নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বান নিয়ন্ত্রণ অবিহনেই অৰুণাচলত নদীবান্ধ

‘জলসম্পদ’ সম্পর্কীয় সংসদীয় স্থায়ী কমিটীয়ে উদঙালে মিথ্যাচাৰ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ  গেৰুকামুখত নির্মীয়মাণ ২০০০ মেগাৱাট শক্তি উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বিৰুদ্ধে অসমত ধাৰাবাহিক আন্দোলন অব্যাহত থকাৰ সময়তে কেন্দ্রীয় জলশক্তি মন্ত্রালয়ৰ ‘জলসম্পদ’ সম্পর্কীয় সংসদীয় স্থায়ী কমিটীয়ে সামগ্রিকভাৱে অৰুণাচল প্রদেশৰ নদীবান্ধসমূহক লৈ এক দীর্ঘদিনীয়া মিথ্যাচাৰ উদঙাই দিছে৷ চুবুৰীয়া ৰাজ্যখনৰ জলবিদ্যুৎ প্রকল্পসমূহৰ বাবেই অসমত শেহতীয়াকৈ বানৰ তাণ্ডৱ বৃদ্ধি পোৱা বুলি সংসদীয় স্থায়ী কমিটীখনে স্পষ্টকৈ উল্লেখ কৰিছে অলপতে দাখিল কৰা প্রতিবেদনত৷ বান নিয়ন্ত্রণৰ লক্ষ্যৰেই অৰুণাচল প্রদেশত বহুমুখী নদীবান্ধসমূহ নির্মাণ কৰি থকাৰ কথা কেন্দ্রীয় চৰকাৰে সততে দাবী কৰি আহিছে যদিও বিজেপি সাংসদ সঞ্জয় জয়ছোৱাল নেতৃত্বাধীন ৩১জনীয়া সংসদীয় স্থায়ী কমিটীৰ প্রতিবেদনত কোৱা হৈছে যে কেৱল বিদ্যুৎ উৎপাদনৰ উদ্দেশ্যেৰেই অৰুণাচল প্রদেশত বৃহৎ জলবিদ্যুৎ প্রকল্পসমূহ নির্মাণ কৰি থকা হৈছে৷ নামনি অংশত থকা অসমৰ বান নিয়ন্ত্রণৰ বাবে এই বৃহৎ জলবিদ্যুৎ প্রকল্পসমূহত আঁচনি মুঠেই প্রস্তুত কৰা হোৱা নাই৷

অর্থাৎ অসমৰ বান নিয়ন্ত্রণৰ আঁচনি অবিহনেই অৰুণাচল প্রদেশত নির্মাণ কৰি থকা হৈছে বৃহৎ নদীবান্ধ৷ বাস্তৱত এই জলবিদ্যুৎ প্রকল্পসমূহৰ বাবেই অসমত বানপানী বৃদ্ধি পোৱা বুলি স্থায়ী সংসদীয় কমিটীখনে কেন্দ্রীয় চৰকাৰৰ ওচৰত ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে৷ অতি তাৎপর্যপূর্ণ কথাটো হৈছে– বানপানী কেৱল এখন ৰাজ্যৰ বিষয় হ’ব নোৱাৰে৷ আন্তঃৰাজ্যিক প্রবহমান নদীৰ পৰা উদ্ভৱ হ’বলগীয়া বানপানী সংশ্লিষ্ট এখন ৰাজ্যই চম্ভালিব পৰাটো মুঠেই সম্ভৱ নহয়৷ সেয়েহে বানপানীক ৰাজ্যিক বিষয়ৰ পৰিৱর্তে কেন্দ্রীয় চৰকাৰৰ বিষয় হিচাপে গ্রহণ কৰাৰ বাবে সংসদীয় স্থায়ী কমিটীখনে কেন্দ্রীয় চৰকাৰক পৰামর্শ প্রদান কৰিছে৷ কেৱল বানপানী বুলিয়ে নহয়, অসমৰ অর্থনীতিত অত্যন্ত বিৰূপ প্রভাৱ পেলাই অহা খহনীয়াক ৰাষ্ট্রীয় দুর্যোগ হিচাপে চিহ্ণিত কৰিবলৈকো সংসদীয় স্থায়ী কমিটীয়ে কেন্দ্রীয় চৰকাৰক পৰামর্শ প্রদান কৰিছে, যাতে ৰাষ্ট্রীয় তথা ৰাজ্যিক দুর্যোগ প্রশমন পুঁজিৰ পৰা খহনীয়াগ্রস্ত ৰাইজক সাহায্য প্রদান কৰিব পাৰি৷ এইক্ষেত্রত নির্ধাৰিত সময়ৰ ভিতৰত প্রস্তাৱিত ‘নর্থ–ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটী’ গঠন কৰাৰ বাবে শীঘ্রেই সংশ্লিষ্ট বিধেয়ক সংসদত অনুমোদন ল’বলৈ পৰামর্শ প্রদান কৰা হৈছে৷

