নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ ফলাফলত বিজেপি দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰাৰ পাছতে এক্স হেণ্ডেলত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ভাৰত জাতীয়তাবাদৰ ওপৰত থিয় হৈ আছে, নক্সালিজিমৰ ওপৰত নহয়৷ জাতিয়ে স্পষ্টভাৱে আৰু ডাঙৰকৈ এই কথা কৈছে৷ উল্লেখ্য যে এইবাৰ দিল্লী বিধানসভা নির্বাচনত মুখ্যমন্ত্রী ড০ শর্মাই বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ হিচাপে নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিছিল৷ প্রায় ১০খন নির্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্রী ড০ শর্মাই অৰবিন্দ কেজৰিৱাল, আতিশী মর্লানা তথা ৰাহুল গান্ধীক তীব্র আক্রমণ কৰি দিল্লীবাসীৰ ওচৰত আপক পৰাভূত কৰাৰ লগতে কংগ্রেছক নস্যাৎ কৰি বিজেপিক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে আহ্বান জনাইছিল৷ সুদীর্ঘ ২৭ বছৰৰ মূৰত দিল্লীৰ জনসাধাৰণে দিল্লীৰ বিধানসভা নির্বাচনত জনতাক সেৱা কৰাৰ অর্থে বিশাল ব্যৱধানত জয়ী কৰায়৷ আক্ষৰিক অর্থত এয়া ঐতিহাসিক জয়৷ মুখ্যমন্ত্রী ড০ শর্মাই জনতাক এই আশীর্বাদৰ বাবে সন্মানসহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে দিল্লীৰ পূর্বৰ চেহেৰা বিজেপি চৰকাৰখনে নিশ্চয়কৈ সলনি কৰিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ যশস্বী নেতৃত্ব আৰু দলৰ কার্যকর্তাসকলৰ অবিৰত পৰিশ্রমৰ ফলস্বৰূপে জনতাৰ এই অপাৰ আশীর্বাদ লাভ কৰিবলৈ সক্ষম হৈছে৷ মোদীৰ মার্গদর্শনেৰে এতিয়া ডাব্ল ইঞ্জিন চৰকাৰে দেশৰ ৰাজধানীক বিশ্বৰ আটাইতকৈ উৎকৃষ্ট, অন্যতম চহৰ হিচাপে গঢ়ি তুলিব৷ ইপিনে, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে দিল্লীৰ নির্বাচনৰ ফলাফল সম্পর্কত কয় যে আপৰ বহু বছৰীয়া দুর্নীতি, ভ্রষ্টাচাৰ, একনায়কত্ববাদ আৰু অৰাজকতাৰ পৰা ৰক্ষা পাবলৈ দিল্লীৰ জনতাই সুশাসন, সমবিকাশৰ বাবে বিজেপিক অভূতপূর্ব জনাদেশ প্রদান কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদর্শী নেতৃত্ব আৰু বিজেপিৰ নিকা বিকাশমুখী উন্নয়নৰ প্রতি সর্বস্তৰৰ জনসাধাৰণৰ অগাধ বিশ্বাসৰ বাবে এই ঐতিহাসিক বিজয় সম্ভৱ হৈছে৷ দিল্লীৰ জনতাই এই জনাদেশ এখন দায়িত্বশীল চৰকাৰৰ পক্ষত প্রদান কৰিছে৷ বিজেপিৰ শাসন ব্যৱস্থাৰ অধীনত দিল্লী এতিয়া উন্নত পৰিকাঠামো, কার্যক্ষম জনসেৱা আৰু দুর্নীতিমুক্ত প্রশাসনৰ সৈতে আগুৱাই যাব৷ প্রধানমন্ত্রী মোদীৰ উন্নয়নৰ সর্বগ্রহণযোগ্য মডেলৰ যোগেদি নতুন দিল্লীত এক নতুন অধ্যায়ৰ সূচনা হ’ব৷