নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশ চলাবলৈ নৰেন্দ্ৰ মোদীৰ বিকল্প নাই : মন্ত্ৰী পীয়ূষ হাজৰীকা

👉’অসমত দুখীয়া মানুহে চৰকাৰী চাকৰি পোৱাৰ পৰিৱেশ আনি দিছে বিজেপি চৰকাৰে’

👉’বিটিআৰৰ উন্নয়নৰ বাবে আমি বছৰত ৪০ কোটি, ৫০ কোটি টকাকৈ দিওঁ’

👉’আঢ়ৈ বছৰত প্ৰায় ৩০০ কোটি টকা বানপানীৰ বাবে মোকাবিলা কৰিবলৈ দিছো’

👉কোকৰাঝাৰত বিধানসভা সমষ্টি ভিত্তিত আয়োজিত বিশাল জনসভাত মন্ত্ৰী পীযুষ হাজৰীকা

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰঃ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ৩নং কোকৰাঝাৰ আৰু ৪নং বাওখুংগ্ৰী বিধানসভা সমষ্টি ভিত্তিত আয়োজিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে। বিশাল জনসভাত ভাষণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে আজিৰ পৰা আঢ়ৈ বছৰ আগতে যেতিয়া অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰতিশ্ৰুতি দাঙি ধৰাৰ কথা উল্লেখ কৰে। সেই প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত এটা আছিল যদি বিজেপি শাসনলৈকে পুনৰ আহে, তেন্তে তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ টকাখিনি পৰ্যায়ক্ৰমে বঢ়াই দিব আৰু অৰুণোদয় পৰিয়ালক ২৫ লাখ, ২৬ লাখ, ৩২ লাখলৈকে পৰ্যায়ক্ৰমে লৈ যাব। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে আৰু ঘোষণা কৰিছিল যে যদি বিজেপিৰ চৰকাৰ হয়, অসমত ১ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ ব্যৱস্থা কৰিব। মহিলাসকলক মাক্ৰফাইনেন্সৰ ঋণৰ পৰা মুক্তি দিব। ভাষণত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে। একেদৰে অৰুণোদয় আঁচনিৰ ধনো ১,২৫০ টকালৈ বৃদ্ধি কৰা হয় আৰু এই ধন ১,৪৫০ টকালৈ শীঘ্ৰে বৃদ্ধি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে আমি অৰুণোদয় আৰম্ভ কৰিছিলো ২১ লাখ জনসাধাৰণক লৈ আৰু আজিৰ তাৰিখত ২৭ লাখ পৰিয়ালে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে। অহা দুটা বছৰত আৰু ৭ লাখ, ৬ লাখ মানুহক অৰুণোদয় দি অসমৰ মানুহক সেৱা কৰিম বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে। আনহাতে, প্ৰতিশ্ৰুতি দিয়া অনুসৰি যোৱা দুটা বছৰত ৮৭ হাজাৰ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ কথা মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। আগন্তুক আঢ়ৈ বছৰত আৰু ৪৫ হাজাৰ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। আৰু ৩০ হাজাৰতকৈ বেছি নিবনুৱাক চাকৰি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সভাত ঘোষণা কৰে। অসমৰ ৰাইজৰ কাৰণে সেৱাৰ মনোভাৱ থকাৰ বাবে এই কাম কৰি যাব বুলি মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখ্য যে, কোকৰঝাৰৰ ২৫ জন