তদুপৰি সংশ্লিষ্ট নদী অৱবাহিকা সংস্থা (ৰিভাৰ বেছিন অর্গেনাইজেচন) গঠন কৰাৰো পৰামর্শ প্রদান কৰিছে স্থায়ী সংসদীয় কমিটীখনে৷ ৰিভাৰ বেছিন অর্গেনাইজেচনে বান নিয়ন্ত্রণত স্বল্পম্যাদী তথা দীর্ঘম্যাদী আঁচনি গ্রহণ কৰিব পাৰিব৷ আনহাতে বান ব্যৱস্থাপনা ৰাজ্য চৰকাৰৰ পৰা কেন্দ্রীয় চৰকাৰলৈ হস্তান্তৰ কৰাৰ বিষয়টোত অতিশয় গুৰুত্ব প্রদান কৰি স্থায়ী সংসদীয় কমিটীখনে ইয়াৰ পূর্বে দিল্লীৰ পৰা নিয়ন্ত্রণ কৰিব পৰাকৈ এখন স্থায়ী ‘নেচনেল ইণ্টিগ্রেটেড ফ্লাড মেনেজমেণ্ট’ গ্রুপ (এন আই এফ এম জি) গঠন কৰাৰ নির্দেশ প্রদান কৰিছে৷ কোৱা হৈছে সংসদীয় স্থায়ী কমিটীৰ প্রতিবেদন দাখিল কৰাৰ ৩ মাহৰ ভিতৰত কেন্দ্রীয় জলশক্তি মন্ত্রীৰ নেতৃত্বত উক্ত গোট গঠন কৰাৰ লগতে গোটৰ প্রথমখন বৈঠক অনুষ্ঠিত হ’ব লাগিব৷

উল্লেখ্য যে স্থায়ী সংসদীয় কমিটীখনৰ এই প্রতিবেদন অলপতে ৰাজহুৱা কৰা হৈছে যদিও যোৱা আগষ্ট মাহতেই প্রতিবেদনখন প্রস্তুত কৰা হৈছিল৷ সেয়েহে অনাগত দিনত কেন্দ্রীয় জলশক্তি মন্ত্রালয়ে স্থায়ী সংসদীয় কমিটীৰ নির্দেশ পালন কৰে নে নকৰে, সেয়া লক্ষণীয় বিষয় হ’ব৷ কোৱা হৈছে এন আই এফ এম জিয়ে দিল্লীৰ পৰা বান নিয়ন্ত্রণ ব্যৱস্থাপনা চোৱাচিতা কৰিব যদিও গোটৰ প্রতিনিধিয়ে আঞ্চলিক তথা স্থানীয় পর্যায়ত বান ব্যৱস্থাপনা পর্যবেক্ষণ কৰিব৷ গোটত সকলো ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্রীকো অন্তর্ভুক্ত কৰিব লাগিব৷ লক্ষণীয়ভাৱে বান নিয়ন্ত্রণৰ ক্ষেত্রত নদীবান্ধৰ ভূমিকাক লৈও বহুতো প্রশ্ণৰ অৱতাৰণা কৰিছে সংসদীয় স্থায়ী কমিটীখনে৷ অৰুণাচল প্রদেশত নির্মীয়মাণ নদীবান্ধসমূহ ৰান অৱ দ্য ৰিভাৰ বুলি বাহঃ বাহঃ লোৱা হৈছে যদিও ইয়াৰ পৰিৱর্তে পানী সংৰক্ষণ কৰিব পৰাকৈ বৃহৎ জলাধাৰ (ৰিজার্ভাৰ)ৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি নে নাই, তাৰ বাবে অসম চৰকাৰৰ লগতে কেন্দ্রীয় জলশক্তি মন্ত্রালয়ৰ বিষয়াসকলৰ পৰা কমিটীয়ে পৰামর্শ বিচাৰিছিল৷ অসম চৰকাৰে সমগ্র বিষয়টো কেৱল ৰাজ্য চৰকাৰৰ পৰিৱর্তে অৰুণাচল প্রদেশ আৰু কেন্দ্রীয় চৰকাৰৰ মাজত সমন্বয় ৰক্ষা কৰি বিষয়টো বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ সংসদীয় স্থায়ী কমিটীৰ প্রতিবেদনত সেয়াই প্রতিফলিত হৈছে৷ কাৰণ বৃহৎ জলাধাৰত বিস্ফোৰণ ঘটিলে যে মহাপ্রলয়সদৃশ হ’ব, সেয়া সহজেই অনুমেয়৷

