নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ অচিৰেই বন্ধ হ’ব অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত৷ এছ আই কেলেংকাৰিৰ তদন্ত প্রক্রিয়া চমুৱাই আনিছে চি আই ডিয়ে৷ এছ আই কেলেংকাৰি সংক্রান্তত ৰুজু কৰা ২১/২০২০ নম্বৰ গোচৰটোত চি আই ডিয়ে শীঘ্রে আদালতত চার্জশ্বীট দাখিল কৰিব৷ দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ শীর্ষ আৰক্ষী বিষয়াজনে জনোৱা মতে, এছ আই কেলেংকাৰি শেষ পর্যায়ত উপনীত হৈছে৷ এই কেলেংকাৰিৰ গোচৰটোত চি আই ডিয়ে শীঘ্রেই আদালতত অভিযোগনামা দাখিল কৰিব৷ ইয়াৰ পৰা স্পষ্ট হৈছে যে অচিৰেই বন্ধ হ’ব এছ আই কেলেংকাৰিৰ তদন্ত৷
উল্লেখ্য যে চাঞ্চল্যকৰ এছ আই কেলেংকাৰিৰ গোচৰত চি আই ডিয়ে কেলেংকাৰিটোৰ মাষ্টাৰ মাইণ্ড দিবন ডেকা, দালাল ৰুবুল হাজৰিকা, সৰোজ শর্মা, কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্ত, কৰিমগঞ্জৰ প্রাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণসহ মুঠ ২৩জন অভিযুক্তক গ্রেপ্তাৰ কৰিছে৷ যোৱা ২৭ অক্টোবৰত এছ আই কেলেংকাৰিৰ অন্যতম অভিযুক্ত তথা অক্ষয় চান্দ টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়া চান্দক চি আই ডিয়ে মহানগৰীস্থিত এপল’ হাস্পতালৰ পৰা গ্রেপ্তাৰ কৰিছিল৷ অৱশ্যে চি আই ডিয়ে গ্রেপ্তাৰ কৰাৰ দিনাই কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অক্ষয় চান্দ বৈদ্যক গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰাৰ নির্দেশ দিছিল৷ ফলত চি আই ডিয়ে জেৰাৰ বাবে অভিযুক্তজনক নিজৰ জিম্মাত ল’ব নোৱাৰিলে৷ আদালতে অক্ষয় চান্দ বৈদ্যক শাৰীৰিক অসুস্থতাৰ বাবে ন্যায়িক জিম্মাত থকা অৱস্থাতে জেৰা কৰিবলৈ চি আই ডিক অনুমতি দিয়ে৷ লক্ষণীয়ভাৱে অক্ষয় চান্দ বৈদ্যক গ্রেপ্তাৰ কৰাৰ পাছত চি আই ডিয়ে আৰু কোনো ব্যক্তিক গ্রেপ্তাৰ কৰা নাই৷ স্বাভাৱিকতে ইয়াৰ পৰাই চি আই ডিয়ে যে এছ আই কেলেংকাৰিৰ তদন্ত প্রক্রিয়া সামৰণি পেলাব বিচাৰিছে, সেয়া সহজেই অনুমান কৰিব পাৰি৷
আৰক্ষীৰ এক সূত্রই জনোৱা মতে, অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া তথা দুর্নীতিৰ সদাগৰ পি কে দত্তক ৰাজসাক্ষী হিচাপে লৈ গোচৰটোৰ সামৰণি পেলাব বিচাৰিছে চি আই ডিয়ে৷ সূত্রটোৱে জনোৱা মতে, চি আই ডিৰ তদন্তকাৰী বিষয়াই অলপতে পি কে দত্তৰ এখন গোপন ডায়েৰী পৰীক্ষাৰ বাবে ফৰেনছিকলৈ প্রেৰণ কৰে৷ এই ডায়েৰীখনত এছ আই পদত নিযুক্তিৰ বাবে দত্তই কোন চাকৰি প্রার্থীৰ পৰা কিমান ধন লৈছিল, দালালে কিমান টকা দিছিল, সেই হিচাপ–নিকাচৰ তথ্য উল্লেখ কৰা আছে৷ দত্তৰ হস্তাক্ষৰ লৈ চি আই ডিয়ে ডায়েৰীখন ফৰেনছিকলৈ প্রেৰণ কৰিছে৷ মহানগৰীৰ কাহিলিপাৰাস্থিত ফৰেনছিক বিজ্ঞানাগাৰৰ পৰা প্রতিবেদন অহাৰ পাছতে এছ আই কেলেংকাৰিৰ প্রধান