নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনএইচএমৰ অধীনৰ সকলো কর্মচাৰীৰ চাকৰি ৬০ বছৰলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ  ৰাষ্ট্রীয় স্বাস্থ্য মিছনত কর্মৰত কর্মচাৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আজি মন্ত্রী পৰিষদৰ বৈঠকে সকলো কর্মচাৰীৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মঙলবাৰে অনুষ্ঠিত এই বৈঠকত সর্বশিক্ষা অভিযানৰ আর্হিৰে প্রতিগৰাকী কর্মচাৰীক আর্জিত ছুটীসহ ৬০ বছৰ বয়সলৈ চাকৰিকাল বৃদ্ধিত অনুমোদন জনোৱা হয়৷ আনহাতে আজিৰ বৈঠকত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা ৰূপে স্বীকৃতি দিয়া হয়৷ এতিয়াৰে পৰা সহযোগী ভাষা ৰূপে ব্যৱহূত হ’ব বড়ো ভাষা৷ মন্ত্রী পৰিষদৰ বৈঠকত দেৱনাগৰী লিপি বড়ো ভাষাক ৰাজ্যখনৰ সহযোগী চৰকাৰী ভাষা হিচাপে প্রৱর্তনৰ বাবে অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক উত্থাপনৰ বাবে অনুমোদন জনোৱা হয়৷ ইফালে, অসমমালা প্রকল্প আৰু বহিঃসাহায্যপ্রাপ্ত প্রকল্পসমূহৰ অধীনত ৰাজ্যিক ঘাইপথ আৰু জিলাসমূহৰ প্রধান পথসমূহৰ মেৰামতি তথা নির্মাণৰ বাবে ভূমি অধিগ্রহণৰ ক্ষেত্রত থকা জটিলতা আঁতৰোৱাৰ বাবে ভূমিৰ গৰাকীৰ পৰা বিভাগে পোনপটীয়াকৈ ভূমি ক্রয়ত অনুমোদন জনায়৷ আজিৰ বৈঠকে সমাজ কল্যাণ সঞ্চালকালয়ক দুটা ভাগত বিভক্ত কৰি মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয় আৰু সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয় গঠনত অনুমোদন জনায়৷ বৈঠকে আৰ আই ডি এফৰ ক্ষেত্রত নাবার্ডৰ পৰা ৯১ কোটি টকাৰ ঋণ গ্রহণত অনুমোদন জনায়৷ মন্ত্রী পৰিষদৰ বৈঠকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ, মটক স্বায়ত্তশাসিত পৰিষদ আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদ আইনৰ সংশোধনীৰ লগতে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠনত অনুমোদন জনায়৷ তদুপৰি কোকৰাঝাৰৰ সংগীত আৰু চাৰু–কলা মহাবিদ্যালয় আৰু যোৰহাটৰ অসম সত্রীয়া সংগীত মহাবিদ্যালয়ৰ চৰকাৰীকৰণত অনুমোদন জনায়৷ একেদৰে মন্ত্রী পৰিষদৰ বৈঠকে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত্ শিক্ষক হিচাপে কর্মৰত চিকিৎসকসকলৰ কেৰিয়াৰ প্রগ্রেছন স্কীমত অনুমোদন জনায়৷ আজি মন্ত্রী পৰিষদৰ বৈঠকে স্নাতক মহাবিদ্যালয়সমূহত্ লাইব্রেৰিয়ানৰ পদ প্রাদেশিকীকৰণৰ বাবে এখন বিধেয়ক উত্থাপনৰ প্রস্তাৱতো অনুমোদন জনায়৷ উল্লেখ্য যে যোৱা দেওবাৰে অনুষ্ঠিত হৈ যোৱা মন্ত্রী পৰিষদৰ বৈঠকত বিপিএফৰ তিনি মন্ত্রী ক্রমে প্রমীলাৰাণী ব্রহ্ম, ৰিহণ দৈমাৰী আৰু চন্দন ব্রহ্ম অনুপস্থিত আছিল যদিও আজিৰ বৈঠকত চন্দন ব্রহ্মৰ বাহিৰে বিপিএফৰ আন দুগৰাকী মন্ত্রী উপস্থিত থাকে৷
বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত
পৰিষদ গঠনৰ সিদ্ধান্তক আদৰণি ইউবিপি’ৰ
মন্ত্রী পৰিষদৰ বৈঠকে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠনৰ সিদ্ধান্তক আদৰণি জনাইছে ইউনাইটেড বড়ো পিপল্ছ অর্গেনাইজেচনে (ইউবিপি’)৷ এক বিবৃতিত সংগঠনটোৰ সাধাৰণ সম্পাদক অনিল বসুমতাৰীয়ে উল্লেখ কৰে যে ই এক ঐতিহাসিক সিদ্ধান্ত৷ যোৱা দীর্ঘদিন ধৰি বিটিচিৰ বাহিৰত থকা বড়ো কছাৰীসকলৰ বাবে স্বায়ত্ত শাসনৰ দাবী জনাই আহিছে ইউবিপি’ৱে৷ গঠন হ’ব লগা স্বায়ত্তশাসিত পৰিষদে বড়ো কছাৰীসকলৰ ৰাজনৈতিক তথা অর্থনৈতিক অধিকাৰ সুৰক্ষিত কৰিব৷ এই ঐতিহাসিক সিদ্ধান্তৰ বাবে ইউবিপি’ৱে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, প্রাক্তন সাংসদ বিশ্বজিৎ

You might also like