নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ বিধানসভা নির্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰা ব্যাপক কুচকাৱাজৰ মাজতে অহা সপ্তাহত নির্বাচনৰ প্রস্তুতিৰ বুজ ল’বলৈ আহিব নির্বাচন আয়োগৰ দল৷ অসম, পশ্চিমবংগ, কেৰালা, পুডুচেৰী আদি ৰাজ্যত হ’ব লগা বিধানসভা নির্বাচনক লৈ ইতিমধ্যে প্রস্তুতি চলোৱা নির্বাচন আয়োগে কোন কোন ৰাজ্যত কেতিয়া আৰু কেইটা পর্যায়ত নির্বাচন অনুষ্ঠিত কৰা হ’ব, সেই সম্পর্কে কোনো ঘোষণা কৰা নাই যদিও নির্বাচন অনুষ্ঠিত হ’ব লগা ৰাজ্যসমূহত নির্বাচনৰ প্রাৰম্ভিক প্রস্তুতিক লৈ বিভিন্ন দিশ পর্যালোচনা কৰা আৰম্ভ কৰিছে৷ অহা ১২–১৩ জানুৱাৰীত অসম ভ্রমণ কৰিব লগা নির্বাচন আয়োগৰ দলটোৱে আগন্তুক বিধানসভা নির্বাচন সন্দর্ভত বিতং তথ্য সংগ্রহ কৰিব৷ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন কুমাৰ খাড়েই এই সন্দর্ভত জানিবলৈ দিয়া মতে, বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ পূর্বে অসমলৈ আহিব লগা আয়োগৰ দলটোৱে ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতিৰ লগতে আন কেতবোৰ বিশেষ দিশ পর্যালোচনা কৰিব৷ এই দিশবোৰ পর্যালোচনাৰ অন্তত অসমত কেইটা পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব, সেই সন্দর্ভত সিদ্ধান্ত ল’ব৷ মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে অহা ১২–১৩ জানুৱাৰীত নির্বাচন আয়োগৰ দলটো অসমলৈ অহাৰ কার্যসূচী আছে যদিও মাঘ বিহুৰ বাবে এই কার্যসূচীৰ কিছু সালসলনিৰ সম্ভাৱনা আছে৷ আয়োগৰ দলটোৱে ভ্রমণৰ সময়ছোৱাত প্রতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে আলোচনাত মিলিত হ’ব৷ সমান্তৰালভাৱে ৰাজনৈতিক দলসমূহৰ সৈতেও নির্বাচন সন্দর্ভত আলোচনাত বহাৰ সম্ভাৱনা আছে৷
ইফালে বিধানসভা নির্বাচনক লৈ চলি থকা প্রস্তুতিৰ মাজতে শেহতীয়াকৈ প্রকাশ পোৱা নতুন ভোটাৰ তালিকাত বহু ভোটাৰৰ নামৰ বিপৰীতে ফটো নথকা বিষয়টোক লৈ এক চর্চাৰ সৃষ্টি হৈছে৷ জিলা নির্বাচন বিষয়াসকলে তালিকাৰ শুধৰণি তথা নতুন ভোটাৰৰ নাম অন্তর্ভুক্ত কৰাৰ ক্ষেত্রত শেহতীয়াকৈ চলোৱা অভিযানৰ অন্তত বহু লোকে নিজৰ নাম শুদ্ধ কৰাৰ লগতে আন বহুতে নামৰ বিপৰীতে ফটো নথকা বাবে ফটো জমা দিছে৷ কিন্তু চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰিবলৈ প্রস্তুত হোৱা ৰাজ্যৰ মুখ্য নির্বাচন বিভাগে বহু লোকৰ নামৰ বিপৰীতে ফটো উপলব্ধ নোহোৱাত যথেষ্ট বিপাঙত পৰিছে৷ এই সন্দর্ভত মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই জানিবলৈ দিয়া মতে, ভোটাৰ তালিকাৰ প্রথমখন খচৰাত ১.৪৬ লাখ ভোটাৰৰ বিপৰীতে ফটো নাছিল৷ কিন্তু শেহতীয়াকৈ বি এল অ’, ই আৰ অ’ আদিসকলে চলোৱা প্রচাৰ অভিযানৰ পাছত ১.৩০ লাখ ভোটাৰৰ ফটো বিভাগে সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু এতিয়াও ১৬ হাজাৰ ভোটাৰৰ বিপৰীতে উপলব্ধ হোৱা নাই ফটো৷ সর্বাধিক ফটো নথকা ভোটাৰ আছে কামৰূপ (মহানগৰ)জিলাত৷ কামৰূপ (মঃ) জিলাৰ চাৰিটা সমষ্টি ক্রমে জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটীৰ চাৰিটা সমষ্টিৰ ভিতৰত ৬,৬০০গৰাকী ভোটাৰৰ বিপৰীতে নাই ফটো৷ উল্লেখ্য যে বিগত বর্ষৰ নৱেম্বৰৰ ১৮ তাৰিখে প্রথমখন ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্রকাশ পাইছিল৷ উক্ত তালিকা অনুসৰি ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা ২,২৪,৩৯,৫২২গৰাকী৷ ইয়াৰে ১,১৪,২৫,৭৪৮গৰাকী পুৰুষ আৰু ১,১০,১৩,৭৭৪গৰাকী মহিলা ভোটাৰ৷