বিজেপিৰে মিত্রতা নকৰিলে মূৰ দাঙি উঠিব কংগ্রেছ–সাম্প্রদায়িক শক্তি
কমলপুৰত দহ সহস্রাধিকৰ সমাৱেশত অগপৰ সভাপতি অতুল বৰা
নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ কমলপুৰ সমষ্টিৰ বিহদিয়াত আজি একপ্রকাৰ বিধায়ক সত্যব্রত কলিতাৰ হৈ নির্বাচনী ৰণশিঙা বজাই অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ঘোষণা কৰিলে অসমত ভাৰতীয় জনতা পার্টীৰ নেতৃত্বত পুনৰ মিত্রজেজাটৰ চৰকাৰ গঠন হ’ব৷ অহা এপ্রিলত হ’বলগীয়া বিধান সভা নির্বাচনতো মিত্রজেজাটৰ অংশীদাৰ হিচাপে চৰকাৰ গঠনত সহযোগী হিচাপে থাকিব অসম গণ পৰিষদ৷ কমলপুৰ বিধান পৰিষদৰ উদ্যোগত বিহদিয়া হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত এই মন্তব্য কৰে দলৰ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাই৷কমলপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন প্রান্তৰ পৰা অহা ১০ সহস্রাধিক দলীয় কর্মীক সম্বোধি সভাপতি অতুল বৰাই কয়,বহুতে আমাক বিজেপিৰ ওচৰত বিক্রী যোৱা বুলি সমালোচনা কৰে৷ হয় যোৱা ২০১৬ৰ নির্বাচনত অসম গণ পৰিষদে ভাৰতীয় জনতা পার্টীৰ সৈতে নির্বাচনী বুজাবুজি অর্থাৎ মিত্রতা কৰিবলৈ বাধ্য হৈছিলো৷ কিন্তু মিত্রতা মানে আত্মসমর্পণ কৰা নুবুজায়৷বাস্তৱক স্বীকাৰ কৰি আমি বিজেপিৰ লগত মিত্রতা কৰিছেছা৷ কাৰণ মিত্রতা নকৰিলে কংগ্রেছ আৰু সাম্প্রদায়িক শক্তিসমূহে মূৰ দাঙি উঠিব অসমত৷ সেই কাম আমি কেতিয়াও হ’বলৈ নিদিওঁ৷ ভাৰতীয় জনতা পার্টীৰ লগত মিত্রতা থাকিলেও আমাৰ ধর্ম নিৰপেক্ষ চৰিত্র অটুট থাকিব৷ মিত্রতাত থাকি ৰাজ্যৰ প্রতিটো জাতি–জনগোষ্ঠীৰ সমমর্যাদা, সম বিকাশ আৰু সম অধিকাৰৰ কাৰণে জোৰ দি যাব অসম গণ পৰিষদে৷ সেই বাবে আমি চৰকাৰত থাকি ৰাইজৰ কাম কৰি যাম৷বর্তমানৰ মিত্রজেজাটৰ চৰকাৰখনক এখন গুড গৱর্নমেণ্ট আখ্যা দি সভাপতি অতুল বৰাই কয় যে এই চৰকাৰৰ দিনত গ্রাম্য অর্থনীতিৰ বুনিয়াদ শক্তিশালী হৈছে৷ চৰকাৰৰ সকলো বিভাগতে দুর্নীতিমুক্ত পৰিৱেশ গঢ়ি উঠিছে৷ উন্নয়নমূলক আঁচনিসমূহৰ কথা আজি ৰাইজৰ মুখে মুখে প্রচলিত হৈছে৷ কমলপুৰ সমষ্টিত ৩৫০ কিলোমিটাৰ পথ পকীকৰণ হৈছে মিত্রজেজাটৰ চৰকাৰৰ দিনত৷ সত্যব্রত কলিতা বিধায়ক হোৱা বাবে সম্ভৱ হৈছে এই কাম৷
