নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ হাওৰাৰপাৰত বৰ লুইতত ভয়ংকৰ নাও দুৰ্ঘটনাঃ ৫০ ছাত্ৰ–ছাত্ৰীৰ প্ৰাণৰক্ষা

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটিমান দিন বাকী থকাৰ সময়ত আজি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী হাওৰাৰপাৰৰ সমীপৰ বৰ লুইতত হোৱা এক নাওঁ দূৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে বহু ছাত্ৰ–ছাত্ৰীৰ। জানিব পৰা মতে, বিদ্যালয় ছুটী দিয়াৰ পিছত অঞ্চলটোৰ খোদাৰচৰ এম ই মাদ্ৰাছা আৰু সোনাৰাম পাটামাৰী হাই স্কুলৰ আনুমানিক প্ৰায় ৫০ গৰাকী ছাত্ৰ–ছাত্ৰীয়ে নাওঁ এখনেৰে ঘৰমুৱা যাত্ৰা কৰিছিল। কিন্তু অকষ্মাতে সেই নাওঁখন আধাবাটতে বুৰ যাবলৈ লয় আৰু তেতিয়া সেইখনত থকা ছাত্ৰ–ছাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে। ছাত্ৰ–ছাত্ৰীসকলৰ চিঞঁৰ–বাখৰ শুনি পাৰঘাটত থকা অঞ্চলটোৰ স্থানীয় একাংশ লোকৰ তাৎক্ষণিক তৎপৰতাৰ বাবে আটাই কেইগৰাকী ছাত্ৰ–ছাত্ৰীক উদ্ধাৰ কৰি পাৰলৈ অনা সম্ভৱপৰ হয়। ইফালে কথমপি প্ৰাণৰক্ষা পৰা সেই ছাত্ৰী–ছাত্ৰীসকলৰ একাংশই পাৰঘাটলৈ অনাৰ পিছত কান্দোনত ভাঙি পৰাও দেখা যায়। ইফালে উদ্ধাৰ হোৱা ছাত্ৰ–ছাত্ৰীসকলৰ কেইবাগৰাকী সামান্য আহত হোৱাৰ বিপৰীতে গুৰুতৰ ভাৱে আহত হোৱা দুগৰাকী ছাত্ৰীক ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হোৱা বুলি প্ৰকাশ। জানিব পৰা মতে, দূৰ্ঘটনাত পতিত হোৱা সেই নাওঁখন এটা ইঞ্জিন যুক্ত আছিল। ফলত স্বাভাৱিক ভাৱেই চৰকাৰী নিষেধাজ্ঞা স্বত্বেও কিদৰে এখন ইঞ্জিনৰ সেই নাওঁখন চলাচল কৰি আছিল সেই প্ৰশ্ন উচ্চাৰিত হৈছে। উল্লেখ্য যে, বৃহত্তৰ সেই অঞ্চলটোৰ ভেদলো, কাইম ভাষাণী, সোৰহাবৰ চৰৰ পৰা বৰ লুইতেৰে হাওৰাৰপাৰ ঘাটেদি নিতৌ প্ৰায় ১০০/১৫০ গৰাকী ছাত্ৰ–ছাত্ৰী খোদাৰচৰ এম.ই. স্কুল আৰু সোণাৰাম পাটামাৰী হাইস্কুল লৈ অহা যোৱা কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like