নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইগাৰ-৩ৰ উপাৰ্জনৰ গতি ক্ৰমান্বয়ে স্তব্ধ

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰঃ বলীউডৰ ছুপাৰষ্টাৰ অভিনেতা ছলমান খানৰ ছবি ‘টাইগাৰ ৩’-এ প্ৰথম অৱস্থাত বক্স অফিচত অতি সফলতা লাভ কৰিছিল। কিন্তু এতিয়া ইয়াৰ উপাৰ্জন ক্ৰমাগতভাৱে হ্ৰাস পাইছে। শেহতীয়াকৈ ছবিখনৰ একাদশ দিনৰ কালেকচন প্ৰকাশ পাইছে। যিটো যথেষ্ট হতাশাজনক। দ্বিতীয় বুধবাৰ অৰ্থাৎ মুক্তিৰ ১১ দিনৰ দিনা ছবিখনে কিমান উপাৰ্জন কৰিছে ৪ কোটি টকা। ছলমান খানৰ ছবি ‘টাইগাৰ ৩’ৰ উন্মাদনা ক্ৰমান্বয়ে অনুৰাগীৰ মাজত কমি আহিছে। ছবিখনৰ বক্স অফিচ সংগ্ৰহই এই কথাৰ সাক্ষ্য দিছে। টাইগাৰ ৩ মুক্তি পোৱাৰ ১১ দিন হ’ল। Sacnilk ৰ মতে, ছবিখনে ১১ তাৰিখে মাত্ৰ ৩.৯৯ টকাৰ ব্যৱসায় কৰিছে। এই উপাৰ্জন ছলমান আৰু তেওঁৰ অনুৰাগীৰ বাবে এক ডাঙৰ আঘাত। এই উপাৰ্জনৰ পিছত ছবিখনৰ মুঠ সংগ্ৰহ মাত্ৰ ২৪৭.৯৪হে হৈছে। আনহাতে ছবিখনৰ বাজেট আছিল ৩০০ কোটি টকা। ছবিখনৰ কথা ক’বলৈ গ’লে এইবাৰ টাইগাৰ ছবিখনত অৰ্থাৎ ছলমান খানক নিজৰ ব্যক্তিগত যুদ্ধত যুঁজি থকা দেখা গৈছে। তেওঁৰ লগতে ছবিখনত কেটৰিনা কাইফ আৰু ইমৰান হাছমীয়েও শক্তিশালী চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত ইমৰান হাছমীয়ে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে।‘টাইগাৰ ৩’ৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে প্ৰথম দিনাই ৪৪.৫০ কোটি টকাৰ উৎকৃষ্ট সংগ্ৰহ লাভ কৰিছিল। দ্বিতীয় দিনা এই সংখ্যা ৫৯.২৫লৈ বৃদ্ধি পালে। তৃতীয় দিনা ৪৪.৩০ টকা, চতুৰ্থ দিনা ২১.১ কোটি টকা আৰু পঞ্চম দিনা ১৮.৫ কোটি টকা, ষষ্ঠ দিনত ১৩.২৫ টকা, সপ্তম দিনত ১৮.৫ টকা, অষ্টম দিনত ১০.৫ টকা, ৭.৩৫ টকা সংগ্ৰহ কৰে ছবিখনে নৱম দিনত আৰু দশম দিনত ৬.৫ কোটি টকা। অৱশ্যে বিশ্বব্যাপী সংগ্ৰহত ছবিখনে ভাল ব্যৱসায় কৰি আছে। মাত্ৰ ১০ দিনতে ৪০০ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে।

#বাৰ্তা ডেস্ক

You might also like