নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ পৰৱর্তী মুখ্য সচিব ড০ ৰবি কোটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জানুৱাৰীঃ ৰাজ্যৰ পৰৱর্তী মুখ্য সচিবৰ দায়িত্ব গ্রহণ কৰিব ড০ ৰবি কোটাই৷ ১৯৯৩ বেটছৰ আইএএছ বিষয়া ড০ ৰবি কোটা হ’ল অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব৷ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব চম্ভালি থকা ড০ ৰবি কোটাই বিত্ত বিভাগৰো দায়িত্ব গ্রহণ কৰিছে৷ আজি পার্ছনেল বিভাগে জাৰি কৰা এক নির্দেশ অনুসৰি অহা ৩১ মার্চত আনুষ্ঠানিকভাৱে মুখ্য সচিবৰ দায়িত্ব চম্ভালিব ড০ কোটাই৷ ৩১ মার্চত অৱসৰ গ্রহণ কৰিব বর্তমানৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে৷ উল্লেখ্য যে ১৯৯৩ত ভাৰতীয় প্রশাসনিক সেৱাত যোগদান কৰা ৰবি কোটা হ’ল কৃষি বিজ্ঞানৰ পিএইচডিত স্বর্ণ পদক বিজয়ী৷ বিত্ত, বিত্তীয় পদ্ধতি আৰু বৃহত্তৰ অর্থনৈতিক নীতিৰ ওপৰত সুদীর্ঘ ২৪ বছৰ অভিজ্ঞতাৰে পৰিপূর্ণ ড০ কোটাই ইয়াৰ পূর্বে আমেৰিকা যুক্তৰাষ্ট্রৰ ৱাশ্বিংটন ডিচিত থকা ভাৰতীয় দূতাবাসৰ অর্থনৈতিক শাখাৰ মুৰব্বী আছিল৷ সেই সময়তে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ অর্থনৈতিক সম্পর্ক সুদৃঢ় কৰাৰ লগতে ভাৰতত বিনিয়োগৰ পৰিৱেশ সূচনা কৰাত বিশেষ ভূমিকা লৈছিল৷ কেন্দ্রীয় চৰকাৰৰ বিত্ত মন্ত্রালয়ৰ পঞ্চদশ বিত্ত আয়োগৰ যুটীয়া সচিবৰ দায়িত্ব চম্ভলা ড০ কোটাই পৰৱর্তী সময়ত অসমৰ বিত্তীয় সচিব হিচাপেও দায়িত্ব চম্ভালিছিল৷ বর্তমান গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ লগতে বিত্ত বিভাগ আৰু মুখ্য সচিবৰ বিশেষ কর্তব্যৰত বিষয়া হিচাপেও কার্যনির্বাহ কৰি আছে৷ ইফালে, পার্ছনেল বিভাগে জাৰি কৰা এক নির্দেশযোগে আজি আইএএছ পর্যায়ৰ কেইবাজনো বিষয়াৰ দায়িত্বৰ সালসলনি ঘটাইছে৷ সেই অনুসৰি পৰিৱেশ আৰু বন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্রসাদক নতুন দায়িত্ব অর্পণ কৰা হৈছে৷ সেই অনুসৰি তেওঁক অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ সঞ্চালক আৰু এডমিনিষ্ট্রেটিভ ত্রিবিউনেলৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে৷ ৰবি শংকৰ প্রসাদে নতুন দিল্লীৰ অসম ভৱনৰ প্রধান আৱাসিক সচিব হিচাপেও দায়িত্ব চম্ভালি থাকিব৷ ইফালে, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, জলসিঞ্চন, তথ্য–প্রযুক্তি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ছৈয়দ আব্বাছিক বিশেষ মুখ্য সচিবৰ দায়িত্ব অর্পণ কৰা হৈছে৷ আব্বাছিয়ে এপিডিচিএলৰ অধ্যক্ষৰো অতিৰিক্ত দায়িত্ব গ্রহণ কৰিব৷ আনহাতে, কৃষি বিভাগ আৰু ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষৰ দায়িত্বত থকা ড০ আশিস কুমাৰ ভুটানীকো বিশেষ মুখ্য সচিবৰ দায়িত্ব অর্পণ কৰা হৈছে৷ আনহাতে, কৈলাস চন্দ্র চমৰীয়াক অতিৰিক্ত মুখ্য সচিব হিচাপে মীন বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে৷ পার্ছনেল বিভাগে জাৰি কৰা আজিৰ নির্দেশনাত স্বাস্থ্য–পৰিকল্পনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পুৰোত্তম দাস যোশীক গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে দায়িত্ব অর্পণ কৰা হৈছে৷ অবিনাশ পুৰোত্তম দাস যোশীক নতুন দিল্লীৰ অসম ভৱনৰ অতিৰিক্ত প্রধান সচিবৰ দায়িত্ব অর্পণ কৰা হৈছে৷ এপিডিচিএলৰ অধ্যক্ষ আৰু পার্ছনেল বিভাগৰ প্রধান সচিব ড০ কৃষ্ণ কুমাৰ দ্বিবেদীক মুখ্যমন্ত্রীৰ প্রধান সচিব হিচাপে বদলি কৰা হৈছে৷ ইফালে, ডেপুটেচন সামৰি অসমলৈ উভতি অহা ড০ পি অশোক বাবুক স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্ব অর্পণ কৰা হৈছে৷ জলসিঞ্চন আৰু সাধাৰণ প্রশাসনৰ আয়ুক্ত সচিব, এম এছ মণিবন্ধনক পার্ছনেল বিভাগৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰা হৈছে৷ প্রধান সচিব তথা বিটিআৰৰ মুখ্য প্রশাসনিক বিষয়া আকাশদ্বীপৰ পৰা অন্য দায়িত্বসমূহ আঁতৰাই পেলোৱা হৈছে৷ ইফালে এপিডিচিএলৰ পৰিচালন সঞ্চালক আৰু মীন–আবকাৰী বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্বত থকা ৰাকেশ কুমাৰৰ পৰা আবকাৰী বিভাগৰ দায়িত্ব আঁতৰাই দিয়া হৈছে৷ ডেপুটেচন সামৰি উভতি অহা বীৰেন্দ্র মিট্টালক দায়িত্ব অর্পণ কৰা হৈছে সামাজিক সুৰক্ষা আৰু সবলীকৰণ, জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্ব৷ সামাজিক সুৰক্ষা আৰু সবলীকৰণৰ লগতে গৃহ–ৰাজনৈতিক বিভাগৰ সচিবৰ অতিৰিক্ত দায়িত্ব গ্রহণ কৰি থকা বিশ্বজিৎ পেগুক গৃহ–ৰাজনৈতিক বিভাগৰ সচিব ৰূপে বদলি কৰা হৈছে৷ আনহাতে, বিত্ত বিভাগৰ সচিবৰ দায়িত্বত থকা জিতু দলেক আবকাৰী বিভাগৰ সচিবৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰা হৈছে৷

You might also like