নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্ৰিম বানত ডুব গ’ল উত্তৰ গুৱাহাটীৰ বহু অঞ্চল, অশ্বক্লান্ত পাহাৰত ভূমিস্খলন

নিয়মীয়া বাৰ্তা ২৭ মেঃ যোৱা কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ গুৱাহাটীৰ কলজে নগৰ পূজা মণ্ডপ আৰু বজাৰৰ সন্মূখ ভাগৰ লগতে কৃত্ৰিম বানত ডুবিল বহু অঞ্চল ৷ যোৱা দুদিন ধৰি অহা বৰষুণতে বৃহত্তৰ অঞ্চলটিত পানীৰে একাকাৰ হৈ পৰাত যাতায়তৰ ক্ষেত্ৰতো ভীষণ অসুবিধাৰ সৃষ্টি হৈছে । আম্ফন অহাৰে পৰা বৰষুণত উত্তৰ গুৱাহাটীৰ ৰহধলা ,মধুপুৰ কটাহবজাৰ ,ৰূদ্ৰেশ্বৰ অভয়পুৰ, কলবাৰী, এই ৰূদ্ৰেশ্বৰ গাওঁ পঞ্চায়তৰ বহু অঞ্চল কৃত্ৰিম বানত হাবুদাবু খাইছে ৷ কটাহবজাৰ ৰহধলা সংযোগী পথটো আশেপাশে বাসকৰা পোন্ধৰটা পৰিয়াল বৰ্তমান পানীৰ তলত। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ চৌহদতো কৃত্ৰিম বানে ডুবাইছে।

আনহাতেদি বতৰ বিজ্ঞানীৰ আগজাননী অনুসৰি কেইবাদিনো একেৰাহে বৰষুণৰ আশংকা কৰা হৈছে। বতৰ বিজ্ঞানী আগজাননী সত্য প্ৰমাণিত হলে বহু গাৱঁৰ জনতা কৃত্ৰিম বানত ডুব যোৱাটো নিশ্চিত।
ইয়াৰ মুলতে ঘোৰাজানটোত হোৱা বেদখল ৷ লগতে যধেমধে চলোৱা নিৰ্মাণ কাৰ্য , পৰিকল্পিত নলা নৰ্দমাৰ অভাৱ ৷ উত্তৰ গুৱাহাটী নগৰ সমিতিৰ অন্তৰ্গত মাজগাঁৱত দেখা গৈছে কৃত্ৰিম বান। আনহাতে উত্তৰ গুৱাহাটী নগৰ সমিতিৰ অধীনত ৩ নং ৱাৰ্ডৰ অশ্বক্লান্ত দেৱালয় আৰু পাহাৰৰ ওপৰত থকা পানী যোগান আঁচনিলৈ যোৱা পথ এটা বছৰতে দুবাৰ কৈ ভাঙিল। যোৱা ২৮,২৯ আৰু ১ মাৰ্চত সম্পন্ন হোৱা মহাযজ্ঞত অসম ৰাজ্যপাল জগদীশ মুখীয়ে অংশগ্ৰহণ কৰিছিল। সেইবাবে পথছোৱা নতুনকৈ বনোৱা হৈছিল । কিন্তু ই পুনৰ বিধ্বস্ত ৰূপত আছে। যোৱা নিশা বৰষুণ জাকত পথৰ এটা অংশ খহি পৰিছে ভূমিস্খলনৰ ফলত। এই পথটোৰে নিৰ্মিয়মান জাইকা প্ৰজেক্টলৈ গধুৰ বাহন সমূহ চলাচল কৰাৰ বাবে পথটো বাৰে বাৰে নষ্ট হয় । পথ একেবাৰে নষ্ট হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে। পথটোৰে যানবাহন চলাচলৰ অনুপযোগী হলে উত্তৰ গুৱাহাটীৰ পানী যোগান আঁচনিত প্ৰভাৱ পৰাতো নিশ্চিত।
ৰজাদুৱাৰ গড়ৰ সমীপত হাইটেক কোম্পানীয়ে নলাৰ কাম অসম্পূৰ্ণ কৰাৰ বাবে বৰষুণৰ পানী ওলাই যাব নোৱাৰাত কেইবা ঘৰ লোকৰ ঘৰত পানী সোমোৱাইছে । লগতে জল নিস্কাশন পথ নথকাৰ বাবে এই মানুহ কেইঘৰে হাৰাশাস্তিৰ সন্মূখীন হৈছে। উত্তৰ গুৱাহাটী লঠিয়াবাগিছাতো কৃত্ৰিম বানত বহু পৰিয়ালে যন্ত্ৰণা ভূগি আহিছে বছৰ বছৰ ধৰি।
গতিকে সময় থাকোতেই উত্তৰ গুৱাহাটীত সুপৰিকল্পিত নগৰ হিচাপে গঢ় দিবলৈ প্ৰথমে বৈজ্ঞানিক পদ্ধতিৰে নগৰ আৰু গ্ৰাম্যাঞ্চলৰ নলা নৰ্দমাবোৰ পুনৰ নিৰ্মাণ কৰিব লাগে ৷গতিকে এই সমস্যা সমাধানৰ বাবে এক মাষ্টাৰ প্লেন বনাই তাৰ আধাৰত জল নিস্কাসন কৰিব লাগে বুলি ৰাইজে জিলা প্ৰশাসনৰ ওচৰত দাবী জনায়।

You might also like