নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসমুদ্ৰৰ হৰ্ষোল্লাসেৰে যোৰহাটত মনোনয়ন দাখিল তপন কুমাৰ গগৈৰ

বিশেষ বাৰ্তা, ২৭ মাৰ্চঃ এক অভূতপূৰ্ব পৰিবেশৰ মাজৰে আজি লোকসভা নিৰ্বাচনৰ বাবে  মনোনয়ন পত্ৰ দাখিল কৰিলে যোৰহাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে। প্ৰায় চল্লিশ হাজাৰৰ অধিক সমৰ্থকক লগত লৈ বিপুল হৰ্ষউল্লাসৰ মাজৰে যোৰহাট জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে তপন কুমাৰ গগৈয়ে। আকাশ বতাহ নিনাদিত কৰি যোৰহাট শিৱসাগৰ মাজুলীৰ পৰা তপন কুমাৰ গগৈৰ সমৰ্থনত ওলাই অহা হাজাৰ হাজাৰ লোকে অঘোষিতভাবে স্পষ্ট প্ৰমাণ কৰিলে প্রাৰ্থীগৰাকীৰ বিজয় নিশ্চিত। আজি বিজেপি প্রাৰ্থীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী কেশৱ মহন্ত আৰু এগৰাকী অধিবক্তাক লগত লৈ বিয়লি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰি এক প্ৰকাৰে গভীৰ আত্মবিশ্বাসী হৈ পৰা তপন কুমাৰ গগৈয়ে কয় যে বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জাতি ভাষা বৰ্ণ নিৰ্বিশেষে  সকলোৱে আমাক আৰ্শীবাদ প্ৰদানৰ বাবে আহিছে। ৰাইজৰ আৰ্শীবাদত মই সুস্থ হৈ উঠিম আৰু ৰাইজৰ আৰ্শীবাদ লৈয়েই যোৰহাট লোকসভা সমষ্টিৰ পৰা মই বিপুল ভোটত জয়ী হম। আজি স্বতস্ফুতভাবে ওলাই অহা ৰাইজৰ পৰা এটা কথা প্ৰতিয়মান হৈছে যে নৰেন্দ্ৰ মোদীক জনতাই তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনাব। তাৰ বাবে ৰাইজ ওলাই অহা বুলি মন্তব্য কৰি তপন কুমাৰ গগৈয়ে আৰু কয় যে ৰাজ্যত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিকাশৰ যাত্ৰা আৰম্ভ হৈছে অসমক ভাৰতৰ পাঁচখন ৰাজ্যৰ ভিতৰত আনিবৰ বাবে নিৰৱচ্ছিন্ন কাম কৰি আহিছে তাৰ বাবে ৰাইজ আজি ওলাই আহিছে। যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে মোক পুনৰবাৰ জিকাই আনি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰি পুনৰ তেওঁক প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিব। ইয়াৰ পূৰ্বে যোৰহাট ষ্টেডিয়ামত এক বিশাল জনসভা অনুস্থিত হয় আৰু এই সভাত যোৰহাট, মাজুলী আৰু শিৱসাগৰ জিলাৰ প্ৰায় চল্লিশ হাজাৰ অধিক লোক সমবেত হয়। উক্ত স্থানৰ পৰাই এখন খোলা বাহনৰ মুখ্যমন্ত্ৰী আৰু তপন কুমাৰ গগৈক লৈ ৰাইজে বৃহৎ সমদল উলিয়ায়। সমদলত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহু নিৰ্বাচনৰ দেখিলোঁ কিন্তু আজিৰ দৰে নিৰ্বাচনৰ পূৰ্বৰ এনে পৰিবেশ দেখা নাছিলোঁ। এই জনসমুদ্ৰই এই স্পষ্ট কৰিলে যে তপন কুমাৰ গগৈৰ বিশাল ভোটৰ ব্যৱধানত জয়ী হব। তেওঁ বিশ্বাস কৰে যোৰহাট লোকসভা সমষ্টিৰ তপন কুমাৰ গগৈ তিনি লাখৰ অধিক ভোটত জয় লাভ কৰিব। নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবৰ বাবে তপন গগৈক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবৰ বাবে ৰাইজক আহবান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। বিশাল সমদলটোত বিভিন্ন জাতি জনগোষ্ঠী লোকৰ নৃত্য গীতৰে বাৰেৰহনীয়া কৰি তোলে। বিজেপি জিন্দাবাদ, ভাৰত মাতা কী জয়, ড০ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে ওলাই অহা এই সমদলে  সমগ্ৰ যোৰহাট নগৰ কেইঘণ্টা মানৰ গেৰুৱা কৰি তোলে। এই সমদল ষ্টেডিয়ামৰ পৰা কে বি ৰোড হৈ পুনৰ জিলা আয়ুক্তৰ কাৰ্যালয় সন্মুখলৈ আহে আৰু তপন কুমাৰ গগৈয়ে মনোনয়ন দাখিল কৰি ঘূৰি নহা পৰ্যন্ত নগৰখনৰ মাজ মজিয়াত এক উৎসবমুখৰ পৰিবেশৰ সৃষ্টি কৰে।
প্ৰেৰক ৰঞ্জিত ভূঞা
You might also like