নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বাসঘাতকৰ লগত মিত্রতা লজ্জাজনক

মই সভাপতি হৈ থকালৈ হাগ্রামাৰ বাবে দুৱাৰ বন্ধঃ ৰঞ্জিত কুমাৰ দাস

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ বিটিচি নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে প্রচাৰ অভিযান৷ সমান্তৰালভাৱে আৰম্ভ হৈছে চৰকাৰ গঠনৰ সমীকৰণ৷ ১৭ বছৰে বিটিচিৰ শাসনত থকা হাগ্রামা মহিলাৰীক ওফৰাই এইবাৰ শাসনৰ বাঘজৰী ল’বলৈ নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ কৰিছে বিজেপিয়ে৷ ইয়াৰ অংশ হিচাপে বিটিচিৰ ১৪টা সমষ্টিত নির্দলীয় প্রার্থীক সমর্থন দিব বুলি মঙলবাৰে ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ এখন নির্বাচনী সভাত অংশগ্রহণৰ পিছত সংবাদ মাধ্যমেৰে হোৱা বার্তালাপত ৰাজ্যিক বিজেপিৰ সভাপতিজনে কয়– ‘বিটিচি নির্বাচনৰ ২৬টা সমষ্টিত আমি প্রার্থী দিছোঁ৷ আন ১৪টা সমষ্টিত আমি নির্দলীয় প্রার্থীক সমর্থন জনাম৷ ইতিমধ্যে শ্রীৰামপুৰত আমি নির্দলীয় প্রার্থীক সমর্থন দিছোঁ৷ আন ১৩টা সমষ্টিত আমি সমর্থন কৰা নির্দলীয় প্রার্থীৰ নাম আনুষ্ঠানিকভাৱে প্রকাশ কৰা হ’ব৷’ ইফালে, হাগ্রামা মহিলাৰী নেতৃত্বধানী বিপিএফৰে মিত্রতা ভংগ কৰা সন্দর্ভত পুনৰ প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে আগন্তুক বিধানসভা নির্বাচনত বিটিচিৰ অন্তর্গত ১২টা সমষ্টিত বিজেপিয়ে নিজাববীয়াকৈ প্রার্থী দিব৷ বিপিএফেৰে যে পুনৰ কোনো কাৰণত মিত্রতা নহয়, সেয়া নিশ্চিত হৈছে৷ তেওঁ সভাপতি হৈ থকালৈ হাগ্রামাৰ দুৱাৰ বন্ধ বুলিও তেওঁ মন্তব্য কৰে৷ মিত্রতাত থাকিও হাগ্রামা মহিলাৰীয়ে মিত্রতাৰ ধর্ম পালন কৰা নাই বুলি উল্লেখ কৰি দাসে পুনৰ কয়– ‘বিটিচিত আমাৰ নিজাকৈ মাত্র এজনেই এমচিএলএ আছে৷ বিপিএফৰ তিনিজন মন্ত্রী চৰকাৰত আছে৷ গতিকে একমাত্র এমচিএলএজনক কার্যবাহী সদস্যৰ পদ দিবলৈ হাগ্রামাক আহ্বান জনাইছিলোঁ৷ কিন্তু তেওঁ প্রত্যাখ্যান কৰিছিল৷ পঞ্চায়ত নির্বাচনতো আমাৰ সৈতে আলোচনা নকৰাকৈ তেওঁলোকে নিজাববীয়াকৈ প্রার্থী দিছে৷ বিধানসভা নির্বাচনতো তেওঁলোকে বিশ্বাসঘাতকতা কৰিছিল৷ এনে বিশ্বাসঘাতকৰ লগত মিত্রতা লজ্জাজনক৷’

You might also like