আনহাতে কেন্দ্রীয় জলশক্তি মন্ত্রালয়ৰ তৰফৰ পৰা লিখিতভাৱে বৃহৎ জলাধাৰৰ সপক্ষে মত ব্যক্ত কৰা হৈছে৷ কেন্দ্রীয় জলশক্তি মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি ব্রহ্মপুত্র অৱবাহিকাত বান নিয়ন্ত্রণত বৃহৎ জলাধাৰ নির্মাণ কৰাৰ বিষয়টোক লৈ ২০১৩ চনত কেন্দ্রীয় জল আয়োগ, কেন্দ্রীয় বিদ্যুৎ প্রাধিকৰণ, এন এইচ পি চি, ব্রহ্মপুত্র ব’ড আৰু অৰুণাচল প্রদেশ চৰকাৰৰ প্রতিনিধিক লৈ এখন কমিটী গঠন কৰিছিল৷ উক্ত কমিটীৰ দীর্ঘদিনীয়া গৱেষণাৰ পাছত দাখিল কৰা প্রতিবেদনত কোৱা হৈছে যে অসমত বান নিয়ন্ত্রণৰ বাবে চিয়াং, সোৱণশিৰি, লোহিত আৰু দিবাং উপ–ৱবাহিকাত চাৰিটা বৃহৎ জলাধাৰ নির্মাণ কৰিব পাৰি৷ সেই অনুসৰি চিয়াং অৱবাহিকাত ৯২০ কোটি ঘনমিটাৰৰ সর্ববৃহৎ জলাধাৰ নির্মাণ কৰাৰ পৰামর্শ প্রদান কৰা হৈছে৷ একেদৰে সোৱণশিৰি অৱবাহিকাত ১৯১ কোটি ঘনমিটাৰ, লোহিতত ১৬১ কোটি ঘনমিটাৰ আৰু দিবাং উপ–ৱবাহিকাত ৫৬ কোটি ঘনমিটাৰৰ জলাধাৰ নির্মাণ কৰিব পাৰি বুলি এক অভিলাষী প্রস্তাৱ দাখিল কৰা হৈছে৷

উদাহৰণস্বৰূপে কোৱা হৈছে এই চাৰিটা বৃহৎ জলাধাৰে বানপানীৰ সময়ত গুৱাহাটীত ব্রহ্মপুত্রৰ জলস্তৰ ১.২ মিটাৰৰ পৰা ১.৫ মিটাৰলৈকে হ্রাস কৰিব পাৰিব৷ তদুপৰি বৃহৎ জলাধাৰৰ পৰা জলবিদ্যুতো উৎপাদন কৰিব পাৰি৷ লক্ষণীয় বিষয়টো হৈছে প্রাৰম্ভিকভাৱে অৰুণাচল প্রদেশৰ উজনি চিয়াং জিলাত ৯২০ কোটি ঘনমিটাৰৰ জলাধাৰ নির্মাণৰ কথা কেন্দ্রীয় চৰকাৰে এই মুহূর্তত বিবেচনা কৰি আছে৷ পিছে ইয়াৰ জৰিয়তে জিলাখনৰ সদৰ চহৰ ইংকিয়ং সম্পূর্ণৰূপে পানীত বুৰ যাব৷ ধ্বংস হৈ যাব সম্পূর্ণ চহৰখন৷ চহৰখনত বাস কৰা প্রায় ১০ হাজাৰ লোকক পুনৰ সংস্থাপন দিব লাগিব৷

