নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ মন্ত্রৰে উঃ–পূবত ইণ্ডাষ্ট্রিয়েল কৰিড’ৰ

দিল্লীত মুখ্যমন্ত্রী ড০ শর্মাৰ উদ্যোগ এডিবি–এনডিডিবিৰ শীর্ষ বিষয়াৰে বৈঠক

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ ‘উন্নয়নৰ মন্ত্র’ৰ অংশ স্বৰূপে উত্তৰ–পূর্বাঞ্চলত এটা ইণ্ডাষ্ট্রিয়েল কৰিড’ৰ স্থাপনৰ যো–জা চলাই থকা হৈছে৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজাববীয়াকৈ এইক্ষেত্রত উদ্যোগ গ্রহণ কৰিছে৷ নর্থ ইষ্ট ইণ্ডাষ্ট্রিয়েল কৰিড’ৰ নির্মাণৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ শর্মাই আজি প্রাৰম্ভিকভাৱে এছিয়ান ডেভেলপমেণ্ট বেংকৰ (এ ডি বি) শীর্ষ প্রতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ নতুন দিল্লীৰ আছাম হাউছত এডিবিৰ ভাৰতস্থিত সঞ্চালক কেনেচি ইয়কোয়ামা আৰু অন্যান্য বিষয়াসকলৰে অনুষ্ঠিত বৈঠকৰ পিছত মুখ্যমন্ত্রী ড০ শর্মাই সাংবাদিকৰ আগত এই কথা প্রকাশ কৰি কয় যে সমগ্র বিষয়টো এতিয়া চিন্তা–চর্চাৰ (কনচেপ্ঢ) মাজতেই সীমাবদ্ধ আছে৷ নর্থ ইষ্ট ইণ্ডাষ্ট্রিয়েল কৰিড’ৰৰ উপৰি এ ডি বিৰ ঋণত নির্মাণ কৰিবলগীয়া নামনি কপিলী জলবিদ্যুৎ প্রকল্প, দৰঙৰ আছাম স্কিল ইউনিভার্ছিটী আৰু অসম মালা প্রকল্পক লৈও মুখ্যমন্ত্রী ড০ শর্মাই এ ডি বিৰ বিষয়ববীয়াসকলৰ সৈতে আজি আলোচনা কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই প্রকল্পবোৰত এ ডি বিয়ে প্রদান কৰা ঋণবোৰ বিভিন্ন পর্যায়ত আছে৷ প্রকল্পবোৰৰ কাম ত্বৰান্বিত কৰাৰ বাবেই আজিৰ এই বৈঠকখন অনুষ্ঠিত কৰা হয়৷

উল্লেখ্য যে যোৱা সোমবাৰে দিল্লীস্থিত আছাম হাউছত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক প্রকল্পক লৈ ৱর্ল্ড বেংকৰ শীর্ষ বিষয়াসকলৰ সৈতে আন এখন বৈঠকত মিলিত হৈছিল৷ উল্লেখ্য যে মুখ্যমন্ত্রীয়ে চলিত সপ্তাহত প্রধানমন্ত্রীৰ পৰা কেইবাজনো কেন্দ্রীয় মন্ত্রীৰ সৈতে ধাৰাবাহিক আলোচনাত মিলিত হোৱাৰ পিছত বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্রী ড০ শর্মাই মুম্বাইলৈ উৰা মাৰিছিল৷ শুকুৰবাৰৰ পৰা মুম্বাইত চলি থকা দেশৰ বিজেপি বিধায়কসকলৰ তিনিদিনীয়া কর্মশালাত অংশগ্রহণ কৰিবলৈ যোৱা মুখ্যমন্ত্রী ড০ শর্মাই আজি বিয়লি দিল্লীলৈ আহি এ ডি বিৰ উপৰি নেচনেল ডায়েৰী ডেভেলপমেণ্ট ব’ডৰ (এন ডি ডি বি) বিষয়াসকলৰ সৈতে আন এখন বৈঠকত মিলিত হয়৷ ড০ শর্মাই প্রকাশ কৰা মতে, চলিত মাহত এন ডি ডি বিৰ সৈতে অসম চৰকাৰে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব৷ অসমত দৈনিক ১০ লাখ লিটাৰ দুগ্ধ উৎপাদনৰ এক অভিলাষী আঁচনিৰ বাবে এন ডি বি বিৰ সৈতে লগ লাগি অসমত যৌথ সংস্থা এটা গঠন কৰা হ’ব৷ যাৰ জৰিয়তে অসমত ৫টা দুগ্ধজাতীয় সামগ্রী উৎপাদনৰ ইউনিট স্থাপন কৰা হ’ব৷ তেওঁ প্রকাশ কৰা মতে, কেন্দ্রীয় মন্ত্রী পুৰুষোত্তম ৰূপালাৰ উপস্থিতিত গুৱাহাটীত ২১ৰ পৰা ২৫ নৱেম্বৰৰ ভিতৰত এন ডি ডি বিৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰা হ’ব৷

আনহাতে মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, আজি নিশা তেওঁ পুনৰ মুম্বাইলৈ উৰা মাৰিব দলৰ বিধায়কসকলৰ কর্মশালাত যোগদানৰ বাবে৷ কাইলৈ কর্মশালাৰ অন্তিম দিনাত অংশগ্রহণ কৰি নিশাৰ ভাগত তেওঁ পুনৰ দিল্লীলৈ উভতি আহিব৷ সোমবাৰেহে তেওঁ গুৱাহাটীলৈ উভতি যাব৷ ইপিনে, ডিচেম্বৰৰ প্রথম সপ্তাহত ৰাজ্যৰ সহস্রাধিক মুছলমান মহিলাৰ সৈতে মুখ্যমন্ত্রীয়ে এখন বৈঠকত অংশগ্রহণ কৰাৰ বাতৰি প্রসংগত ড০ শর্মাই আজি কয় যে ইতিমধ্যে ৰাজ্যৰ খিলঞ্জীয়া মুছলমান দলৰ সৈতে এখন বৈঠক আমি পাতিছিলোঁ৷ এতিয়া অধিভাষী মুছলমানসকলৰ সৈতে বৈঠক পতাৰ কথা আমি ভাবিছেছা৷ সেয়েহে ডিচেম্বৰত মুছলমান সমাজৰ মহিলাসকলৰ সৈতে, যেনে– তেওঁলোকে চলোৱা এনজিঅ’–বিভিন্ন সংগঠনৰ প্রতিনিধি, শিক্ষক, অধ্যাপকসকলৰ সৈতে আলোচনা কৰি তেওঁলোকৰ সমস্যাৰ কথা বুজ লোৱা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, প্রতি ছয় মাহৰ মূৰে মূৰে ৰাজ্যৰ খিলঞ্জীয়া দল–সংগঠনসমূহ সৈতেও তেওঁ আলোচনাত মিলিত হ’ব তথা তেওঁলোকৰ সমস্যাৰ বুজ ল’ব৷

You might also like