ক’ভিড পৰিস্থিতিৰ বাবেই গঠন কৰিব পৰা নাই আইনজ্ঞ কমিটী
অসম চুক্তিৰ ৬নং দফা ৰূপায়ণক লৈ মন্ত্রী অতুল বৰা
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ অসম চুক্তিৰ ৬নং দফা সমিতিয়ে দিয়া প্রতিবেদন ৰূপায়ণৰ ক্ষেত্রত আইনগত দিশবোৰ পৰীক্ষা কৰাৰ বাবে এখন আইনজ্ঞ সমিতি গঠন কৰাৰ বাবে অসম চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে৷ কিন্তু ক’ভিড–১৯ৰ সংক্রমণজনিত পৰিস্থিতিৰ পৰিপ্রেক্ষিতত উক্ত কমিটীৰ গঠন প্রক্রিয়া সম্ভৱ হৈ উঠা নাই৷ বুধবাৰে সদনত বিধায়ক দুর্গা দাস বড়োৰ এক লিখিত প্রশ্ণৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রী অতুল বৰাই এই কথা প্রকাশ কৰে৷ সদনত মন্ত্রী বৰাই কয় যে ক’ভিড পৰিস্থিতি শাম কাটিলেই আইনজ্ঞ কমিটী গঠন কৰাটো সম্ভৱ হৈ উঠিব৷ সেইদৰে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ আন এক প্রশ্ণৰ উত্তৰত মন্ত্রী বৰাই কয় যে অসম–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ কাম বর্তমান ৯৮.৩৫ শতাংশ সম্পূর্ণ হৈছে আৰু প্রায় ১.৬৫ শতাংশ কাম বাকী আছে৷ ব’ৰ্ডাৰ গার্ড বাংলাদেশ (বিজিবি)–এ আপত্তি কৰাৰ বাবে অসম–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ দিয়া কাম সম্পূর্ণ হ’বলৈ কৰিমগঞ্জ খণ্ডত ৪.৩৫ কিলোমিটাৰ বাকী আছে৷ সেই অংশত কাঁইটীয়া তাঁৰৰ বেৰৰ সলনি কেন্দ্রীয় গৃহ মন্ত্রালয়ে টেকনল’জিকেল ছলিউচন ফৰ ব’ৰ্ডাৰ ড’মিনেচন এক্ট কৰিমগঞ্জ ছেক্টৰ আণ্ডাৰ এম এণ্ড চি ফ্রণ্টিয়াৰৰ ব্যৱস্থা হাতত লৈছে৷
বর্তমান এই কাম সম্পূর্ণ কৰিবৰ বাবে বি এছ এফৰ কার্যকর্তাসকলে কেন্দ্রীয় বিভাগৰ লগত যোগাযোগ কৰি আছে৷ সেইদৰে অসম চুক্তি অনুযায়ী ৰাজ্যখনত অবৈধভাৱে থকা ১,৩৯,৯১০জন বিদেশীক যোৱা ৩০ এপ্রিললৈ চিনাক্ত কৰা হৈছে৷ যোৱা ৩০ জুন পর্যন্ত ২৯,৯৮৪জনক বহিষ্কাৰ কৰা হৈছে৷ ইফালে বিধায়ক খলিলুদ্দিন মজুমদাৰৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী বৰাই কয় যে কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ ভাৰত–বাংলাদেশৰ কাঁইটীয়া তাঁৰৰ বেৰৰ সিপাৰে থকা ভাৰতীয় পৰিয়ালসমূহক কাঁইটীয়া তাঁৰৰ বেৰৰ ভিতৰলৈ স্থানান্তৰ কৰিবলৈ ব্যৱস্থা লোৱাৰ বাবে ২০১৯ চনৰ ১০ অক্টোবৰত জিলা পর্যায়ৰ সমন্বয়ৰক্ষী সমিতি এখন গঠন কৰা হয়৷ সেই বছৰৰে ২১ নৱেম্বৰত কমিটীয়ে নিজা মাটি থকা লোকসকলক পি এম এ ৱাইৰ জৰিয়তে ঘৰৰ আবণ্টন দিবৰ বাবে আৰু মাটি নথকা লোকসকলক আর্থিক অনুদান দিবলৈ চৰকাৰৰ ওচৰত প্রস্তাৱ দিবলৈ সিদ্ধান্ত লয়৷ ইতিমধ্যে টোকেৰগ্রাম গাঁৱৰ পৰা চাৰিটা পৰিয়ালক নিজ কাটিগড়া তৃতীয় খণ্ড গাঁৱত ভূমি আবণ্টন দি কাঁইটীয়া তাঁৰৰ ভিতৰলৈ স্থানান্তৰ কৰি সংস্থাপন দিয়া হৈছে৷
আছুৱে দাখিল কৰিলে গুলীবিদ্ধ–নির্যাতিতৰ্ তালিকা
অসম চুক্তি ৰূপায়ণক লৈ আজি বিভাগীয় মন্ত্রীৰ সৈতে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় সদৌ অসম ছাত্র সন্থা (আছু)৷ খানাপাৰাস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কার্যালয়ত মন্ত্রী অতুল বৰাৰ সৈতে অনুষ্ঠিত বৈঠকত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হয়৷ সৌহার্দ্যপূর্ণ পৰিৱেশত হোৱা এই বৈঠকত আছু নেতৃত্বই মন্ত্রী বৰাৰ হাতত ঐতিহাসিক অসম আন্দোলনত গুলীবিদ্ধ হোৱা ৪৬০গৰাকী লোকৰ লগতে বিশেষভাৱে নির্যাতিত ৫৭গৰাকী মহিলাৰ দুখন পূর্ণাংগ তালিকা দাখিল কৰে৷
