নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধী দলপতিৰ মর্যাদা গ’ল দেৱব্রত শইকীয়াৰ

সদনত কংগ্রেছৰ সদস্য সংখ্যা ২০লৈ হ্রাস

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ বিৰোধী দলপতিৰ মর্যাদা হেৰুৱালে দেৱব্রত শইকীয়াই৷ ইয়াৰ লগে লগে বিৰোধী দলপতি হিচাপে লাভ কৰি অহা তেওঁৰ কেবিনেট মর্যাদাও কর্তন হ’ল৷ সোমবাৰে বিধানসভা কর্তৃপক্ষই আনুষ্ঠানিকভাৱে এই জাননী জাৰি কৰে৷ উল্লেখ্য যে ১২৬জনীয়া সদস্যবিশিষ্ট অসম বিধানসভাৰ বিৰোধী দলপতিৰ মর্যাদা লাভ কৰিব লাগিলে দলটোত কমেও ২১গৰাকী বিধায়ক থকা দৰকাৰ৷ ২০১৬ চনৰ বিধানসভা নির্বাচনৰ ফলাফল অনুসৰি কংগ্রেছৰ সদস্য সংখ্যা আছিল ২৬গৰাকী৷ সেই অনুসৰি কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই বিৰোধী দলপতিৰ মর্যাদা লাভ কৰে৷ বিৰোধী দলপতি হোৱাৰ লগে লগে তেওঁ কেবিনেট মর্যাদাও লাভ কৰে৷ পৰৱর্তী পর্যায়ত দলটোৰ এগৰাকী বিধায়ক ডাঃ মানছিং ৰংপিয়ে পদত্যাগ কৰে আৰু উপ–নির্বাচনৰ জৰিয়তে তেওঁ বিজেপিৰ পৰা নির্বাচিত হয়৷ সেইদৰে যোৱা লোকসভা নির্বাচনত জনিয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক বৰপেটা লোকসভাৰ সাংসদ হিচাপে নির্বাচিত হয় আৰু বিধানসভাৰ খালী হোৱা আসনখন এ আই ইউ ডি এফৰ দখললৈ যায়৷ যোৱা বছৰটোতে শিৱসাগৰৰ বিধায়ক, বিধানসভাৰ প্রাক্তন অধ্যক্ষ প্রণৱ কুমাৰ গগৈ আৰু তিতাবৰৰ বিধায়ক প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দেহাৱসান ঘটে৷ সেইদৰে গোলাঘাটৰ বিধায়ক অজন্তা নেওগ আৰু লক্ষীপুৰৰ বিধায়ক ৰাজদীপ গোৱালাই বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰে৷ ইয়াৰ ফলত বিধানসভাৰ কংগ্রেছৰ আসনৰ সংখ্যা ২০লৈ হ্রাস পায়৷ ইয়াৰ পৰিপ্রেক্ষিততে দেৱব্রত শইকীয়াই বিৰোধী দলপতিৰ পদ হেৰুৱাব লগাত পৰে৷ বিধানসভা কর্তৃপক্ষই যোৱা ১ জানুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ শইকীয়াৰ বিৰোধী দলপতিৰ মর্যাদা কর্তন কৰে৷

You might also like