ল’ৰাই এইবেলি এচিএছৰ মেইনছ ক্লীয়াৰ কৰিছে। এই প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ চৰকাৰ থকা সময়ত, কোকৰাঝাৰত বি পি এফৰ চৰকাৰ থকা সময়ত এপিএছ, এচিএছৰ এটা এটা চাকৰিৰ দাম উঠিছিল ৫০ লাখ, ৭০ লাখ টকা। আমাৰ দুখীয়া ল’ৰা-ছোৱালীয়ে চাকৰি নাপাইছিল। কিন্তু এই দুখীয়া মানুহে চৰকাৰী চাকৰি পোৱাৰ এটা পৰিৱেশ আনি দিছে বিজেপি চৰকাৰে, ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে যোৱা ৭ বছৰত অসমত ১৮ খন মেডিকেল কলেজ হৈছে। কংগ্ৰেছ ৭০ বছৰে শাসনত থকাৰ পিছতো অসমত মেডিকেল কলেজ আছিল মাত্ৰ ৭খন। আমি ৭ বছৰ অসম চলালো, এই ৭ বছৰত মেডিকেল কলেজ বনালো ১৮ খন। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক দিলে এখন এইমছ। গুৱাহাটীত আমি এইমছ বনালো। এইদৰে আমি ৰাইজৰ কাৰণে কাম কৰিছো, এইদৰে আমি ৰাইজৰ সেৱা কৰিছো বুলি কয় মন্ত্ৰী পীষুষ হাজৰীকাই। বিটিআৰৰ ৰাস্তা-ঘাটৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা দুবছৰৰ আগলৈকে বিটিআৰৰ ৰাস্তা-পথৰ অৱস্থা বেয়া আছিল। বিটিআৰৰ উন্নয়নৰ টকাবিলাক খাই পেলাইছিল। কোনে খাই পেলাইছিলে আপোনালোক ভালদৰে জানে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া আৰু সেই পৰিৱেশ নাই, বিটিআৰৰ এটা এটা সমষ্টিৰ উন্নয়নৰ বাবে আমি ৪০ কোটি, ৫০ কোটি টকাকৈ বছৰত ৰাস্তা বনাবলৈ টকা দিওঁ। তাৰ উপৰি মুখ্যমন্ত্ৰীৰ গুড উইল মিছনৰ যোগেদি আৰু ৫০০ কোটি টকা দিছো বিটিআৰত ৰাস্তা বনাবলৈ। জলসম্পদ বিভাগৰ মন্ত্ৰী হিচাপে মন্ত্ৰীগৰাকীয়ে বিটিআৰত বানপানী প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত পুঁজিৰ আবণ্টন দিয়াৰ কথাও উল্লেখ কৰে। মাত্ৰ ১৮ কোটি টকাৰে বিটিআৰত জলসম্পদৰ কাম কৰা কোনোপধ্যে সম্ভৱ নহয়। তেওঁ কয় যে চুক্তি মতে, আমি বিটিআৰক ডাইৰেক্ট ধন দিব নালাগে যদিও মই নিয়ম ভংগ কৰি যোৱা আঢ়ৈটা বছৰত প্ৰায় ৩০০ কোটি টকা অসম চৰকাৰৰ পৰা বানপানীৰ বাবে মোকাবিলা কৰিবলৈ দিছো। বানপানী নিৰ্মূল কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰায় ৪৫০ কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বড়ো বসতিপ্ৰধান গাঁওসমূহ বিটিআৰত অন্তৰ্ভুক্ত কৰি দিয়াৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে গহপুৰ অঞ্চলত এতিয়ালৈকে ৪১ খন গাঁও বিটিআৰত সুমুৱাই দিলো আৰু এই কাম চলি থাকিব। মন্ত্ৰী হাজৰীকাই নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবলৈ বিজেপিৰ মিত্ৰশক্তিৰ যি প্ৰাৰ্থী হয় তাকেই ভোট দিবলৈ অনুৰোধ জনায়। তেওঁ কয় যে নৰেন্দ্ৰ মোদী যদি প্ৰধানমন্ত্ৰী নহয়, তেন্তে ভাৰতবৰ্ষৰ উন্নতি নাই। দেশ চলাবলৈ নৰেন্দ্ৰ মোদীৰ বাহিৰে দ্বিতীয়জন যোগ্য ব্যক্তি নাই বুলি তেওঁ ভাষণ উল্লেখ কৰে।

#বাৰ্তা ডেস্ক

You might also like