নিয়মীয়া বাৰ্তা, ২৭ মেঃ কামৰূপ জিলাৰ ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বাটাকুছি নাথপাৰা পথটোৰ দুৰাৱস্থাই অঞ্চলবাসীক জলাকলা খুৱাইছে । সেই অঞ্চলবাসী ৰাইজৰ দুৰ্দশাৰ প্ৰতি কোনো দলৰ নেতাই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । স্বাধীনতাৰ ৭০ বছৰ পিছতো কোনো এজন নেতাই সেই পথটো পকীকৰণ কৰাৰ ক্ষেত্ৰত আজি পৰ্যন্ত গুৰুত্ব নিদিলে । সেই অঞ্চলবাসী ৰাইজক প্ৰতিটো দলৰ নেতাই ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে। নিৰ্বাচন আহিলে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই গৈ আশ্বাস দি আহে যদিও সময়ত কোনো গুৰুত্ব নিদিয়ে বুলি সচেতন ৰাইজে অভিযোগ কৰে । সেয়ে এই পথটোৰ সমস্যা অতিশীঘ্ৰে সমাধান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক তথা ৰাজ্যৰ গড়কাপ্তানী মন্ত্রীক অনুৰোধ জনাইছে ৰাইজে ।
আনহাতে, ছয়গাঁৱৰ কলিতাপাৰা পথটোৰ দুৰাৱস্থাই প্ৰতিবছৰে উক্ত এলেকাত বাস কৰা ৰাইজক দুৰ্ভোগ ভুগাইছে । উল্লেখ্য যে ছয়গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেইমিটাৰ নিলগত থকা এই পথটোৰ সমস্যা আজি পৰ্যন্ত সমাধান নোহোৱাত তেওঁলোকে ক্ষোভ উজাৰে । নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ নেতা-পালিনেতাই পথটোৰ সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে যদিও সময়ত পাহৰি যায় বুলি সচেতন ৰাইজে অভিযোগ উত্থাপন কৰে । এই পথটোৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে সেয়া সময়তহে হ’ব লক্ষণীয় ।
You might also like