নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী চাকৰিৰ আবেদনৰ বাবে দিব নালাগে ধন : মুখ্যমন্ত্ৰী

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰঃ চৰকাৰৰ বিভিন্ন পদৰ বাবে শেহতীয়াকৈ প্রকাশিত বিজ্ঞাপনৰ বাবে আবেদনৰ সময়ত নিবনুৱা যুৱক–যুৱতীসকলে কোনো ধন আদায় দিব নালাগে৷ –এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত এক কার্যসূচীত অংশগ্রহণৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ পূর্বে অনুষ্ঠিত তৃতীয় আৰু চতুর্থ বর্গৰ সাক্ষাৎকাৰত উত্তীর্ণ নোহোৱা প্রার্থীসকলক ধন ঘুৰাই দিয়া সন্দর্ভত স্পষ্টীকৰণ দাঙি ধৰে৷ চৰকাৰে ঘোষণা কৰাৰ পিছতো কি কাৰণত প্রার্থীসকলক ধন ঘূৰাই দিয়া হোৱা নাই, সেই সন্দর্ভত সৃষ্টি হোৱা জটিলতাৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘যোৱাবাৰ আমি ধন ঘূৰাই দিয়াৰ কথা আছিল৷ পিছত আমি গম পালোঁ যে তেওঁলোকে কম্পিউটাৰ ষ্টেচনসমূহৰ পৰাহে ধন আদায় দিছিল৷ গতিকে যদি ধন ওভতাই দিওঁ, সেয়া গাঁও অথবা নগৰৰ চিএছচিৰ একাউণ্টত জমা হ’ব৷ নিবনুৱা যুৱক–যুৱতীসকলে নাপাব৷ সেইবাবে এইবাৰ আমি কোনো মাচুল নলওঁ৷ কম্পিউটাৰ অপাৰেটৰক পইচা ওভতাই দিলে কি লাভ হ’ব? নিবনুৱাজনে পইচা নাপালে ঘূৰাই দিলে কি লাভ হ’ব?’ আনহাতে ৪০লাখ আত্মসহায়ক গোটৰ মহিলাক ব্যক্তিগতভাৱে ১০ হাজাৰ টকাকৈ আর্থিক সাহায্য প্রদানৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ বিষয়েও তেওঁ সদৰী কৰে৷ এই প্রসংগত ড০ শর্মাই কয় যে আই–মাতৃসকলক ব্যক্তিগতভাৱে ১০ হাজাৰ টকা প্রদান কৰা হ’ব৷ তেওঁলোকৰ ব্যক্তিগত একাউণ্টত এই ধন দিয়া হ’ব৷ অৱশ্যে এইক্ষেত্রত কিছু অর্হতা থাকিব৷ কেবিনেটত অহা ১০–১৫ দিনত এই অর্হতা নির্ধাৰণ কৰা হ’ব৷ তাৰ পিছতে মহিলাসকলে প্র–পত্র পূৰণ কৰিব আৰু তেওঁলোকৰ একাউণ্টত ধন লাভ কৰিব৷ ৪০ লাখ মহিলাক ১০ হাজাৰকৈ টকা দিলেও চাৰি হাজাৰ কোটি টকা দিব লাগিব৷ আত্মসহায়ক গোটসমূহে যথেষ্ট ভাল কাম কৰি আছে৷ তেওঁলোকক ধন দিলে এশ শতাংশ ভাল কামত ব্যৱহাৰ কৰিব৷

#বাৰ্তা ডেস্ক

You might also like