অসমত ভেকচিনৰ পাছত হোৱা নাই পার্শ্বক্রিয়াঃ মন্ত্রী ড০ শর্মা
নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ প্রথম দিনটোত ক’ৰোনাৰ ভেকচিন প্রদান কৰা ব্যক্তিসকলৰ শৰীৰত দেখা দিয়া নাই কোনো পার্শ্বক্রিয়া৷ আজি এই কথা সদৰী কৰিছে ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে নলবাৰীৰ মেডিকেল কলেজৰ নির্মাণৰ কাম বুজ লোৱাৰ অন্তত সংবাদ মাধ্যমৰ আগত কয়– ‘কালি অসমজুৰি ৬৫টা স্থানত ৬,৫০০গৰাকী ব্যক্তিক ক’ভিড–১৯ ভেকচিন দিয়া হৈছে৷ ভেকচিন লোৱাসকলৰ শৰীৰত কোনো পার্শ্বক্রিয়া হোৱা নাই৷ ক’ভিড ভেকচিন লোৱাসকলক মই সুধিছোঁ কিবা অসুবিধা লাভ কৰিছে নেকি? তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই বুলি কৈছে৷ অর্থাৎ বিজ্ঞানীসকলে নিশ্চয়তা প্রদান কৰাতকৈও অধিক সুৰক্ষিত এই ভেকচিন৷’ সেয়েহে ভেকচিন ল’বৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়৷ বিশেষকৈ প্রথম পর্যায়ত তালিকাভুক্ত হোৱা ২,৯০,০০০গৰাকী ব্যক্তিক আগবাঢ়ি আহি ভেকচিন ল’বলৈ আহ্বান জনাইছে মন্ত্রীগৰাকীয়ে৷
উল্লেখ্য যে বহু প্রতীক্ষাৰ অন্তত কালিৰে পৰা দেশজুৰি আৰম্ভ হৈছে ক’ভিড–১৯ৰ ভেকচিন প্রদান প্রক্রিয়া৷ অসমতো চিকিৎসা মহাবিদ্যালয়সমূহৰ্ লগতে জিলা হাস্পতালসমূহত ক’ভিডৰ ভেকচিন প্রদানৰ ব্যৱস্থা কৰা হৈছে৷ প্রথম পর্যায়ত চিকিৎসক–নার্ছৰ লগতে আন আন স্বাস্থ্যকর্মীসকলক অগ্রাধিকাৰ ভিত্তিত প্রদান কৰা হৈছে ক’ভিড ভেকচিন৷