এনআৰচিত নাম বাদ: ১৯ লাখ লোকক ছেপ্টম্বৰৰ পৰা দিব ৰিজেকচন শ্লিপ
নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ অহা আগষ্ট মাহৰ ভিতৰত ৰাজ্যখনত ক’ৰোনা আৰু বানপানী নিয়ন্ত্রণলৈ আহিলেই পূর্ণাংগ নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা ১৯ লাখ লোকক ৰিজেকচন শ্লিপ দিয়াৰ প্রক্রিয়া আৰম্ভ কৰাৰ বাবে প্রস্তুতি চলাইছে এনআৰচি কর্তৃপক্ষই৷ ভবা ধৰণে আগষ্ট মাহটোৰ ভিতৰত পৰিস্থিতি স্বাভাৱিক হ’লে অহা ছেপ্টম্বৰৰ মাহত জিলাই জিলাই এনআৰচিৰ পৰা নাম বাদ পৰাসকলক কাৰণসহ ৰিজেকচন শ্লিপ প্রদান কৰিব৷ ইয়াৰ বাবে এনআৰচি কর্তৃপক্ষই ইতিমধ্যে বিশেষ ছফ্টৱেৰ প্রস্তুত কৰি জিলাসমূহলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে৷
উল্লেখ্য যে যোৱা বছৰ ৩১ আগষ্টত ৰাজ্যখনত এনআৰচিৰ চূড়ান্ত তালিকা প্রকাশ পায়৷ কিন্তু যোৱা ১১টা মাহে এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ এজনকো কর্তৃপক্ষই ৰিজেকচন শ্লিপ প্রদান কৰিব পৰা নাই৷ ফলত সেইসকল লোকে নাগৰিকত্ব দাবী কৰি বিদেশী ট্রিবিউনেলৰ দ্বাৰস্থ হ’ব পৰা নাই৷ এই সম্পর্কত এনআৰচি কর্তৃপক্ষৰ এক সূত্রই জানিবলৈ দিয়া মতে, যোৱা ২০ মার্চৰ পৰাই নাম বাদ পৰা লোকসকলক ৰিজেকচন শ্লিপ দিয়াৰ প্রস্তুতি গ্রহণ কৰিছিল৷ কিন্তু মার্চ মাহৰ প্রথম সপ্তাহৰ পাছতেই অসমতো ক’ৰোনাৰ সংক্রমণৰ বাবে বিভিন্ন বাধ্যবাধকতা আহি পৰে৷ পৰৱর্তী পর্যায়ত লকডাউন আৰু পিছৰ ভাগলৈ ক’ৰোনাৰ সংক্রমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাত ইমানদিনে বিষয়টো সম্পর্কত কোনো অগ্রগতি সম্ভৱ হৈ নুঠিল৷ জিলা–মহকুমা প্রশাসনৰ বিষয়াবর্গৰ লগতে চক্র বিষয়াসকলো ক’ভিড যুঁজ আৰু বানপানীৰ দায়িত্বত নিয়োজিত হয়৷ সেইদৰে জনসমাগমো সম্পূর্ণৰূপে নিষিদ্ধ হৈ আছে৷ এনে বাধ্যবাধকতাৰ বাবে ৰিজেকচন শ্লিপ প্রদান বিষয়টো বিলম্ব হয়৷
তদুপৰি এনআৰচিৰ ফাইলত থকা কেতবোৰ খেলিমেলি, আসোঁৱাহৰ বাবে কর্তৃপক্ষই নাম বাদ পৰা লোকসকলৰ নথিসমূহ আভ্যন্তৰীণভাৱে পুনৰ নতুনকৈ চাবলগীয়া হয়৷ পূর্বতে এই সম্পর্কত কোনো ছফ্টৱেৰৰ ব্যৱস্থা কৰা নাছিল৷ যোৱা কেইটামান মাহৰ ভিতৰত এনআৰচি কর্তৃপক্ষই সেই সম্পর্কত নতুন ছফ্টৱেৰৰ ব্যৱস্থা কৰে৷ এতিয়া যদিহে অহা আগষ্ট মাহৰ ভিতৰত ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ উভতি আহে, তেতিয়া হ’লে ছেপ্ঢেম্বৰ মাহৰ পৰা এনআৰচিৰ পৰা নাম বাদ পৰা লোকসকলক ৰিজেকচন শ্লিপ প্রদান কৰিব পৰা যাব বুলি এনআৰচি কর্তৃপক্ষই আশা প্রকাশ কৰিছে৷