উল্লেখ্য যে পূর্বে শ্বহীদ ন্যায় ভৱনত মন্ত্রী বৰাৰ সৈতে আছু নেতৃত্বৰে হোৱা আলোচনামর্মে আজি আছুৱে এই তালিকা দুখন মন্ত্রী বৰাৰ হাতত দাখিল কৰে৷ এই তালিকা প্রস্তুত কৰোঁতে অসম শ্বহীদ আৰু নির্যাতিত সাহায্য ন্যাস, সদৌ অসম শ্বহীদ নির্যাতিত পৰিয়াল পৰিষদ, সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সৈতে আলোচনা কৰি আছুৱে এই তালিকা প্রস্তুত কৰে৷ বৈঠকত অংশগ্রহণ কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই কয় যে অসম আন্দোলনত অংশগ্রহণ কৰা নির্যাতিত ব্যক্তিসকলৰ ভিতৰত শ্বহীদ পৰিয়াল, গুলীবিদ্ধ, বিশেষভাৱে সক্ষম বা শাৰীৰিকভাৱে পংগু, বিশেষভাৱে নির্যাতিত মহিলা, বাংলাদেশীয়ে ঘৰ জ্বলোৱা, কাৰুৰুদ্ধ হোৱা এনে সকলোধৰণৰ ব্যক্তিকে পর্যায়ক্রমে সংস্থাপন দিয়াৰ প্রয়োজন আছে৷ অসম চৰকাৰে শ্বহীদ পৰিয়ালক ৫ লাখ টকা আৰু গুলীবিদ্ধ হোৱাসকলৰ একাংশক দুই লাখ টকাকৈ আগবঢ়াইছে৷
বুধবাৰে সদৌ অসম ছাত্র সন্থাই অসম আন্দোলনত গুলীবিদ্ধ হোৱা আৰু বিশেষভাৱে নির্যাতিত হোৱা মহিলাৰ পূর্ণাংগ তালিকা চৰকাৰক দাখিল কৰে৷ শীঘ্রে আছুৱে অসম আন্দোলনৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ পূর্ণাংগ তালিকা চৰকাৰক প্রদান কৰিব৷ ইয়াৰ পাছত অবৈধ বাংলাদেশীয়ে ঘৰ জ্বলোৱা ব্যক্তিসকলৰ তালিকা, কাৰাৰুদ্ধ হোৱা আৰু অসম আন্দোলনত নির্যাতিত হোৱা ব্যক্তিসকলৰ তালিকা আছুৱে পর্যায়ক্রমে চৰকাৰৰ ওচৰত দাখিল কৰিব৷ বুধবাৰে দাখিল কৰা তালিকা দুখনৰ ভিতৰত যিসকল ব্যক্তিক চৰকাৰে সাহায্য প্রদান কৰা নাই, তালিকাভুক্ত সেইসকল ব্যক্তিক সোনকালে সাহায্য প্রদানৰ বাবে ভট্টাচার্যই অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাক অনুৰোধ জনায়৷ আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে অসম চৰকাৰে ঘোষণা কৰা এক লাখ চাকৰিত নিযুক্তি সম্পর্কত অসম আন্দোলনত নির্যাতিতসকলৰ মাজৰ পৰা যোগ্য বিবেচিতসকলৰ বাবে চাকৰিৰ ব্যৱস্থা কৰা আৰু বাকীসকলৰ বাবে বিশেষ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক আহ্বান জনায়৷
বৈঠকত অংশগ্রহণ কৰি অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাই আছুৱে দাখিল কৰা গুলীবিদ্ধ আৰু বিশেষভাৱে নির্যাতিত মহিলাৰ তালিকা দাখিল কৰাৰ বাবে ছাত্র সন্থাক ধন্যবাদ জনায়৷ অসম আন্দোলনত নির্যাতিতসকলৰ সাহায্য আৰু সংস্থাপনৰ ক্ষেত্রত চৰকাৰে গ্রহণ কৰা পৰিকল্পনাৰ বিষয়েও আছুক অৱগত কৰে মন্ত্রী বৰাই৷ অসম চুক্তি সন্দর্ভত চৰকাৰ আৰু আছুৰ মাজত সোনকালে আলোচনা অনুষ্ঠিত কৰাৰ ওপৰতো মন্ত্রী বৰাই আছুৰ নেতৃত্বক অৱগত কৰে৷ বৈঠকত অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰা আৰু আছুৰ এটা দলে শীঘ্রে পশ্চিম বৰাগাঁৱত নির্মীয়মাণ শ্বহীদ স্মাৰক উদ্যানখন পৰিদর্শন কৰাৰো সিদ্ধান্ত গ্রহণ কৰে৷ বৈঠকত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে মন্ত্রী বৰাক ধন্যবাদ জনোৱাৰ লগতে অসম আন্দোলনত নির্যাতিতসকলৰ সাহায্য আৰু সংস্থাপনৰ বিষয়টো খৰতকীয়াভাৱে সম্পন্ন কৰিবলৈ মন্ত্রী বৰাক আহ্বান জনায়৷ বৈঠকত অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত সচিব জ্ঞানেন্দ্র ত্রিপাঠী, অতিৰিক্ত সচিব জি এছ পানেছাৰ, বিশেষ কর্তব্যৰত বিষয়া জয়ন্ত কুমাৰ গোস্বামী, সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপদেষ্টা প্রকাশ চন্দ্র দাস, সহকাৰী সাধাৰণ সম্পাদক ধর্মেশ্বৰ দাস, উপ–সভাপতিদ্বয় বিপুল ৰাভা আৰু উৎপল শর্মা, সাংগঠনিক সম্পাদক ৰইফুদ্দিন আহমেদ, শিক্ষা সম্পাদক ভৱজিৎ বৰুৱা উপস্থিত থাকে৷