নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত শক্তিশালী ৰূপত বিজেপিত যোগদান শতাধিকৰ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ আজি ধুবুৰীৰ গৌৰীপুৰত অনুষ্ঠিত হৈ যায় বিজেপিৰ এক বিশেষ সাংগঠনিক সভা। দলটোৰ গৌৰীপুৰ টাউন মণ্ডল সভাপতি অমৰেশ পালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সেই সভাখনতেই অঞ্চলটোৰ অৰ্ধশতাধিক পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। আজিৰ এই কাৰ্য্যসূচীত বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিত দত্ত, জিলা উপ-সভানেত্ৰী মায়া ৰানী দাস, মহিলা মৰ্চাৰ জিলা সভানেত্ৰী ইন্দ্ৰানী সিংহ চৌধুৰী, গৌৰীপুৰ টাউন মণ্ডলৰ সাধাৰণ সম্পাদক পিনাকী দত্ত প্ৰমুখ্যে বিজেপিৰ স্থানীয় অইন কেইবাগৰাকী কাৰ্য্যকৰ্তা উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like