নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাছৰ ভঁৰালত চালানী মাছৰ পয়োভৰঃ উত্তৰ শালমাৰা মহকুমাত মুষলধাৰ বৰষুণতো নাই মাছৰ উজান উঠাৰ নান্দনিক দৃশ্য

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ বিগত প্ৰায় এপষেক ধৰি অহা নেৰানেপাৰা মুষলধাৰ বৰষুণত খাল-বিল, পথাৰ উপচি পৰিছে যদিও কাৱৈ, পুঠি আদিৰ উজান উঠাৰ নান্দনিক দৃশ্য বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাত এতিয়া যেন সাধুকথা হৈ পৰিছে।কিছুবছৰ আগলৈকে চ’ত ব’হাগৰ দোপালপিতা বৰষুণত খাল,বিল, পিটনিৰ পৰা পথাৰবোৰলৈ কাৱৈ, মাগুৰ, শিঙি আদি মাছৰ উজান উঠাৰ দৃশ্য সহজলভ্য আছিল। নিশাৰ বৰষুণৰ পাছতে বোৱাৰী পুৱাতে মহিলাসকলে চোতাল সাৰিবলৈ লওঁতে গণ্ডাই-গণ্ডাই কাৱৈ মাছ ধৰা, পথাৰত গৰু এৰাল দিবলৈ যাওঁতে পোনৰ হিচাপত কাৱৈ মাছ ধৰা এতিয়া বহুতৰ বাবে নষ্টালজিক। উল্লেখ্য যে জিলাখনৰ ব্ৰহ্মপুত্ৰ, আই, মানাহ, চম্পা, কুজিয়া আদি নৈৰ লগতে তামৰাঙা, কনৰা, কয়াকুজিয়া, দলনি, চলচলি, ৰৌমাৰী আদি বিলৰ উপৰি অসংখ্য ডবা-পিটনিত ৰৌ, বৰালি, ভকুৱা, মিৰিকা, লাচিম, ভাঙন, বৰলিয়া , শিঙি, মাগুৰ, শ’ল, শাল, কাৱৈ, পুঠি, শিঙৰা, খলিহনা, গেদগেদী, গেটু, তৰা, কোকিলা, মোৱা, চন্দা আদি সোৱাদযুক্ত থলুৱা মাছ উভৈনদী আছিল। উক্ত মাছৰ ওপৰত নিৰ্ভৰ কৰিয়েই অভয়াপুৰী, যোগীঘোপা, চলন্তাপাৰা, হৰিপানী, কাবাইটাৰী, মালেগড়, উত্তৰ শালমাৰা, লেংটিছিঙা আদিত মাছৰ বৃহৎ বজাৰবোৰ গঢ়ি উঠিছিল। উৎপাদিত মাছেৰে থলুৱা চাহিদা পুৰণ হোৱাৰ লগতে বহিঃৰাজ্যলৈও সৰবৰাহ হৈছিল মাছ।মাছ সমাজ জীৱনৰ অংগ হোৱাৰ বাবে মাছৰ নামেৰে বহু অঞ্চল নামকৰণ হৈছিল। মোৱামাৰী , ৰৌমাৰী, টেংনামাৰী , শিঙিমাৰী, বোৱালিমাৰী, দৰকিনামাৰী আদি অঞ্চলবোৰ মাছৰ নামেৰেই নামাংকিত হৈছিল।কিন্তু এতিয়া মাছৰ ভৰাঁলতে চালানী মাছৰ পয়োভৰ ঘঠিছে। নিতৌ ট্ৰাকে-ট্ৰাকে অন্ধপ্ৰদেশ আদি ৰাজ্যৰ পৰা চালানী মাছ জিলাখনৰ বজাৰবোৰলৈ সৰবৰাহ হৈ আহিছে।মাছৰ পৰ্যাপ্ত উৎস থকাৰ পাছতো মাছৰ বাবে আন ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগাৰ মূলতে চৰকাৰৰ সোপাধিলা মীন নীতিকে দায়ী কৰিছে সচেতন মহলে।বৰ্তমানে মীন আইন উলংঘা কৰি গাভিনী মাছ মাৰিয়েই আছে যদিও কানসাৰ নাই মীন বিভাগৰ ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like