নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহাবিদ্যালয়ৰ এন এছ এছৰ ঘৰে ঘৰে ভোটাৰ সজাগতা অনুষ্ঠান

বিশেষ বার্তা, ১০ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচন ত্ৰুটিপূৰ্ণ, সফল আৰু সৰ্বাধিক ভোটদাতাৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে ভাৰতীয় নিৰ্বাচন আয়োগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এইক্ষেত্ৰত সাধাৰণ ভোটাৰসকলে যাতে এই নিৰ্বাচনত বিনা দ্বিধা আৰু কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ ভোটকেন্দ্ৰত গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে, সেই উদ্দেশ্যৰে আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ ক্ৰমে আজি নাহৰকটীয়া মহাবিদ্যালয়ৰ “ৰাষ্ট্ৰীয় সেৱা আঁচনি” গোটৰ উদ্যোগত মহাবিদ্যালয়খনৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত এক ভোটাৰ সজাগতা পদক্ষেপ গ্ৰহণ কৰা হয়। মহাবিদ্যালয়খনৰ “ৰাষ্ট্ৰীয় সেৱা আঁচনি” গোটৰ সমন্বয়ক নীলম হাজৰিকাৰ নেতৃত্বত যোৱা ছাত্ৰ-ছাত্ৰীৰ এটা ১৫ জনীয়া দলে অঞ্চলটোৰ ঘৰে ঘৰে উপস্থিত হৈ প্ৰতিটো পৰিয়ালৰ ভোটদাতাসকলক গণতান্ত্ৰিক দেশত ভোটদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ কৰি তোলাৰ লগতে ভোটকেন্দ্ৰত ভোটদানৰ সময়ত নিজৰ পৰিচিতিৰ বাবে লগত লৈ যাবলগীয়া নথি-পত্ৰসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে ভোট প্ৰদানৰ সময়ত গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ ওপৰত বিশদভাৱে অৱগত কৰি আগন্তুক নিৰ্বাচন সফল কৰি তুলিবলৈ আহ্বান জনায়।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like