নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিহুত বিদ্যালয় আৰু অংগনাবাদী কেন্দ্ৰৰ আন্তঃগাথঁনি উন্নয়নৰ ৩১ আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

নিয়মীয়া বাৰ্তা, ২১,মেঃ এখন সমাজ অকল বিধায়ক, মন্ত্ৰী বা পঞ্চায়ত প্ৰতিনিধিয়ে সুন্দৰ কৰি গঢ়ি তোলা সম্ভৱ নহয়, ইয়াৰ বাবে জনসাধাৰণৰ সহযোগিতা অতি প্ৰয়োজন। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি কৰ্ম সংস্কৃতি গঢ় দিবলৈ প্ৰয়াস কৰিছে তাৰ ফলস্বৰূপে আমাৰ পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰী সকলৰ  সহযোগিতাত আমি পচিশ মাহত প্ৰায় ছয় লাখ পঞ্চাশ হাজাৰ ঘৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছো। । সেই দিশৰ পৰা আমি বিদ্যালয় আৰু অংগনাবাদী কেন্দ্ৰৰ আন্তঃগাথঁনি উন্নয়ন কৰিবলৈ যাওতে বিদ্যালয় বা অংগনাবাদী কেন্দ্ৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগিতা পালে এই ক্ষেত্ৰতো নিশ্চয়কৈ সফলতা লাভ কৰিব পাৰিম । আজি টিহুৰ ঐতিহ্যমণ্ডিত মহাত্মা গান্ধী ভৱনত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনৰ বিদ্যালয় আৰু অংগনাবাদী কেন্দ্ৰ আন্তঃগাথঁনি উন্নয়নৰ বাবে ৪২ লাখ টকা ব্যয় সাপেক্ষে ৩১টা আঁচনি শুভাৰম্ভ কৰি এইদৰে কয়‌ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। টিহু উন্নয়ন খণ্ডৰ কৰ্মচাৰী অতুল বৰ্মনে আতঁধৰা সভাখনত শুভেচ্ছামূলক বক্তৱ্য দিয়ে নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনে। নলবাৰী জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া মুন গগৈ, টিহু ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া উপাসনা ডেকা, টিহুৰ খণ্ড উন্নয়ন বিষয়া বিকাশ ৰয়, বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ প্ৰতিনিধি জীৱেশ্বৰ স্বৰ্গীয়াৰী, ভিজিলেঞ্চ আৰু মনিটৰিং কমিটিৰ সদস্য মাধৱ শৰ্মা আৰু জ্যোতিষ শৰ্মা আদি উপস্থিত থকা সভাখনত টিহু বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক‌ আৰু পৰিচালনা সমিতিৰ সভাপতি, বিভিন্ন অংগনাবাদী কেন্দ্ৰৰ কৰ্মী আৰু পৰিচালনা সমিতিৰ সভাপতি, টিহু উন্নয়ন খণ্ডৰ কৰ্মচাৰী তথা পঞ্চায়ত প্ৰতিনিধিসকলৰ লগতে ভালেসংখ্যক স্থানীয় বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

গুণজিৎ কলিতা/টিহু

You might also like