নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঙঠি পিন্ধোৱাৰ পাছত পাত্ৰীৰ সৈতে শাৰীৰিক সম্পর্ক, পাছত বিয়া পাতিবলৈ কৰিলে অস্বীকাৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ৰাজস্থানৰ যোধপুৰত এজন যুৱকে আঙঠি পিন্ধোৱাৰ পাছত তেওঁৰ সংগিনীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। কিন্তু সম্পৰ্ক স্থাপন হোৱাৰ পাছত বিবাহ কৰিবলৈ অস্বীকাৰ কৰে। ইতিমধ্যে এই সন্দৰ্ভত যুৱতীগৰাকীয়ে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়কঃ নতুন মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়াৰ শপত

দৰাচলতে, যোধপুৰ থানাত এগৰাকী যুৱতীয়ে যোৱা নৱেম্বৰত চহৰৰ ৰাতানদা অঞ্চলৰ এটা অতিথিগৃহত হোৱা ধৰ্ষণ সন্দৰ্ভত গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ আঙঠি পিন্ধোৱা অনুষ্ঠান হৈ গৈছে। সেই সুযোগতে যুৱতীগৰাকীক ২৯ নৱেম্বৰৰ নিশা অঞ্চলটোত থকা অতিথিগৃহলৈ ফোন কৰি মাতিছিল আৰু যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিছিল। কিন্তু তাৰ পিছত যুৱকজনে যুৱতীগৰাকীক বিয়া কৰাবলৈ অস্বীকাৰ কৰে।

লগতে পঢ়কঃ অসমত তিনি পর্যায়ত হ’ব বিধানসভাৰ ভোট

এই ঘটনাৰ পিছত, তেওঁলোকৰ বিবাহক লৈ পৰিয়াল দুটাৰ মাজত দীৰ্ঘদিনীয়া বাৰ্তালাপ হৈছিল। কিন্তু যুৱকজনে তাইক বিবাহ কৰিবলৈ মান্তি নহ’ল। ইয়াৰ পাছতে যুৱতীগৰাকীয়ে তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাতানদা থানাত এটা গোচৰ দাখিল কৰে।

ইতিমধ্যে আৰক্ষীয়ে এই গোচৰত ৩৭৬, ৪২০ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

You might also like