ইতিমধ্যে সমগ্র বিষয়টোক কেন্দ্র কৰি ইংকিয়ংবাসীৰ সৈতে এক সংঘাত সৃষ্টি হোৱা বুলি কেন্দ্রীয় জলশক্তি মন্ত্রালয়ে স্থায়ী সংসদীয় কমিটীৰ আগত লিখিতভাৱে প্রকাশ কৰিছে৷ সেয়েহে বৃহৎ জলাধাৰৰ নিচিনা অতিশয় সংবেদনশীল বিষয়টোত দীঘলীয়া অধ্যয়নৰ পিছতে সিদ্ধান্তত উপনীত হ’বলৈ স্থায়ী সংসদীয় কমিটীখনে কেন্দ্রক পৰামর্শ প্রদান কৰিছে৷ বিশেষকৈ চিয়াং নদী তথা জিলাখনৰ জৈৱ–বৈচিত্র্য যাতে কোনোপধ্যেই ক্ষতিগ্রস্ত নহয়, সেই কথাও বিবেচনা কৰিবলৈ পৰামর্শ প্রদান কৰা হৈছে৷ সংশ্লিষ্ট সকলো পক্ষক পতিয়ন নিয়াৰ পাছতহে কেন্দ্রীয় চৰকাৰে যাতে অতিশয় উচ্চাকাংক্ষী এই প্রকল্পক লৈ পৰৱর্তী পদক্ষেপ গ্রহণ কৰে, সেই কথাও সকীয়াই দিছে কমিটীয়ে৷ আনহাতে কমিটীয়ে অসমৰ বান নিয়ন্ত্রণত ব্রহ্মপুত্র ব’ৰ্ডৰ পুতৌজনক কাম–কাজৰো সমালোচনা কৰা পৰিলক্ষিত হৈছে৷ কমিটীৰ প্রতিবেদনত এইক্ষেত্রত ব্রহ্মপুত্র ব’ৰ্ডত খালী হৈ থকা পদসমূহক লৈ উদ্বিগ্ণতা ব্যক্ত কৰি বান নিয়ন্ত্রণত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছাক লৈ প্রশ্ণ উত্থাপন কৰিছে৷ স্থায়ী সংসদীয় কমিটীৰ প্রতিবেদন অনুসৰি এই মুহূর্তত ব্রহ্মপুত্র ব’ৰ্ডৰ বাবে অনুমোদিত ১৬১টা কাৰিকৰী পদৰ ভিতৰত ৬১টা পদেই এতিয়া খালী হৈ আছে৷ আনহাতে ২৫৪টা অকাৰিকৰী পদৰ ভিতৰত ১৬৮টা পদো খালী হৈ আছে৷ সেয়েহে স্থায়ী সংসদীয় কমিটীখনে কোনো সময় ব্যয় নকৰাকৈ খালী হৈ থকা পদসমূহ পূৰণ কৰিবলৈ কেন্দ্র–ৰাজ্যক নির্দেশ প্রদান কৰিছে৷ লোকবল (মেনপাৱাৰ) নথকাকৈ ব্রহ্মপুত্র ব’র্ডে বান নিয়ন্ত্রণৰ নিচিনা অতিশয় কঠিন কার্যত কেনেদৰে ব্রতী হ’ব পাৰে তাক লৈ কমিটীয়ে কেন্দ্রীয় চৰকাৰৰ ওচৰত প্রশ্ণ উত্থাপন কৰিছে৷

You might also like