একাংশ জাতীয়তাবাদী ৰাজনৈতিক নেতা আৰু সাম্প্রদায়িক শক্তিসমূহক সকীয়নি দি কৃষিমন্ত্রী অতুল বৰাই কয় যোৱা কেইটামান দিনত আমি য’তে সভা–সমিতি কৰিবলৈ গৈছো তাতে দলৰ কর্মীসকলক অধিক উদ্যম দেখিছোঁ৷ অসম গণ পৰিষদে আগন্তুক দিনত প্রগতিশীল মহামন্ত্রৰে ৰাইজৰ কাষলৈ ধাৱমান হৈছে৷ এই অনিৰুদ্ধ যাত্রাক কোনেও ভেটা দিব নোৱাৰে৷ যোৱা সময়ত আমি ভুল নকৰা নহয়৷ সেই কাৰণে আমি আত্মশুদ্ধি কৰিছোঁ৷ আমাৰ দলত নতুন তেজৰ আৱির্ভাৱ ঘটিছে৷ ছবছৰীয়া গণ আন্দোলনৰ ফলত জন্মগ্রহণ কৰা অসম গণ পৰিষদে আগন্তুক দিনত নতুন অর্থনৈতিক পৰিকল্পনা, নতুন চিন্তাধাৰা আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আদর্শৰে আগবাঢ়ি যোৱাৰ সংকল্প গ্রহণ কৰিছে৷ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্রত কলিতাই আদৰণী ভাষণেৰে আৰম্ভ কৰা জাতীয় ঐক্য সমাৰোহত আজি দলৰ জ্যেষ্ঠ নেতা তথা যোগানমন্ত্রী ফণীভূষণ চৌধুৰীক দলৰ তৰফৰ পৰা বিশেষভাৱে সম্বর্ধনা জনোৱা হয়৷ একেৰাহে ৩৫ বছৰ বিধায়ক হৈ অসম গণ পৰিষদ দলৰ সেৱা আগবঢ়াই অহা মন্ত্রী ফণীভূষণ চৌধুৰীয়ে দলৰ এনে কৃতজ্ঞতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি দলীয় কর্মীসকলক সম্বোধি কয় অভিনন্দনৰ বাবে মই যোগ্য নহয়৷এই অভিনন্দন বঙাইগাঁওবাসীৰ৷ জাতীয় ঐক্য সমাৰোহৰ প্রসংগত মন্ত্রী ফণীভূষণ চৌধুৰীয়ে কয় যে ২০১১ চনত বিজেপিৰ দখলত আছিল কমলপুৰ৷ কিন্তু তাৰ আগৰ পৰা কমলপুৰত অগপৰ ভেটি শক্তিশালী৷ যাৰ বাবে যোৱা নির্বাচনত বিজেপিয়ে কমলপুৰ সমষ্টি অগপক এৰি দিবলৈ বাধ্য হয়৷ ২০২১ৰ নির্বাচনতো সত্যব্রত কলিতা মিত্রজেজাট হিচাপে অগপৰ প্রার্থী হ’ব কমলপুৰত৷ আজিৰ পৰা সেই শংকা নাই বুলি ঘোষণা কৰে দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে৷ জাতীয় সমাৰোহত উপস্থিত থকা দলৰ আন এজন জ্যেষ্ঠ নেতা জলসম্পদ মন্ত্রী কেশৱ মহন্তই কয় অগপ দলে ৰাইজৰ বিশ্বাস আৰু আস্থা পাবলৈ সক্ষম হৈছে৷ কংগ্রেছ আৰু এ আই ইউ ডি এফক প্রতিহত কৰাৰ স্বার্থত বিজেপিৰ সৈতে মিত্রতা কৰা হৈছে৷ বিশেষকৈ আমাৰ মূল শত্রু কংগ্রেছ৷কংগ্রেছ আৰু সাম্প্রদায়িক এ আই ইউ ডি এফ ক্ষমতাত আহিলে অসমীয়া সংখ্যালঘুত পৰিণত হ’ব৷ আনকি অগপৰ নেতাসকলক ক’লা পতাকা দেখুৱাসকলকো সতর্ক কৰি দিয়ে দলৰ কার্যকৰী সভাপতি কেশৱ মহন্তই৷ প্রায় ডেৰ ঘণ্টা পলমকৈ দিনৰ ১২.৩০বজাৰ পৰা আৰম্ভ হোৱা কমলপুৰ বিধান পৰিষদৰ জাতীয় ঐক্য সমাৰোহত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্য, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, সাধাৰণ সম্পাদক ভূপেন ৰয়, মনোজ শইকীয়াৰ লগতে মহিলা কোষৰ নেত্রী তথা বিশিষ্ট কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে দলীয় কর্মীসকলক অভিনন্দন জনাই দুটি গীত পৰিৱেশন কৰি মনোৰঞ্জন দিয়ে৷