছি আৰু পাঠশালা পৌৰসভাক সামৰি আয়োজন কৰা উক্ত সংবাদমেলত পাঠশালা পৌৰসভাৰ অধীনত সম্পত্তি কৰৰ স্ব-মূল্যাংকণ, পুনৰ মূল্যাংকণ আৰু আধুনিকীকৰণৰ কামৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই পাঠশালা পৌৰসভাৰ প্ৰথমটো পদক্ষেপ হিচাপে পাঠশালা পৌৰ এলেকাৰ পথসমূহক মূখ্য ঘাইপথ, ঘাইপথ আৰু অন্যান্য পথ হিচাপে শ্ৰেণী বিভাজন কৰা কাম সম্পূৰ্ণ হৈছে বুলি সদৰী কৰে৷ এনে এক প্ৰেক্ষাপটতে ২০২২ চনৰ ১০ আগষ্টৰ পৰা ১০ ছেপ্টেম্বৰৰ ভিতৰত পাঠশালা পৌৰসভাই ৰাইজৰ পৰা নিজৰ সম্পত্তিৰ স্ব-ঘোষিত তথ্য বিচাৰাৰ কথা উল্লেখ কৰে। এই তথ্য সমূহ জমা দিয়াৰ ক্ষেত্ৰত প্ৰ-পত্ৰ সমূহ মোবাইল এপ নতুবা পাঠশালা পৌৰসভাৰ কাৰ্যালয়ত জমা দিবলৈ আজিৰ সংবাদমেল যোগে আহ্বান জনায়৷ পাঠশালা পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া তথা বজালী ৰাজহ চক্ৰ বিষয়া কাকুমনি শইকীয়াৰ লগতে পৌৰপতি জলি চৌধুৰী, উপ পৌৰপতি ৰাতুল ৰয়, পাটাছাৰকুছি পৌৰসভাৰ পৌৰপতি জয়ন্ত তহবিলদাৰ, কাৰ্য্যবাহী বিষয়া তনবিৰ আলম আদি উপস্থিত থকা সংবাদ মেলত খনত প্ৰ-পত্ৰসমূহ কৰ সংগ্রাহক, পৌৰসভাৰ কাৰ্যালয় আৰু প্ৰতিটো ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰৰ ওচৰত উপলব্ধ হব বুলি উল্লেখ কৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like