🔹 অসম-ৰ শিক্ষাখণ্ডক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা
বিশেষ বাৰ্তা, ২৭ এপ্রিল : অসমৰ শিক্ষাখণ্ডৰ আমূল পৰিৱর্তনৰ হকে একাধিক পদক্ষেপ গ্রহণ কৰা ৰাজ্য চৰকাৰে এইবাৰ গ্রামাঞ্চলত নিশাৰ বিদ্যালয় খোলাৰ সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি এই কথা সদৰী কৰি জানিবলৈ দিয়ে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্রিক)ৰ প্র–পত্র পূৰণৰ পিছতেই গ্রামাঞ্চলৰ স্কুল আৰু অংগনৱাড়ী কেন্দ্রত স্থাপন কৰা হ’ব নাইট স্কুল৷ মেট্রিক পৰীক্ষার্থীক চাৰি মাহৰ বাবে শিক্ষিত যুৱক–যুৱতীয়ে পঢ়ুৱাব পাৰিব৷
কালি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এক দলীয় অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রীগৰাকীয়ে কয়– অক্টোবৰ মাহত মেট্রিক পৰীক্ষাৰ প্র–পত্র পূৰণৰ পিছত ফেব্রুৱাৰী–মার্চ মাহলৈকে অসমৰ গাঁওসমূহত নৈশ বিদ্যালয় স্থাপন কৰা হ’ব৷ গাঁৱৰ স্নাতক বা স্নাতকোত্তৰ ডিগ্রীধাৰী যুৱক–যুৱতীয়ে মেট্রিকৰ শিক্ষার্থীক একত্রিত কৰি বিশেষ পাঠদানৰ ব্যৱস্থা কৰিব পাৰিব৷ এইক্ষেত্রত কোনোবাই ইয়াক টিউচন বুলি ক’লেও এয়া টিউচন নহ’ব৷ কিয়নো গ্রীষ্মকালীন শিবিৰসমূহতো এইধৰণৰ পাঠদান কৰা হয়৷ এই নাইট স্কুলত বিদ্যালয়ৰ পাঠদানৰ পিছত যিসমূহ বিষয় ছাত্র–ছাত্রীৰ বাবে আধৰুৱা হৈ থাকে বা কোনো বিষয় যদি ভালকৈ বুজি উঠা নাই সেই বিষয়সমূহ পঢ়োৱা হ’ব৷ ইয়াৰ বাবে প্রতিজন মেট্রিকৰ প্রার্থীক ৩০০ টকাকৈ প্রদান কৰা হ’ব৷ যিসকল যুৱক–যুৱতীয়ে পাঠদান কৰাব, তেওঁলোকক ৰাজ্য চৰকাৰে প্রত্যক্ষভাৱে অথবা ছাত্র–ছাত্রীৰ জৰিয়তে মাননি আগবঢ়াব৷ অৱশ্যে এই সিদ্ধান্ত পৰৱর্তী সময়ত গ্রহণ কৰা হ’ব৷ সন্ধিয়া ৬ বজাৰ পৰা নিশা ৯ বজালৈ এই পাঠদান চলিব৷
মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে বিদ্যালয়ত বিনামূলীয়া নামভর্তিৰ ক্ষেত্রত পূর্বে শিক্ষার্থীসকলে বিভিন্ন প্রমাণ–পত্র দাখিল কৰিব লাগিছিল৷ কিন্তু এইবাৰ কেৱল ৰেচন কার্ডেৰেই বিনামূলীয়া নামভর্তি কৰিব পাৰিব ছাত্র–ছাত্রীসকলে৷ ইতিমধ্যে এই সন্দর্ভত ৰাজ্যিক কেবিনেটে গ্রহণ কৰিছে সিদ্ধান্ত৷ অর্থাৎ এতিয়াৰে পৰা বিনামূলীয়া নামভর্তিৰ বাবে অন্য প্রমাণ–পত্র বিশেষকৈ গাঁওপ্রধান আৰু মৌজাদাৰৰ প্রমাণ–পত্রৰ প্রয়োজন নহ’ব৷
এই অনুষ্ঠানতে মুখ্যমন্ত্রীগৰাকীয়ে গ্রামাঞ্চলৰ শিক্ষানুষ্ঠানসমূহক আটকধুনীয়া কৰাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰাৰ কথা উল্লেখ কৰে৷ তেওঁ কয়– অহা ৪–৫ বছৰৰ ভিতৰত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি নির্মাণৰ বাবে ৮ কোটি টকাকৈ ব্যয় কৰা হ’ব৷ ইতিমধ্যে ৫০০খন বিদ্যালয় নির্মাণৰ কাম আৰম্ভ হৈছে৷ ৰাজ্য চৰকাৰে ৪ হাজাৰখন বিদ্যালয় নির্মাণ কৰিব আৰু ইয়াৰ বাবদ ব্যয় কৰিব ৩০ হাজাৰ কোটি টকা৷
মুখ্যমন্ত্রী ড০ শর্মাই লগতে ইয়াকো উল্লেখ কৰে যে ৰাজ্যৰ অংগনৱাড়ী কেন্দ্রসমূহ নতুনকৈ নির্মাণৰ বাবে ২৫ লাখ টকাকৈ অনুদান দিয়া হৈছে৷ ইতিমধ্যে ৫ হাজাৰ অংগনৱাড়ী কেন্দ্র নতুনকৈ নির্মাণ কৰা হৈছে৷ সর্বমুঠ ৫০ হাজাৰ অংগনৱাড়ী কেন্দ্রৰ আন্তঃগাঁথনি এনেদৰে উন্নয়ন কৰা হ’ব৷ এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই গ্রামাঞ্চলৰ পথ উন্নয়নৰ ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি উল্লেখ কৰে৷ সেই অনুসৰি এমজি এনৰেগা আৰু ৰাজ্য চৰকাৰ স্ব–গ্রাধিকাৰ পুঁজি এই দুয়োটা একেটা পটভূমিলৈ আনি বাট–পথসমূহৰ নির্মাণ ক্ষিপ্রতাৰে কৰিব পৰা যাব৷ লোকনির্মাণ বিভাগে পথ নির্মাণৰ সামগ্রী যোগান ধৰিলে আৰু এমজি এনৰেগাৰ জৰিয়তে শ্রমিকে কাম কৰিলে কম সময়ৰ ভিতৰতে ৰাজ্যৰ গ্রামাঞ্চলৰ অধিক পথ নির্মাণ হ’ব৷ ইতিমধ্যে জিলা আয়ুক্ত সন্মিলনত এই বিষয়টো আলোচনা হোৱাৰ লগতে এমজি এনৰেগা আৰু লোকনির্মাণ বিভাগৰ এছঅ’পিডি একে আওতালৈ অনাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিছে৷
অমৃত সৰোবৰ আঁচনিখন ৰূপায়ণৰ ক্ষেত্রত পূর্বে এই ব্যৱস্থা গ্রহণ কৰা হৈছিল৷ এমজি এনৰেগাৰ ৩০ শতাংশ আৰু ৰাজ্য চৰকাৰৰ ৭০ শতাংশ পুঁজিৰে অমৃত সৰোবৰ আঁচনিখন ৰূপায়ণত যথেষ্ট সফলতা লাভ কৰিব পৰা গৈছিল৷