সমল হিচাপে লৈ চি আই ডিয়ে আদালতত অভিযোগনামা দাখিল কৰিব৷ ইয়াৰ ভিতৰত চি আই ডিয়ে গুৱাহাটী, নলবাৰী, বৰপেটা, বঙাইগাঁও আদিৰ পৰা জব্দ কৰা ধনৰ পৰিমাণৰ কথাও অভিযোগনামাত উল্লেখ কৰিব৷ এছ আই পদৰ চাকৰি প্রার্থীৰ পৰা দালাল চক্রই সংগ্রহ কৰি উক্ত স্থানসমূহত লুকুৱাই থোৱা অৱস্থাত জব্দ কৰা কেইবাকোটি টকা কেলেংকাৰিটোৰ অন্যতম প্রমাণ হিচাপে দেখুৱাব৷ ইয়াক লৈ কাৰো আপত্তি কৰিবলগীয়া একো নাই৷ কিন্তু এছ আই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত যোগান ধৰাৰ বাবদ কৰিমগঞ্জৰ প্রাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই দালাল ৰুবুল হাজৰিকাৰ পৰা লোৱা ৪০ লাখ টকাৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে চি আই ডিৰ তদন্তকাৰী বিষয়াই৷ যোৱা ১৫ অক্টোবৰত সঞ্জীত কৃষ্ণই নাটকীয়ভাৱে চি আই ডিৰ হাতত গ্রেপ্তাৰ হোৱাৰ এদিন পূর্বে এগৰাকী ৰহস্যময়ী নাৰীক লগ ধৰি ৪০ লাখ টকা লুকুৱাই থ’বলৈ দিয়াৰ তথ্য লাভ কৰিছিল আৰক্ষীৰ চোৰাংচোৱাই৷
চোৰাংচোৱাৰ খবৰৰ ভিত্তিত ৰহস্যময়ী নাৰীগৰাকী আৰু ৪০ লাখ টকা উদ্ধাৰৰ বাবে চি আই ডিয়ে এগৰাকী উপ–আৰক্ষী অধীক্ষক পর্যায়ৰ বিষয়াৰ নেতৃত্বত বিশেষ তদন্তকাৰী গোট গঠন কৰি দিছিল৷ এই গোটটোৱে মহানগৰীৰ গীতানগৰকে ধৰি কেইবাটাও স্থানত ৰহস্যময়ীৰ সন্ধানত অভিযান চলাছিল৷ কিন্তু সঞ্জীত কৃষ্ণই দালাল ৰুবুল হাজৰিকাৰ পৰা লোৱা ৪০ লাখ টকা উদ্ধাৰ নহ’ল৷ ইফালে, ৰুবুল হাজৰিকা এণ্ড কোম্পানীৰে সঘন যোগাযোগ কৰাৰ তথ্য থকাৰ লগতে এছ আই পৰীক্ষাৰ দুদিন পূর্বে অর্থাৎ যোৱা ১৮ ছেপ্টেম্বৰত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসগৃহত প্রশ্নকাকতৰ টোপোলা খুলি ফটো তোলা সঞ্জীত কৃষ্ণৰ ম’বাইল ফোনটোও চি আই ডিয়ে উদ্ধাৰ কৰিব নোৱাৰিলে৷ সঞ্জীত কৃষ্ণৰ দুই দেহৰক্ষীয়ে চি আই ডিৰ জেৰাত উক্ত ম’বাইল ফোনটো কৰিমগঞ্জৰ এখন নদীত পেলাই দিয়া বুলি স্বীকাৰোক্তি দিছিল৷ এই স্বীকাৰোক্তিৰ ভিত্তিত চি আই ডিয়ে উক্ত নদীৰ পেলাই দিয়া অংশত অভিযান চলাইছিল যদিও ম’বাইল ফোনটো উদ্ধাৰ কৰিব নোৱাৰিলে৷ ইয়াৰ পাছতো চি আই ডিয়ে ৪০ লাখ টকা উদ্ধাৰ কৰিব নোৱাৰাকৈ তদন্ত প্রক্রিয়া বন্ধ কৰি অভিযোগনামা দাখিল কৰিব বিচৰাত তদন্তকাৰী বিষয়াৰ ভূমিকাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ বিশেষকৈ ৪০ লাখ টকা উদ্ধাৰ কৰিব নোৱাৰিলে সঞ্জীত কৃষ্ণই দালাল ৰুবুল হাজৰিকাৰ পৰা ধন লোৱাৰ প্রমাণ সাব্যস্ত কৰিব নোৱাৰিব চি আই ডিয়ে৷ ফলত অভিযোগনামাত প্রশ্ণকাকত যোগানৰ নামত ধন লোৱাৰ কথা উল্লেখ নাথাকিলে অভিযুক্ত আৰক্ষী অধীক্ষকজনে শাস্তিৰ পৰা ৰেহাই পোৱাৰ সম্ভাৱনা আছে৷ এনে পৰিস্থিতিত আৰক্ষী বিষয়া হোৱা বাবেই সঞ্জীত কৃষ্ণক এইক্ষেত্রত ‘ৰেহাই’ দিব বিচৰা হৈছে নেকি বুলি প্রশ্ণ উত্থাপন হৈছে৷