জামিন বিচাৰি পুনৰ মুখ থেকেচা বিশাল-চুমি-তার্কিকৰ
বিশেষ বাৰ্তা, ২ ডিচেম্বৰঃ পুনৰ আদালতত মুখঠেকেচা খালে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰীলছ ৰানী চুমি বৰা, বিশাল ফুকন আৰু চুমিৰ স্বামী তাৰ্কিক বৰা। ডিব্ৰুগড় সত্ৰ ন্যায়ধীশৰ আদালতে তিনি অভিযুক্তৰ জামিন আবেদন নাকচ কৰে।ডিব্ৰুগড় বৰবৰুৱা থানাত ৰুজু হোৱা ৮৫/২৪ নম্বৰৰ গোচৰটোত জামিন বিচাৰি তিনি অভিযুক্তৰ অধিবক্তাই ডিব্ৰুগড় আদালতত আবেদন কৰিছিল। আনহাতে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তিনি অভিযুক্তৰে কেচ ডায়েৰী তদন্তকাৰী আৰক্ষী বিষয়াই ডিব্ৰুগড় আদালতত জমা দিছিল। তিনি অভিযুক্তৰ অধিবক্তাই আদালতত জনোৱা জামিন আবেদনৰ শুনানীত নাকচ কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, চুমি, তাৰ্কিক আৰু বিশালৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি বৰুৱা উপাধিৰ এগৰাকী মহিলাই বৰবৰুৱা থানাত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰখনৰ ভিত্তিত বৰবৰুৱা আৰক্ষীয়ে ৮৫/২৪ নম্বৰৰ গোচৰ ৰুজু কৰিছিল। আনহাতে ২৪ ছেপ্তেম্বৰত বৰবৰুৱা আৰক্ষীয়ে চুমি, বিশাল আৰু তাৰ্কিকক আদালতৰ পৰা এদিনৰ জিন্মাত লৈ মাৰাথান জেৰা চলোৱা হৈছিল। অভিযোগ অনুসৰি ১ লাখ টকা বিশালৰ হাতত ২০২১ চনতে জমা থৈছিল ভুক্তভোগী মহিলাগৰাকী।৩০ শতাংশ লাভাংশ দিয়াৰ নামত বিশাল এণ্ড গেঙে প্ৰলোভন দিছিল মহিলা গৰাকীক। কিন্তু এই বৰ্ষত জমা থোৱা ধনখিনি উলিয়াব বিচৰাত বিশালে টকাখিনি উভতাই নিদিলে। ফলত তিনি অভিযুক্তৰ বিৰুদ্ধে গোচৰ তৰিছিল ভুক্তভোগী মহিলাগৰাকীয়ে।
প্ৰেৰক বিভাস দুৱৰা