নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘এতিয়া মানুহে আৰু কংগ্ৰেছক ভোট নিদিয়ে’, ‘য’ত পঞ্চায়ত নিৰ্বাচন হ’ব তাতেই বিপুল ভোটত জিকিব বিজেপি

'বিহু অসমীয়া জাতিৰ আয়ুসৰেখা, বিহু আমাৰ স্বাভিমান, বিহু নহ’লে অসমীয়া জাতি হৈ পৰিব নিঃকিন’

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ এপ্ৰিলঃ বিহু আমাৰ জাতীয় সম্পদ। বিহু অসমীয়া জাতিৰ আয়ুসৰেখা, বিহু আমাৰ অভিমান, বিহু আমাৰ স্বাভিমান। বিহু নহ’লে অসমীয়া জাতি হৈ পৰিব নিঃকিন।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। লখিমপুৰৰ লালুক নাওবৈচাত ৰঙানদী উন্নয়ন মঞ্চৰ উদ্যোগত আৰু ৰঙানদী সমষ্টিবাসীৰ সহযোগত আয়োজিত ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱত আজি উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে ভাষণত এইদৰে কয়।

ভাষণত তেওঁ আৰু কয় যে আজি সমগ্ৰ অসমত, অসমৰ প্ৰত্যেকটো অঞ্চল, প্ৰতিখন গাঁৱত সকলোৱে বিহু উদযাপন কৰিছে। এই বিহু উদযাপন নকৰিলে, অসমীয়াৰ অস্তিত্ব বিপদাপন্ন হ’ব। অসমীয়াৰ অস্তিত্বক আমি কোনেও বিপদাপন্ন কৰিব নোৱাৰো।

গতিকে বিহু আগতেও পাতিছিলো, আজিও পাতিছো, ভৱিষ্যতেও পাতিম আৰু অসমীয়াই বিশ্ব দৰবাৰত বিহুক লৈ সদায় গৌৰৱ কৰিব। তেওঁ কয় যে অসমীয়া চহা জীৱনৰ লগত এই বিহুৰ সংযোগ অতিকৈ গুৰুত্বপূৰ্ণ। আমাৰ তিনিটা বিহুৰ সকলোতকৈ আনন্দ-উছাহ কৰা বিহুটো হৈছে ৰঙালী বিহু। এই ৰঙালী বিহুৰ আনন্দ উপভোগ কৰি আমি সকলোৱে খেতি পথাৰলৈকে গুচি যাম আৰু অসমীয়া জাতিয়ে যাতে আত্মনিৰ্ভৰ হ’ব পাৰে তাৰ বাবে আমি কাম কৰিম।

ভাষণৰ মাজতে মন্ত্ৰীগৰাকীয়ে ৰঙালী মহোৎসৱত উপস্থিত থকা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। বিহু আৰু শক্তিশালী হওক, অসম আৰু শক্তিশালী হওক, অসমীয়া আৰু শক্তিশালী হওক এই কামনাৰে মন্ত্ৰীগৰাকীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে।

বিহুৰ অনুষ্ঠানত ‘ৰঙানদীৰ লখিমী’ শীৰ্ষক দলৰ ২ হাজাৰ নাচনীয়ে পৰিৱেশন কৰা বিহু তথা গায়ন-বায়ন, সোণোৱাল কছাৰী আৰু মিছিং সম্প্ৰদায়ৰ বৰ্ণাঢ্য নৃত্য উপভোগ কৰি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে। তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱৰ কাৰ্যসূচীৰ সফলতা কামনা কৰি মন্ত্ৰীগৰাকীয়ে উদ্যোক্তাসকলক শুভেচ্ছা জ্ঞাপন কৰে।

অনুষ্ঠানত বিধায়ক মানৱ ডেকা, অসম যুৱ আয়োগৰ সদস্য তথা বিহুৰ মুখ্য উদ্যোক্তা ঋষিৰাজ হাজৰিকা, ধলপুৰ আঠাবাৰী সত্ৰৰ শ্ৰীশ্ৰী গোপাল মহাপ্ৰভু, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াসহ বহুকেইগৰাকী স্বনামধন্য অভিনেতা-অভিনেত্ৰী, সাংস্কৃতিক কৰ্মী, সাংবাদিক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইপিনে, এই অনুষ্ঠানৰ পিছত মন্ত্ৰীগৰাকীয়ে লখিমপুৰৰ নাৰায়ণপুৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে। তেওঁ কয় যে এতিয়া মানুহে আৰু কংগ্ৰেছক ভোট নিদিয়ে। অন্য দলৰতো অৱস্থা নায়েই। গতিকে য’ত য’ত পঞ্চায়ত নিৰ্বাচন হ’ব তাতেই আমি বিপুল ভোটত জয়লাভ কৰিম। তেওঁ কয় যে আমি ৩৩ খন জিলা পৰিষদ, ৩১১ খন আঞ্চলিক পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছো। ইতিমধ্যে আমি বহুত আগুৱাই গ’লো।

ড০ হীৰেন গোহাঁইৰ নেতৃত্ব বিৰোধী পুনৰ ঐক্যবদ্ধ হোৱা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ পৰা তেওঁলোকে কি উত্তৰ পাব মই নাজানো, কিন্তু ৰাইজে যে তেওঁলোকক কিবা ভাল উত্তৰ দিব বুলি মই নাভাবো। ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক আশীৰ্বাদ কৰে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰে বুলি তেওঁ মন্তব্য কৰে।

You might also like