ধুবুৰী আৰক্ষীৰ জালত কুখ্যাত গো-মাফিয়া জেলাল
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ অৱশেষত আৰক্ষীৰ জালত পৰিল কুখ্যাত গো-মাফিয়া জেলাল আলী বেপাৰী। যোৱানিশা ধুবুৰী জিলাৰ গৌৰীপুৰ পৰা গৌৰীপুৰ আৰক্ষীৰ এটি দলে কৰায়ত্ব কৰিবলৈ সক্ষম হয় বেপাৰীক। গৌৰীপুৰৰেই মধুশৌলমাৰীৰ বাসিন্দা বেপাৰী। আৰক্ষীৰ মোষ্ট ৱান্টেডৰ তালিকাত আছিল গো-মাফিয়াগৰাকী। অৱশ্যে ঘটনা সন্দৰ্ভে বৰ্তমানলৈ আনুষ্ঠানিক ভাৱে সবিশেষ জনোৱাৰ পৰা বিৰত আছে ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহল। পিছে ধৃত গো-মাফিয়াগৰাকীৰ জেৰাত বহিঃৰাজ্যৰ পৰা ধুবুৰী জিলাৰ সীমান্তইদি বাংলাদেশলৈ চলি থকা গোধন সৰবৰাহৰ সৈতে জড়িত চক্ৰটোৰ বহু তথ্যকে ধৰি হাৱালা চক্ৰৰো ভিতৰুৱা তথ্য আৰক্ষীয়ে লাভ কৰাৰ সম্ভাৱনা আছে বুলিয়েই কিন্তু মত ভূৰখা একাংশৰ। জেলালৰ জেৰাৰ ভিত্তিত পোৱা তথ্যৰ সঠিক তদন্ত চলালে আগত সময়ত বাংলাদেশলৈ অবৈধ ভাৱে গো-সৰবৰাহৰ সৈতে জড়িত আন কেইবাজনো ৰৌ-বৰালী আৰক্ষীৰ জালত পৰাৰো সম্ভাৱনা নথকা নহয় বুলিও মত সেইসকলৰ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী