নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম শিক্ষাৰ্থী সমাৰোহ সম্পন্ন 

বিশেষ বাৰ্তা,  ১১ এপ্ৰিল : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথমখন প্ৰাক্তন সন্মিলন আজি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অতি সফলতাৰে সমাপন হয় ৷ প্ৰাক্তন ছাত্ৰদ্বয় অনন্ত হাজৰিকা আৰু হিৰণ্য কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটো পুৱা ১১ বজাত বিশ্ববিদ্যালয় সংগীত পৰিৱেশন আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় ৷ উদযাপন সমিতিৰ সম্পাদক গৌৰী প্ৰসাদ শৰ্মাই আদৰণী ভাষণত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি উপস্থিত সকলোকে অনুষ্ঠানলৈ আদৰণি জনোৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ লগত জড়িত সকলোকে শ্ৰদ্ধাসহকাৰে সোঁৱৰণ কৰে ৷ অনুষ্ঠানত উদ্বোধক হিচাপে অংশ গ্ৰহণ কৰে প্ৰতিদিন টাইমৰ নগাঁৱৰ সাংবাদিক বীৰেণ বৰাই ৷ উদ্বোধনী ভাষণত বৰাই বিশ্ববিদ্যালয়ৰ জন্মৰে পৰা শিক্ষানুষ্ঠানখনৰ প্ৰচাৰ আৰু প্ৰসাৰত নগাঁৱৰ সংবাদ মাধ্যমে কৰি যোৱা অবদানৰ কথা উল্লেখ কৰি শিক্ষানুষ্ঠানখন আগুৱাই যোৱাত সহায়ক হোৱাকৈ কেতবোৰ পৰামৰ্শ আগৱঢ়াই ৷ “শংকৰদেৱে অন্ধকাৰৰ বিপৰীতে পোহৰৰ সন্ধান কৰিবলৈ যুঁজিব লগা হৈছিল ৷ গতিকে শংকৰদেৱ আমাৰ বাবে সদায় স্মৰণীয়” সভাত মুখ্য বক্তা হিচাপে অংশ লৈ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক, সাহিত্যক অৰিন্দম বৰকটকীয়ে এই মন্তব্য আগবঢ়াই ৷ তেওঁ লগতে আৰু কয় যে, ”মৰি যোৱা কলঙক জিলিকাব এই শংকৰদেৱ বিশ্ববিদ্যালয়ে ৷ বিশ্ববিদ্যালয়খনৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ স্বাৰ্থত নগঞা বাসীৰ দায়িত্ব আৰু কৰ্তব্য যথেষ্ট আছে।” অনুষ্ঠানতে অংশলৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য ড° মৃণাল কুমাৰ বৰাই বিশ্ববিদ্যালয়ৰ আগন্তুক দিনত সমাপন কৰিব লগীয়া কৰ্মৰাজীৰ আলোকপাত কৰে ৷ লগতে, আগন্তুক ২৮-২৯ এপ্ৰিলত হ’বলগীয়া ইউ.জি.চি-ৰ ভিজিট সম্পৰ্কে অৱগত কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰথম প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহখন সুকলমে সমাপন কৰাত সহায় কৰা সকলোকে ধন্যবাদ জনাই ৷ ইয়াৰ পিছতে শিক্ষানুষ্ঠানখনৰ আই.কিউ.এচ.চিৰ সমন্বয়ক ড° অজিত দেৱনাথেও মন্তব্য আগৱঢ়াই ৷ আয়োজক সমিতিৰ সভাপতি অখিল কুমাৰ বৰাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, ন-পুৰনি শিক্ষাৰ্থীসকলো উপস্থিত থাকে ৷ আনুষ্ঠানিক অনুষ্ঠানৰ পিছতেই বিয়লি চাৰি বজালৈকে এখন অনানুষ্ঠানিক সভাও সমাপন হয় ৷ য’ত প্ৰাক্তন শিক্ষাৰ্থীসকলে স্মৃতিৰ ৰোমন্থন কৰাৰ লগতে নতুন শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপক – অধ্যাপিকাসলও বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী গোটৰ স্থায়ী কমিটিখন আজি গঠন কৰা হয় ৷ বিশ্ববিদ্যালয়খনৰ প্ৰথম শিক্ষাৰ্থী সমাৰোহত অখিল কুমাৰ বৰাক সভাপতি, গৌৰী প্ৰসাদ শৰ্মাক সম্পাদক, অনন্ত হাজৰিকাক উপ-সভাপতি, যুটীয়া সম্পাদক হিচাপে হিৰণ্য কুমাৰ বৰা আৰু দেৱাশিস বাঢ়ৈক সৰ্বসন্মতি ক্ৰমে নিৰ্বাচন কৰা হয় ৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰমুখ্যে সকলোৱে নতুন কমিটিখনক ধন্যবাদ আৰু শুভেচ্ছা জনাই সমিতিখনক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিছে ৷

প্ৰেৰক কনক হাজৰিকা

You might also like