নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতীয় জীৱন সুৰক্ষিত কৰিবলৈ জন্ম অসম জাতীয় পৰিষদৰ

ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টিত লুৰিণজ্যোতি

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক আজি দলটোৰ বৰনগৰ সমিতিয়ে সৰভোগত উষ্ম আদৰণি জনায়৷ সৰভোগৰ উত্তৰ গণকগাডী কালী মন্দিৰ প্রাংগণত সন্ধিয়া ৬ বজাত আয়োজিত এখন জনসভাত অংশগ্রহণ কৰি তেওঁ কয় যে অসমৰ ৰাইজে কৃষ্টি–সংস্কৃতিক জীয়াই ৰাখিব বিচাৰিছে৷ সেয়ে জাতীয় জীৱন সুৰক্ষিত কৰিবলৈ অসম জাতীয় পৰিষদৰ জন্ম৷ তেওঁ আৰু কয় যে তেওঁৰ দলে এখন দুর্নীতিমুক্ত অসম গঢ়িব৷ অসমৰ নতুন প্রজন্মই শিক্ষা সমাপ্ত কৰি পৰীক্ষাত অৱতীর্ণ হ’ব, চাকৰিৰ সাক্ষাৎকাৰত বহিব আৰু এটকা নিদিয়াকৈয়ে চাকৰি পাব৷ তেওঁ লগতে কয়, অসমৰ জাতীয় জীৱনৰ সপোনক আমি সকলোৱে প্রতিষ্ঠা কৰিব লাগিব৷ শাসকীয় দলে অসমত ৰাজনৈতিক বিষবাষ্প বিয়পাবলৈ লৈছে৷ এই সাম্প্রদায়িক আৰু ৰাজনৈতিক বাতাৱৰণ বন্ধ হ’ব লাগিব৷ সেইবাবে তেওঁলোকৰ দলে আগবাঢ়ি আহিছে বুলি কৈ তেওঁ কয় যে আমি কেৱল পাঁচ–দহ বছৰৰ বাবে নহয়, সর্বকালৰ বাবে অসমত জাতীয়তাবাদ প্রতিষ্ঠা কৰিব বিচাৰোঁ৷

সভাত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাষণত সৰভোগৰ ৰাইজক অনুৰোধ জনাই কয় যে অসমীয়া জাতিসত্তাৰ নির্মাণৰ সংগ্রামত সকলো ৰাইজ অংশীদাৰ হওক৷ তেওঁ কয়, সৰভোগ সমষ্টিত চাকৰি–বাকৰিবোৰ এটা শাসকীয় দলৰ সদস্যইহে পায়৷ মেধাৰ ভিত্তিত চাকৰি নাপায়৷ এই অৱস্থাৰ সলনি হ’বলৈ হ’লে সৰভোগবাসীয়ে অসম জাতীয় পৰিষদত যোগদান কৰি জাতীয় স্বার্থ ৰক্ষাৰ সংগ্রামত সহযোগ কৰিব লাগিব৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টি সৰভোগত এতিয়ালৈকে সৰভোগ মহকুমা আৰু দুগ্ধ মহাবিদ্যালয় স্থাপন নোহোৱাৰ বাবে তেওঁ উদ্বেগ প্রকাশ কৰে৷ অসমৰ স্বাভিমান আৰু মর্যাদা ৰক্ষাৰ সংগ্রামত সকলোকে সহযোগ কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে অসম জাতীয় পৰিষদে জয়যুক্ত হৈ চৰকাৰ গঠন কৰাৰ পাছত ছমাহৰ ভিতৰতে সৰভোগ মহকুমা আৰু দুগ্ধ মহাবিদ্যালয় প্রতিষ্ঠা কৰিব বুলি প্রতিশ্রুতি প্রদান কৰে৷ সভাত অসম জাতীয় পৰিষদৰ প্রচাৰ সম্পাদক দেৱজিৎ অধিকাৰী, দুলু আহমেদ, জিয়াউৰ ৰহমান, প্রিন্স ফাইজুল হক, মনোজ শর্মা, ৰাজীৱ ভট্টাচার্যকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷

You might also like