উকা হৈ পৰিল নিপন গোস্বামীৰ তেজপুৰৰ ওপজা ঘৰখন
মহানায়কৰ মহাপ্রয়াণত শোকাহত সাংস্কৃতিক নগৰী তেজপুৰবাসী
নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ: তেজপুৰৰ ওপজা ঘৰখনলৈ আৰু কেতিয়াও উভতি নাহে ডক্তৰ বেজবৰুৱাৰ নায়কজন৷ অকল জন্মস্থান তেজপুৰৰে নহয়, এসময়ত ধুবুৰীৰ পৰা শদিয়ালৈ শত সহস্র যুৱতী–মহিলাৰ নয়নৰ মণি সেই সুদর্শন যুৱকজন আজি চিৰনিদ্রাত৷ নটসূর্য ফণী শর্মাৰ আঙুলিত ধৰি ‘পিয়লি ফুকন’ বোলছবিত অভিনয়ৰ পাতনি মেলি পৰৱৰ্তী সময়ত অসমৰ কেৱল চিনেমা জগতেই নহয়, সামাজিক–সাংসৃকতিক জীৱনৰ সবাতোকৈ ‘হেণ্ডচাম’ যুৱক হিচাপে পৰিচিতি লাভ কৰা নিপন গোস্বামীৰ দেহাৱসানে স্বাভাৱিকতে শোকাহত কৰি তুলিছে সাংস্কৃতিক নগৰী তেজপুৰবাসীক৷
উকা হৈ পৰিল তেজপুৰৰ কলিবাৰীৰ তেওঁৰ ওপজা ঘৰখন৷ ১৯৪২ চনৰ ৩ ছেপ্ঢেম্বৰত তেজপুৰ কলিবাৰীৰ সংস্কৃতিৱান পৰিয়ালত জন্মগ্রহণ কৰা আৰু অসমীয়া চলচ্চিত্র জগতৰ মহীৰূহগৰাকীয়ে জন্মসূত্রেই পিতৃ মঞ্চকোঁৱৰ চন্দ্রধৰ গোস্বামীৰ জৰিয়তে লাভ কৰিছিল দুৰন্ত অভিনয় প্রতিভা৷ ৭–৮ বছৰ বয়সতে ‘লাচিত বৰফুকন’ নামৰ নাটকত অভিনয় কৰি দক্ষতাৰ পৰিচয় দিয়াৰ পিছৰ পৰা তেওঁ যেন আৰু পিছলৈ উভতি চাব লগা হোৱা নাছিল৷ স্নাতক ডিগ্রী গ্রহণ কৰাৰ পিছতেহ পুনেৰ ভাৰতীয় চলচ্চিত্র আৰু দূৰদর্শন প্রতিষ্ঠানত শিক্ষাগ্রহণৰ বাবে ঢাপলি মেলা নিপন গোস্বামীয়ে সংগ্রাম, ডক্তৰ বেজবৰুৱা, শেষ বিচাৰ, আজলী নবৌ, ককাদেউতা নাতি আৰু হাতী, নয়নমণি, জীৱন সুৰভি, প্রতিমা, শকুন্তলা আৰু শংকৰ জোচেফ আলী, দূৰণিৰ ৰং, চিৰাজ, ব’হাগৰ দুপৰীয়াকে ধৰি শতাধিক চলচ্চিত্রত দক্ষতাৰে অভিনয় কৰি অসমীয়া দর্শকৰ হূদয় জিনিবলৈ সক্ষম হৈছিল৷
পুনেত সুভাষ ঘাহ, শত্রুঘ্ণ সিন্হা, নবীন নিশ্চল, জালাল আগা, ৰাকেশ পাণ্ডে আদিক সহপাঠী হিচাপে পোৱা তেজপুৰ কলিবাৰীৰ বিখ্যাত বাসগৃহটিৰ পৰাই অভিনয় ক্ষেত্রখনত একাণপতীয়াকৈ লাগি পৰা এইগৰাকী অতি জনপ্রিয় অভিনেতাই তেজপুৰ কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা প্রাথমিক শিক্ষা, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা আৰু দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল৷ অসমীয়া চলচ্চিত্রৰ লগতে কহিনুৰ, আৱাহন, হেঙুল, শকুন্তলা আদি ভ্রাম্যমাণ থিয়েটাৰতো অভিনয় কৰা নিপন গোস্বামীৰ ভ্রাম্যমাণৰ মঞ্চত ‘অসীমত যাৰ হেৰাল সীমা’ নাটকখনত চন্দনৰ চৰিত্রৰ অভিনয়ৰ সাৱলীলতা আজিও দর্শকৰ অন্তৰত সাঁচ বহি আছে৷