অসম বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশমতে ৯ গৰাকী নেতাক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাৰণ এই লোকসকলে বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। বহিষ্কৃত নেতাসকল হল ক্ৰমে

উদ্ধৱ দাস- বৰপেটা বিধানসভা সমষ্টি
জয়ন্ত কুমাৰ দাস- দিছপুৰ বিধানসভা সমষ্টি
জিতেন্দ্ৰসিং গৌৰ- কলিয়াবৰ বিধানসভা সমষ্টি
অমলেন্দু দাস- বৰখলা বিধানসভা সমষ্টি
ধনজিৎ ৰাভা- গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি
চক্ৰধৰ দাস- বঙাইগাঁও বিধানসভা সমষ্টি
গগন চন্দ্ৰ হালৈ- বৰপেটা বিধানসভা সমষ্টি
অংকুৰ দাস- কমলপুৰ বিধানসভা সমষ্টি
যশোদা দুলাল ৰক্ষিত- লামডিং বিধানসভা সমষ্টি
৬ বছৰৰ বাবে এই নেতাসকলৰ সকলো বিজেপিৰ পদ আৰু সদস্যপদ স্থগিত কৰা হৈছে। সিদ্ধান্তৰ পাছত বিজেপিৰ শৃংখলা আৰু প্ৰাৰ্থীসমূহৰ প্রতি আনুগত্য বঢ়োৱাৰ উদ্দেশ্য প্ৰকাশ কৰা হৈছে।
ডিজিটেল ডেস্ক, ২৭ মাৰ্চ