নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানৰ টয়লেটত বহিয়েই মুম্বাইৰ পৰা বেংগালুৰুলৈ যাত্ৰা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জানুৱাৰীঃ স্পাইচজেট এয়াৰলাইন্সৰ মুম্বাই-বাংগালুৰু বিমানখনৰ এজন যাত্ৰী ১.৩০ ঘন্টা ধৰি শৌচাগাৰত আবদ্ধ হৈ পৰে। কাৰিকৰী বিজুতিৰ বাবে টয়লেটৰ গেট খোলা নোখোৱাত যাত্ৰীজন নামিব পৰা নাছিল। বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখন অৱতৰণ কৰাৰ সময়ত গ্ৰাউণ্ড ষ্টাফে শৌচাগাৰৰ দুৱাৰ ভাঙি যাত্ৰীজনক উলিয়াই আনে। অৱতৰণৰ সময়তো শৌচাগাৰত আবদ্ধ হৈ থকাৰ বাবে অতিশয় বিচলিত হৈ পৰে ভুক্তভোগী যুৱতীগৰাকী। বিমানবন্দৰৰ সূত্ৰই জনোৱা মতে বিমানখনৰ শৌচাগাৰত আবদ্ধ হৈ পৰাৰ এই ঘটনা পোহৰলৈ আহিছিল বিমান নম্বৰ SG-268ত। এই স্পাইচজেট বিমানখনে মঙলবাৰে পুৱতিনিশা ২ বজাত মুম্বাই বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। শৌচাগাৰত আবদ্ধ হৈ থকা যাত্ৰীজনৰ তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। ইফালে স্পাইচজেটৰ মুখপাত্ৰই জনাইছে যে শৌচাগাৰত আবদ্ধ হৈ থকা ব্যক্তিজনক সম্পূৰ্ণ ধন ঘূৰাই দিয়া হৈছে। কেবিন ক্ৰুৱেও শৌচাগাৰৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰে। কিন্তু দুৱাৰখন খোলা নাছিল। লাভ কৰা তথ্য অনুসৰি বিমানখন উৰণৰ লগে লগে যাত্ৰীজনে ছীটবেল্ট খুলি শৌচাগাৰলৈ যায়। কিন্তু টয়লেটৰ দুৱাৰৰ বিজুতিৰ বাবে ভিতৰত আবদ্ধ হৈ পৰিল। লগতে যাত্ৰীগৰাকীয়ে শৌচাগাৰৰ ভিতৰৰ পৰা ক্ৰু সদস্যসকল আবদ্ধ হৈ থকাৰ সতৰ্কবাণী প্ৰেৰণ কৰে। ইয়াৰ পিছত ক্ৰু মেম্বাৰসকলে খৰখেদাকৈ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলে। কিন্তু দুৱাৰখন খোলা যোৱা নাছিল। ইয়াৰ পিছত যাত্ৰীজন ১.৩০ ঘন্টা ধৰি শৌচাগাৰৰ ভিতৰত আবদ্ধ হৈ থাকে। একে সময়তে যেতিয়া ক্ৰু মেম্বাৰসকলে অনুভৱ কৰিলে যে টয়লেটৰ দুৱাৰখন খোল নাযায়, তেতিয়া এগৰাকী এয়াৰ হোষ্টেজে কাগজ এখনত ডাঙৰ ডাঙৰ শব্দৰে লিখিলে, ‘ছাৰ, আমি দুৱাৰখন খুলিবলৈ বহুত চেষ্টা কৰিছো। কিন্তু আমি খুলিব পৰা নাই। চিন্তা নকৰিব, কিছু সময়ৰ পিছত আমি অৱতৰণ কৰিম। গতিকে কমোডৰ ঢাকনিখন পেলাই তাৰ ওপৰত বহি নিজকে সুৰক্ষিত ৰাখক। অৱতৰণ কৰাৰ লগে লগে অভিযন্তাসকলে আপোনাক সহায় কৰিব। এই কাগজখন তাৰ পিছত দুৱাৰৰ তলৰ পৰা যাত্ৰীজনৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল। মঙলবাৰে পুৱতিনিশা ৩.৪২ বজাত বেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰে স্পাইচজেটৰ বিমানখন। বিমানখন অৱতৰণ কৰাৰ লগে লগে অভিযন্তাসকলে তাত উপস্থিত হৈ দুৱাৰ ভাঙি যাত্ৰীজনক শৌচাগাৰৰ পৰা উলিয়াই আনিলে। লগে লগে যাত্ৰীজনক প্ৰাথমিক চিকিৎসাৰ বাবে লৈ যোৱা হয়। বিষয়াসকলে জনোৱা মতে, শ্বাসৰুদ্ধ হোৱাৰ বাবে ভুক্তভোগী যাত্ৰীজন স্তম্ভিত হৈ পৰে।

You might also like