নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ কর্মস্থানত নিজৰ মতামত প্রকাশ নকৰা ভাল হ’ব৷ স্ত্রীৰ ব্যৱহাৰে আপোনাক মনত আঘাত দিব পাৰে৷ পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
বৃষ ঃ ঘৰুৱা দিশত অশান্তি হ’ব পাৰে৷ দিনৰ ভাগত ব্যৱসায়ত কিছু আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়৷ স্ত্রীৰ লগত তর্ক নকৰাই ভাল হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
মিথুন ঃ ভাল ব্যৱহাৰৰ দ্বাৰা অন্য মানুহক প্রভাৱিত কৰিব পাৰে৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ আজি দিনটো শুভ দিন৷ প্রেমত শুভ ফল৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮৷
কর্কট ঃ সন্তানৰ বাবে খৰচ বাঢ়িব পাৰে৷ মা–দেউতাৰ শৰীৰক লৈ চিন্তা বাঢ়িব৷ ব্যৱসায়িক দিশত বিশেষ লাভৰ শুভ যোগ দেখা যায়৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
সিংহ ঃ ঘৰৰ পৰা দূৰৰ ভ্রমণত যোৱাৰ আলোচনা হ’ব পাৰে৷ পৰাপক্ষত বিদ্যার্থীসকলে পঢ়া–শুনাত গুৰুত্ব দিয়ক৷ প্রেমত দিশত বাধা দেখা যায়৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷
কন্যা ঃ বিদ্যার্থীসকলৰ বাবে নতুন পথ খুলিব পাৰে৷ ব্যৱসায়িক দিশত অশান্তি দেখা যায়৷ আপোনাৰ ব্যৱহাৰে কর্মস্থানত আপোনাক লাভান্বিত কৰিব পাৰে৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮৷
তুলা ঃ অর্থনৈতিক সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ আপোনাৰ দ্বাৰা যিটো কাম সম্ভৱ নহয়, সেইটো কাম আৰম্ভ নকৰিব৷ শত্রুৰ পৰা সাৱধান হওক৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৫৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৫৷
বৃশ্চিক ঃ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে৷ সন্তানৰ শুভ কর্মৰ বাবে সমাজৰ আগত সন্মানিত হ’ব৷ উচ্চ শিক্ষাৰ শুভ ফল৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৯৷
ধনু ঃ বিদ্যার্থীসকলৰ বাবে শুভ ফল৷ পৰাপক্ষত টকা–পইচাৰ লেনদেনৰ নিজৰ হাতেৰে কৰিব৷ আজি নিজৰ সুবিধাৰ বাবে কোনো কাম আৰম্ভ কৰিব পাৰে৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৪৷
মকৰ ঃ যান–বাহন চলোৱা লোকসকলে আজি দিনটো সাৱধানে গাড়ী মটৰ চলাব৷ বিপদ হ’ব পাৰে৷ প্রেমত শুভ ফল৷ ব্যৱসায়ৰ দিশত অশান্তি হ’ব পাৰে৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৫৷
কুম্ভ ঃ ঘৰত খৰচৰ বাবে সঞ্চয় কম হ’ব পাৰে৷ ভাল কোনো কামৰ বাবে সুনাম বাঢ়িব পাৰে৷ ঘৰলৈ আত্মীয় অহাৰ সম্ভাৱনা দেখা যায়৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ৪৷
মীন ঃ ঘৰৰ পৰা কিছু মূল্যৱান বস্তু হেৰুৱাব পাৰে৷ স্বাস্থ্যৰ বাবে খৰচ বৃদ্ধি হ’ব৷ ভ্রমণৰ দিশত শুভ ফল৷ প্রেমত বাধা দেখা যায়৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷

You might also like