NRC-ত ছলে-বলে সোমাইছে সন্দেহযুক্তৰ নাম, মুখ্যমন্ত্রীৰ স্পষ্ট বার্তা
এনআৰচিত নাম থাকক বা নাথাকক বিদেশী হ’লে ৰাজ্য এৰি যাবই লাগিব
নিয়মীয়া বাৰ্তা, ১২ জুন : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী NRC ত নাম থাকিলেও বিদেশী বুলি তথ্য লাভ কৰিলে সেই লোকজনক পুছ বেক কৰা হবই। NRC সন্দৰ্ভত বিধানসভাৰ মজিয়াত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ পিছত পুনৰ NRC সন্দৰ্ভত সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা্।
দৰঙৰ খটৰা সত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি এন আৰ চিত চলে বলে কৌশলে বহু লোকে নাম অন্তৰ্ভুক্ত কৰা বুলিও বিস্ফোৰক অভিযোগ তোলে। আনকি উদাহৰণ সহ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বাইহাটাৰ লোকে কৰিমগঞ্জৰ একে নামৰ মানুহৰ লগত সম্পৰ্ক দেখুৱাই এন আৰ চিত নাম ভৰোৱা বুলিও ফঁহিয়াই দেখুৱায়।
আনকি “এন আৰ চিত নাম থাকিলেও বিদেশী বুলি বুজি পালে পুছ বেক কৰা হবই বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে। ইফালে কালি ১৯গৰাকী আৰু আজি ৮গৰাকীক পুছ বেক কৰা বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে এই প্ৰক্ৰিয়া ধাৰাবাহিক ভাবে চলিব বুলিও উল্লেখ কৰে।
অৱশ্যে লাখে লাখে মানুহক পুছবেক কৰাটো সহজ নহয় যদিও যিমানদুৰ সমভৱ হয় এই প্ৰক্ৰিয়া চলি থাকিব,- এনেদৰে চৰকাৰৰ স্হিতি স্পষ্ট কৰি দিয়ে।
ইফালে নতুন দিল্লীৰ পৰা হৰ্চ মন্দৰ নামৰ এগৰাকী ব্যক্তি আহি অসমত দুটা বছৰ শিবিৰ পাতি লোৱাৰ লগতে বহু ডেকা লৰাক কেৱল এন আৰ চিখন বেয়া কৰিবৰ বাবেই আমেৰিকা আৰু ইংলেণ্ডলৈ লৈ লৈ গৈও পঢ়ুওৱাই লৈ আহিছিল বুলিও বিস্ফোৰক তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
এই ষড়যন্ত্ৰ সেই সময়ত গম পোৱা নাছিল যদিও এতিয়া এইবোৰ তথ্য লাভ কৰাৰ পিছত এতিয়া এন আৰ চি নাম থাকিল বুলিয়ে ম্যাদী পট্টা নাপাব বুলিও চৰকাৰৰ স্পষ্ট স্থিতি কৰি দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখযোগ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিগত কিছূদিনৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত বিভিন্ন ধৰণৰ স্পৰ্শকাতৰ তথ্য প্ৰকাশ কৰি অহাৰ পিছত পুনৰ এচাম লোকৰ ষড়যন্ত্ৰ পোহৰলৈ আনি কৰা মন্তব্যই যেন প্ৰমাণ কৰিলে বহুচৰ্চিত এই নাগৰিকপঞ্জীত কেনেদৰে লাখে লাগে বিদেশী লোকৰ নাম সোমোৱা বুলি উঠি অহা অভিযোগৰ সত্যতা।