নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ভূপেন বৰা-ৰকিবুল হুছেইনক লৈ মনোনয়ন দাখিল প্ৰদ্যুৎ বৰদলৈৰ 

বিশেষ বাৰ্তা, ৪ এপ্ৰিলঃ নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা এক পদযাত্ৰাৰে আজি নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে মনোনয়ন পত্ৰ দাখিল কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ দলপতি দেব্ৰবত শইকীয়া,প্ৰাক্তন মন্ত্ৰী, বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, ৰাইজৰ দলৰ নেতা তথা বিধায়ক  অখিল গগৈ, কংগ্ৰেছ দলৰ বিধায়ক সকল ক্ৰমে জাকিৰ হুছেইন শিখদাৰ, নুৰুল হুদা, শিবামণি বৰা,চিপিআই দলৰ ৰাজ্যিক সম্পাদক তথা প্ৰাক্তন বিধায়ক মুনীন মহন্ত আদিকে ধৰি  বিৰোধী ঐক্য মঞ্চৰ বহু কেইজন নেতাই প্ৰদ্যুৎ বৰদলৈৰ এই মনোনয়ন পত্ৰ দাখিল পৰ্বত সংগ প্ৰদান কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়, “মুখ্যমন্ত্ৰীয়ে ক’ত প্ৰচাৰ চলাইছে, ক’ত প্ৰচাৰ নচলাইছে সেইটো ডাঙৰ কথা নহয়। ইতিমধ্যে নগঞা ৰাইজে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী যিটো সময়ত নগাঁৱত আছে, সেইটো সময়ত নগঞা ৰাইজ আমাৰ মাজত আছে। নগাঁৱত মুখ্যমন্ত্ৰী থাকোঁতে নগাঁও কংগ্ৰেছ কাৰ্যালয়ত যিটো ভিৰ সেইটোৱে প্ৰমাণ কৰিছে যে ইতিমধ্যে নগঞা ৰাইজে সিদ্ধান্ত লৈ পেলাইছে।” নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ জয় নিশ্চিত বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে প্ৰদ্যুৎ বৰদলৈ সংসদত অসমীয়াৰ বলিষ্ঠ কণ্ঠ বুলিও আখ্যা দিয়ে। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয়, “আমি সকলো প্ৰদ্যুৎ বৰদলৈৰ লগত আছোঁ। প্ৰদ্যুৎ বৰদলৈ অসমৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত জয়ী হ’ব। এইটো দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নগঞা বাসীক প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাবলৈ আহ্বান জনায় কয় যে,গণতন্ত্ৰ আৰু সংবিধান বচাবলৈ প্ৰদ্যুৎ বৰদলৈক ভোট দিব লাগে। নগাঁৱৰ মানুহে যদি বিজেপি প্ৰাৰ্থী জনক জয়ী কৰে তেতিয়া মানুহে আকৌ ভয় খাব, নিৰাপত্তাহীনতাত ভূগিব। কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে কয়, “এই নিৰ্বাচন খাটি খোৱা খেতিয়কৰ নিৰ্বাচন, মহিলাৰ নিৰ্বাচন, নিৱনুৱাৰ নিৰ্বাচন, সমাজৰ প্ৰতাৰিত লোক সকলৰ নিৰ্বাচন।কল্যাণকামী চৰকাৰ গঠনৰ স্বাৰ্থত প্ৰদ্যুৎ বৰদলৈক ভোট দি ৰাহুল গান্ধী, ছোনিয়া গান্ধীৰ হাত শক্তিশালী কৰক। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয়,”দেশত হোৱা অন্যায়ৰ বিৰুদ্ধে বিৰোধী জোঁটে আজিৰে পৰা পূৰ্ণোদ্যমে কাম কৰিব।” চিপিআইৰ ৰাজ্যিক সম্পাদক তথা প্ৰাক্তন বিধায়ক মুনিন মহন্তই গণতন্ত্ৰৰ অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত প্ৰদ্যুৎ বৰদলৈক ভোট দিবলৈ সকলোকে আহ্বান জনায়। বিধায়ক জাকিৰ হুছেইন শিখদাৰে কয়, “শংকৰদেৱক আমি ভাল পাওঁ, শংকৰদেৱৰ সপোনক বিজেপি, এজেপি, এ আ ইউ ডি এফে চূৰমাৰ কৰিছে প্ৰদ্যুৎ বৰদলৈক ভোট দি শংকৰ মাধৱৰ সপোনক আমি বাস্তবায়িত কৰিব লাগিব। ইপিনে, কেইবা সহস্ৰাধিক সমৰ্থক সহ মনোনয়ন পত্ৰ দাখিল কৰি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে তেওঁৰ জয় নিশ্চিত বুলি মন্তব্য কৰি চৰকাৰখনৰ মুৰব্বীক গৰম ভাতৰ ধোঁৱাই খাইছে আৰু এইখন চৰকাৰৰ পতন অনিবাৰ্য বুলি মন্তব্য কৰে। আনহাতে, আজি ৰিটাৰনিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়ত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ লগত প্ৰৱেশত আৰক্ষী প্ৰশাসনে বাধা আৰোপ কৰাত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত কংগ্ৰেছ নেতা-কৰ্মীৰ হেঁচাত প্ৰশাসনে তেওঁক প্ৰবেশৰ অনুমতি দিয়ে।
প্ৰেৰক কনক হাজৰিকা
You might also like