নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহপাঠীক যৌন নির্যাতন গৱেষক ছাত্রৰ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ অসমৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ এজন গৱেষক ছাত্রই সহপাঠী এগৰাকীক যৌন নির্যাতন চলাই ৰঙাঘৰৰ আলহী হ’বলগীয়া ঘটনাত শিক্ষানুষ্ঠানখনত ব্যাপক চাঞ্চল্য বিৰাজ কৰিছে৷ উত্থাপিত অভিযোগ অনুসৰি শিলিগুৰিৰ শালবাৰীৰ মূল নিৱাসী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ বায়’–টেকন’লজি বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ গৱেষক ছাত্র কৌশল আগৰৱালাই (২৪) একে বিভাগৰ আৰু একে ষাণ্মাসিকৰ এগৰাকী ছাত্রীক যোৱা ১৩, ১৫ আৰু ১৭ অক্টোবৰত শিক্ষানুষ্ঠানখনৰ চৌহদতে যৌন নির্যাতন চলাইছিল৷

এই অবাঞ্ছিত যৌন নির্যাতনত মানসিকভাৱে ভাগি পৰা ছাত্রীগৰাকীয়ে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কিছুদিন মৌনতা অৱলম্বন কৰাৰ পিছত যোৱা ২৬ অক্টোবৰত ঘটনা সন্দর্ভত আৰক্ষীক এজাহাৰ দাখিল কৰে৷ বিষয়টো গুৰুত্বসহকাৰে লৈ আৰক্ষীয়ে এজাহাৰখন পঞ্জীয়ন কৰি (২৩৭৫/২১) তদন্ত আৰম্ভ কৰে আৰু অনুসন্ধানৰ অন্তত অভিযোগ সন্দর্ভত নিশ্চিত হৈ বুধবাৰে সন্ধিয়া শিক্ষানুষ্ঠান কর্তৃপক্ষৰ অনুমতিসাপেক্ষে অভিযান চলাই যৌন নির্যাতনকাৰী গৱেষক ছাত্রজনক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬নং ধাৰাৰ অধীনত গ্রেপ্তাৰ কৰে৷ বৃহস্পতিবাৰে  ছাত্রজনক তেজপুৰ ন্যায়িক আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মাত লৈ হাজোতলৈ প্রেৰণ কৰে৷

You might also like