নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ নষ্টালজিয়াত পৰিণত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্রিক)৷ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অধীনত চলিত বর্ষত অন্তিমবাৰৰ বাবে অনুষ্ঠিতব্য মেট্রিকত বহু নতুনত্ব পৰিলক্ষিত হ’ব৷ প্রথমবাৰৰ বাবে মেট্রিকত অ’এমআৰ শ্বীটৰ ব্যৱস্থা কৰিছে ছেবাই৷ মুঠ চাৰিটা বিষয় ক্রমে গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত পৰীক্ষার্থীয়ে ব্যৱহাৰ কৰিব লাগিব অ’এমআৰ শ্বীট৷ এই চাৰিটা বিষয়ত ১ নম্বৰৰ ৪৫টা প্রশ্ন অ’এমআৰ শ্বীটত সন্নিৱিষ্ট হোৱাৰ বিপৰীতে পৃথক এখন বহীত ছাত্র-ছাত্রীয়ে আন ৪৫ নম্বৰৰ দীঘলীয়া প্রশ্নৰ উত্তৰ লিখিব লাগিব৷ অর্থাৎ পৰীক্ষার্থীসকলে লাভ কৰিব ৪৫ নম্বৰৰকৈ দুখন প্রশ্ন কাকত৷ অ’এমআৰ শ্বীট ব্যৱহাৰৰ ক্ষেত্রত ছেবাই কেতবোৰ নিয়ম নির্দিষ্ট কৰি দিছে৷ সেই অনুসৰি অ’এমআৰ শ্বীটত থাকিবলগীয়া বৃত্তবোৰ সম্পূর্ণকৈ ক’লা কৰিবলৈ কেৱল মাত্র নীলা অথবা ক’লা ৰঙৰ বল পইণ্ট কলমহে ব্যৱহাৰ কৰিব লাগিব৷ প্রতিটো প্রশ্নৰ উত্তৰৰ বিপৰীতে মাত্র এটাকৈ বৃত্তহে ক’লা কৰিব লাগিব আৰু বৃত্তটো ক’লা কৰিলেহে মূল্যাংকন কৰা হ’ব৷ উত্তৰ এবাৰ চূড়ান্ত হিচাপে ক’লা কৰি দিয়াৰ পিছত কোনো ধৰণৰ সালসলনি কৰিবলৈ দিয়া নহ’ব৷ সেইদৰে কোনো ধৰণৰ খচৰা কার্যৰ বাবে অ’এমআৰ শ্বীটৰ পৃষ্ঠাটো ব্যৱহাৰ কৰিব নোৱাৰিব পৰীক্ষার্থীয়ে৷ অ’এমআৰ শ্বীটৰ পৃষ্ঠাটোত কোনো ধৰণৰ ভাঁজ দিয়া, ফলা, আঁচোৰা অথবা ষ্টেপল পিন ব্যৱহাৰ কৰিব নোৱাৰিব৷ প্রতিটো প্রশ্নৰ বিপৰীতে নির্দিষ্ট এটাতকৈ বেছি বৃত্ত ক’লা কৰিলে সেই প্রশ্নৰ মূল্যাংকন কৰা নহ’ব৷ পৰীক্ষার্থীসকলৰ সুবিধার্থে এডমিট কার্ডত প্রথমবাৰৰ বাবে অ’এমআৰ শ্বীট ব্যৱহাৰ সম্পর্কীয় বিতং বর্ণনা ছেবাৰ তৰফৰ পৰা দাঙি ধৰিছে৷ ইয়াৰ জৰিয়তে অ’এমআৰ শ্বীট কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া পৰীক্ষার্থী আৰু অভিভাবকসকলে চাব পাৰিব৷ পৰীক্ষার্থীসকলৰ বাবে নতুনকৈ নির্ধাৰণ কৰি দিয়া কেতবোৰ নিয়মৰ বিষয়ে আজি ‘নিয়মীয়া বার্তা’ৰ আগত সদৰি কৰে ছেবাৰ সচিব নৰনাৰায়ণ নাথ আৰু পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাই৷ তেওঁলোকে প্রকাশ কৰা অনুসৰি ছেবাই নির্ধাৰণ কৰি দিয়া সময়তকৈ ১০ মিনিট পূর্বে পৰীক্ষার্থীসকলে পৰীক্ষা কেন্দ্রত উপস্থিত হ’ব লাগিব৷ অর্থাৎ আগবেলা ৯ বজাত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ ক্ষেত্রত পূর্বৰ ৮.৩০ বজাৰ পৰিৱর্তে ৮.২০ বজা আৰু পিছবেলা ১.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ ক্ষেত্রত পূর্বৰ ১ বজাৰ পৰিৱর্তে ১২.৫০বজাত উপস্থিত হ’ব লাগিব পৰীক্ষার্থীসকল৷ পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৫ মিনিট পূর্বে প্রশ্ণকাকত সমূহ বিতৰণ কৰা হ’ব৷ প্রশ্ণকাকত পঢ়িবলৈ পৰীক্ষার্থীসকলে পাব ৫ মিনিট সময়৷ ইতিমধ্যে ছেবাৰ তৰফৰ পৰা প্রতিটো পৰীক্ষা কেন্দ্রলৈ এডমিট কার্ড প্রেৰণ কৰা হৈছে৷ পৰীক্ষা কেন্দ্রসমূহত পূর্বৰ দৰেই ছেবাই তীক্ষ্ণ দৃষ্টি ৰাখিব৷ প্রতিটো পৰীক্ষা কেন্দ্রতে চিচি টিভি সংস্থাপন কৰাৰ লগতে ১০০ মিটাৰ ব্যাসার্ধত ১৪৪ ধাৰা বলৱৎ থাকিব৷ এইবাৰ ছেবাই মূল্যাংকন জ’নৰ সংখ্যা ৩৯টালৈ বৃদ্ধি কৰিছে৷ যাৰ ফলত ৰঙালী বিহুৰ পূর্বে ফলাফল ঘোষণা কৰিব পৰা যাব বুলি সম্ভাৱণীয়তা ব্যক্ত কৰে ছেবাৰ সচিব নাথ আৰু পৰীক্ষা নিয়ন্ত্রক শর্মাই৷ উল্লেখ্য যে অহা ১৬ ফেব্রুৱাৰীৰ পৰা ৪ মার্চলৈ ৰাজ্যত মেট্রিক অনুষ্ঠিত কৰাৰ সময়সূচী ইতিমধ্যে প্রকাশ কৰিছে৷ ইয়াৰ পূর্বে ২ আৰু ৩ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব প্রেক্টিকেল পৰীক্ষা৷ মুঠ ৯১৩টা কেন্দ্রত অনুষ্ঠিত হ’বলগীয়া মেট্রিকত অৱতীর্ণ হ’ব ৪,২৭,৯২২জন পৰীক্ষার্থী৷
#বিকাশ শর্মা