নিয়মীয়া বাৰ্তা, ১ আগষ্ট : নেৰানেপেৰা বৰষুণৰ মাজতে পাৰ হোৱা জুলাই মাহৰ গৰমৰ বন্ধৰ পাছত আগষ্ট মাহটো আৰম্ভ হৈছে উচ্চ পাৰাস্তম্ভৰ মাজেৰে। আজিৰ পহিলা আগষ্টৰ দিনটো উৎকট গৰমৰ মাজেৰে পাৰ হোৱাৰ লগে লগে আগন্তুক দিনবোৰত গৰমৰ প্ৰকোপ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। এনে সময়ত শিৱসাগৰ জিলা উপায়ুক্তৰ দ্বাৰা স্বাক্ষৰীত এখন আদেশে শিৱসাগৰৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোৱা জুন মাহত ৰাজ্যত যি ব্যাপক উষ্ণ প্ৰৱাহ চলিছিল তালৈ লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যত বিদ্যালয়ৰ পাঠদানৰ সময় আগুৱাই দিয়া হৈছিল। সেই অনুসৰি ৯ বজাৰ পৰা আৰম্ভ হৈ থকা বিদ্যালয়ৰ পাঠদানৰ সময় সূচী আগুৱাই ৭.৩০ বজালৈ সলনি কৰা হৈছিল যাতে ছাত্ৰ-ছাত্ৰীসকলে দুপৰীয়া আৰু বিয়লিৰ দহনৰ পৰা ৰক্ষা পাব পাৰে। এই সময় সূচী অনুসৰি জুন মাহত প্ৰায় পোন্ধৰটা দিন পাঠদান হোৱাৰ পাছত জুলাই মাহৰ গৰম বন্ধ আৰম্ভ হয়। অধিকাংশ বৰষুণৰ মাজত পাৰ হোৱা জুলাই মাহৰ শেষত আজিৰ পৰা উৎকট গৰমৰ মাজত আৰম্ভ হৈছে পাঠদান। পৰিৱৰ্তিত সূচী অনুসৰি তথ্যসমূহ আজি পুৱা ৭.৩০ বজাৰ পৰা বিদ্যালয়সমূহত পাঠদান আৰম্ভ হৈছে যদিও আজি প্ৰকাশ পোৱা শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱৰ এক আদেশ অনুসৰি আজিৰ পৰা বিদ্যালয়সমূহৰ পাঠদানৰ সময় পুনৰ আগৰ সূচী অনুসৰি ৯ বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে। আজিৰ দিনটোত য’ত পাৰাস্তম্ভই ৩৮ ডিগ্ৰী চেলচিয়াচ চুইছে কিন্তু অনুভৱত প্ৰায় ৪৫ ডিগ্ৰী চেলচিয়াচ হৈছে তেনেস্থলত কি চিন্তা আৰু চৰ্চাৰে শিৱসাগৰ জিলাৰ উপায়ুক্তই এনে গৰমক গুৰুত্বহীন কৰি আগৰ পাঠদানৰ সময় সূচী বলৱৎ কৰিলে সেই বিষয়ক লৈ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জিলাখনৰ মুৰব্বী গৰাকীয়ে কেইদিনমান সময় পৰ্যৱেক্ষণ কৰি গৰমৰ প্ৰতি লক্ষ্য ৰাখি পুৱাৰ সময় বাহাল ৰাখিব লাগে বুলি অভিভাৱক মহলে মন্তব্য কৰিছে। আনহাতে এই বিষয়ক লৈ শিৱসাগৰ জিলা উপায়ুক্তৰ অফিচিয়েল ফেচবুক পেজটো বহু অভিভাৱকে মুকলি অসন্তুষ্টি প্ৰকট কৰিছে।উল্লেখযোগ্য যে SVD/EDN/27/2021/294নং আদেশটো ৩১ জুলাইত স্বাক্ষৰ কৰা হৈছে। যিহেতু ৩১ জুলাইত অৰ্থাৎ কালি শিৱসাগৰ জিলাৰ উপায়ুক্ত ৰূপে এদিনৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল এজন ছাত্ৰই, সেয়েহে উক্ত ‘এদিনৰ উপায়ুক্ত’ই এই আদেশ জাৰি কৰিলে নেকি বুলিও ৰাইজৰ মাজত চৰ্চা চলিছে। কিয়নো গৰমৰ উচ্চ প্ৰাৱল্যৰ প্ৰতি লক্ষ্য ৰাখি এজন উপায়ুক্তই গৰমৰ বন্ধ খোলাৰ পাছত প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হোৱাকৈ এনে আদেশ দিছে বুলি ৰাইজে বিশ্বাস কৰিবলৈ টান পাইছে। আনহাতে তীব্ৰ গৰমৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তৰ কৰ্তৃত্বৰ বিষয় হ’লে একাংশই আৰু কেইদিনমান গৰমৰ বন্ধ বঢ়াই দিবলৈ উপায়ুক্তক আহবান জনাইছে।
প্ৰেৰক আশ্ৰফুৰ ৰহমান