নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছাম ৰাইফলছৰ কর্নেল–পত্নী–পুত্রসহ নিহত সাত

মণিপুৰৰ থিংঘাটত পিএলএ উগ্রপন্থীৰ ভয়াৱহ এম্বুশ্ব

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ উত্তৰ–পূর্বাঞ্চলৰ মণিপুৰত উগ্রপন্থীৰ ভয়াৱহ এম্বুশ্বত আছাম ৰাইফলছৰ কর্নেলসহ সাতজনৰ প্রাণহানি হৈছে৷ ভাৰত–ম্যানমাৰ সীমান্তৰ মণিপুৰৰ চূড়াচন্দ্রপুৰ জিলাৰ ছিংহাটৰ ছেহকেন গাঁৱৰ সমীপত দিনৰ ১১ বজাত পৰিয়ালসহ আছাম ৰাইফলছৰ কর্নেল বিপ্লৱ ত্রিপাঠীৰ কনভয় গৈ থাকোঁতেই ইতিপূর্বে খাপপিটি থকা সন্দেহযুক্ত পিপল্ছ লিবাৰেচন আর্মী, চমুকৈ পিএলএ উগ্রপন্থীয়ে আক্রমণ কৰে৷ উগ্রপন্থীৰ আক্রমণত আছাম ৰাইফলছৰ কর্নেল বিজয় ত্রিপাঠী (চি’–৪৬এআৰ), তেওঁৰ পত্নী আৰু ৯ বছৰীয়া পুত্র সন্তানৰ লগতে চাৰিজন জোৱানৰ মৃত্যু ঘটে৷ আছাম ৰাইফলছে বিবৃতিযোগে প্রকাশ কৰা মতে, দিনৰ ১১ বজাত ভাৰত–ম্যানমাৰ সীমান্তৰ স্তম্ভ নম্বৰ ৪৩ৰ সমীপত বেহিয়াং আৰক্ষী থানাৰ অন্তর্গত ছেহকান গাঁৱত কর্নেল বিপ্লৱ ত্রিপাঠীৰ কনভয়ত উগ্রপন্থীয়ে ভয়াৱহ আক্রমণ চলায়৷ বেহিয়াং কোম্পানী প’ষ্টৰ পৰা পৰিয়ালসহ কর্নেল ত্রিপাঠী উভতি গৈ থাকোঁতে উক্ত স্থানত উগ্রপন্থীয়ে এম্বুশ্ব কৰে৷

এই আক্রমণত ত্রিপাঠীৰ লগতে তেওঁৰ পত্নী আৰু ৯ বছৰীয়া পুত্রৰ মৃত্যু ঘটাৰ লগতে তেওঁৰ কনভয়ত থকা আন চাৰিজন জোৱানৰো মৃত্যু হয়৷ মৃত চাৰি জোৱানক সুমন স্বর্গীয়াৰী, খাটনেই কন্যাক, আৰ পি মিনা আৰু শ্যামল দাস বুলি চিনাক্ত কৰিছে৷ ২০১৮ চনৰ ৪ জুনৰ পাছত মণিপুৰত নিৰাপত্তা বাহিনীৰ ওপৰত উগ্রপন্থীয়ে চলোৱা এইটো বৃহৎ আক্রমণ৷ উগ্রপন্থীৰ আক্রমণৰ পাছতে সমগ্র অঞ্চলটোত আছাম ৰাইফলছকে ধৰি নিৰাপত্তা বাহিনীয়ে আক্রমণকাৰীৰ সন্ধানত অভিযান চলাইছে৷ মণিপুৰত আছাম ৰাইফলছৰ ওপৰত পিএলএ উগ্রপন্থীৰ আক্রমণক কঠোৰ ভাষাৰে গৰিহণা জনাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদী, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিং, অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি দেশৰ কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রীয়ে৷

আছাম ৰাইফলছৰ কর্নেলসহ সাতজনক উগ্রপন্থীয়ে হত্যা কৰা ঘটনাৰ গৰিহণা জনাই প্রধানমন্ত্রী মোদীয়ে টুইটযোগে কয়– মণিপুৰত আছাম ৰাইফলছৰ কনভয়ৰ আক্রমণক কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ৷ আজি শ্বহীদ হোৱা জোৱান আৰু পৰিয়ালৰ লোকক মই শ্রদ্ধাঞ্জলি জনাইছোঁ৷ তেওঁলোকৰ বলিদান কেতিয়াও পাহৰিব পৰা নাযাব৷ নিহতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷ ইপিনে, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে টুইটাৰত কয়– মণিপুৰৰ চূড়াচন্দ্রপুৰত আছাম ৰাইফলছৰ কনভয়ত কাপুৰুষালি আক্রমণ অতি বেদনাদায়ক আৰু গৰিহণাৰ যোগ্য৷ কর্নেল আৰু তেওঁৰ পৰিয়ালৰ সদস্যসহ ৫ সাহসী জোৱানে প্রাণ হেৰুৱালে৷ নিহতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷ আক্রমণকাৰীক শীঘ্রেই ন্যায়ৰ মজিয়ালৈ অনা হ’ব৷ আক্রমণ সংঘটিত ৰাজ্যখনৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে উগ্রপন্থীৰ আক্রমণক কঠোৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে নিহতৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে৷

অর্ধসামৰিক বাহিনী আৰু ৰাজ্যৰ আৰক্ষীয়ে আক্রমণকাৰীক বিচাৰি অভিযান চলাইছে৷ মুখ্যমন্ত্রীগৰাকীয়ে এই আক্রমণ ম্যানমাৰৰ পৰা আহি উগ্রপন্থীয়ে চলোৱা বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে৷ আনহাতে, অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মণিপুৰত আছাম ৰাইফলছৰ ওপৰত উগ্রপন্থী আক্রমণৰ তীব্র নিন্দা ব্যক্ত কৰি সাংবাদিকৰ আগত কয়– মণিপুৰৰ আজিৰ এই ঘটনা যথেষ্ট দুর্ভাগ্যজনক৷ মই ভাবোঁ এই কার্যই (উগ্রপন্থীৰ আক্রমণ) উত্তৰ–পূবৰ শান্তি আৰু উন্নয়নৰ প্রক্রিয়াত ব্যাঘাত সৃষ্টি কৰিব৷ মই নিশ্চিত যে মণিপুৰ চৰকাৰে এইক্ষেত্রত উপযুক্ত ব্যৱস্থা গ্রহণ কৰিব৷ উল্লেখ্য যে  আছাম ৰাইফলছৰ আক্রমণত জড়িত থকা পিএলএ ১৯৭৮ চনৰ ২৫ ছেপ্টেম্বৰত এন বিশ্বেশ্বৰ সিঙে প্রতিষ্ঠা কৰিছিল৷ ভাৰতৰ পৰা পৃথক আৰু মণিপুৰক স্বাধীন কৰাৰ বাবেই এই সশস্ত্র সংগঠনটোৰ জন্ম দিছে৷

You might also like