নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামাই মদ–মাংস খাই টুং টাং হৈ বিটিচি চলাইছিল

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ওদালগুৰি জিলাৰ খাওৰাঙত ৩৮নং ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্রার্থী গোবিন্দ বসুমতাৰীৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি প্রমোদ বড়োৱে নাঙল মিউজিয়ামত আৰু ট্রেক্টৰ কাৰখানাত থাকিব বুলি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিপিএফ আৰু ইউপিপিএলক চোকা সমালোচনা কৰা কথাৰ প্রত্যুত্তৰ দি কয় যে ইউপিপিএলৰ সভাপতি প্রমোদ বডোৱে কয়– ট্রেক্টৰ একেবাৰে নতুন হৈ আছে আৰু সুন্দৰকৈ খেতি কৰিছে৷ সেই কাৰণে এইবাৰ বিটিচিত ভাল খেতি হৈছে আৰু বিটিচি নির্বাচনত জয়ী হৈ কোকৰাঝাৰলৈ গৈ ভালকৈ প্রশাসন চলাব পাৰিব৷ ট্রেক্টৰেৰে খেতি কৰিলে ভাল ফচল হ’ব আৰু বিটিচিবাসীক সুন্দৰকৈ খুৱাব পাৰিব৷ সভাৰ শেষত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ইউপিপিএলৰ সভাপতিগৰাকীয়ে বিপিএফৰ নির্বাচনী ইস্তাহাৰত সকলো জাতি–জনগোষ্ঠীক মাটিৰ অধিকাৰ দিব বুলি উল্লেখ কৰা প্রসংগত বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীক তীব্র কটাক্ষ কৰি কয়– যিসকলে বিটিচিত সোতৰ বছৰে শাসন কৰি মানুহক শোষণ আৰু বঞ্চনা কৰিলে, মাটিৰ খাজনা লোৱাৰ সলনি বেদখলী জৰিমনা ল’লে তেওঁলোকে মাটিৰ অধিকাৰ দিম বুলি ক’লে নশুৱায় আৰু কোনেও বিশ্বাস নকৰে৷ কিন্তু ইউপিপিএলে ভালকৈ উপলব্ধি কৰিছে মাটি নহ’লে মানুহৰ কিমান কষ্ট হয়৷ সেই কাৰণে ইউপিপিএল চৰকাৰ গঠন হোৱাৰ ছয় মাহৰ ভিতৰত বিটিচিত বসবাস কৰা লোকসকলৰ মাটিৰ সকলো সমস্যা সমাধানৰ ব্যৱস্থা গ্রহণ কৰিব৷ তেওঁ লগতে হাগ্রামাই শাসনত আহিলে বিটিআৰ চুক্তি স্পর্শই নকৰো বুলি কোৱা কথাৰ উত্তৰত কয় যে হাগ্রামাই বিটিআৰ চুক্তিৰ বিৰোধিতা কৰি সকলোতে সমালোচনাৰ সন্মুখীন হৈছে৷ নিজেই নিজকে লজ্জিত কৰিছে আৰু সেই কাৰণেই এইবাৰ বিটিআৰত হাগ্রামা শাসনত নাহে আৰু তেওঁ বিটিআৰ চুক্তি কার্যকৰী কৰাৰ সুযোগো নাপায়৷ হাগ্রামাই সদায় মদ–মাংস খাই টুং টাং হৈ বিটিচি চলাইছিল, কিন্তু বিটিআৰ হোৱাৰ পিছত হাগ্রামাৰ সেই দিন আৰু শেষ হৈ গ’ল বুলি কটাক্ষ কৰে৷ ভৈৰৱকুণ্ড ব্লক সমিতিৰ সভাপতি জীৱন নিৰোৱাৰ সভাপতিত্বত খাওৰাঙৰ গোর্খা ৰংগ নাট্যশালাত অনুষ্ঠিত নির্বাচনী প্রচাৰ সভাত বিটিআৰ গোর্খা সমাজৰ সাধাৰণ সম্পাদক দীপক নিৰোলাই ভাষণ প্রদান কৰি বিপিএফৰ লগতে বিজেপিয়েও ৰাজ্যৰ তথা বিটিচি অঞ্চলৰ গোর্খাসকলক আজিলৈকে প্রতাৰণা কৰি অহাৰ বাবেই বিটিআৰ গোর্খা সমাজে ইউপিপিএলক মুকলি সমর্থন আগবঢ়োৱা বুলি উল্লেখ কৰি ইউপিপিএল শাসনত আহিলে শীঘ্রে সকলো সম্ভৱপৰ গোর্খা সমস্যাৰ সমাধান কৰিব বুলি ৰাইজক আশ্বাস দিয়ে৷ সভাত ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ ইউপিপিএল প্রার্থী গোবিন্দ বসুমতাৰীয়ে ভাষণত স্থায়ী শান্তি প্রতিষ্ঠা আৰু অঞ্চলটোৰ দ্রুত উন্নয়নৰ স্বার্থত ইউপিপিএলৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়৷ সভাত বিটিআৰ গোর্খা সমাজ, ওদালগুৰি জিলা সমিতিৰ সভাপতি হৰি চঞ্জেল, সাধাৰণ সম্পাদক গোপী ছেত্রী, ইউপিপিএলৰ উপ–সভাপতি ভ্রমণ বাগলাৰী আদি কেইবাজনো নেতা উপস্থিত থাকি ভাষণ প্রদান কৰে৷

You might also like