👉মুম্বাইৰ শিক্ষাবিদ ড° ৰঞ্জনা মিশ্ৰক দধী মহন্ত ৰাষ্ট্ৰীয় সমাজ বিজ্ঞান বঁটা প্ৰদান
👉কলকাতাৰ ড° অনিল কুমাৰ সৰকাৰক কৃষ্ণনাথ শৰ্মা ৰাষ্ট্ৰীয় বঁটা
👉ড° মঞ্জিল হাজৰিকাক ছাইদুল ইছ্লাম বঁটা
👉ওম প্ৰকাশ গট্টানিক সোমেশ্বৰ দেৱশৰ্মা শ্ৰেষ্ঠ বঁটা প্ৰদান
বিশেষ বাৰ্তা, ৩ অক্টোবৰঃ যোৰহাট জিলাৰ উল্লেখনীয় উচ্চ শিক্ষানুষ্ঠান চিনামৰা মহাবিদ্যালয়ত আজি এক মনোজ্ঞ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। আজি চিনামৰা মহাবিদ্যালয়ৰ মোহন চন্দ্ৰ মহন্ত অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ আৰু চিনামৰা মহাবিদ্যালয় শাখা সাহিত্য সভা আৰু প্ৰকাশনৰ যুটীয়া উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু ইউনেস্ক’ কেন্দ্ৰৰ সহযোগত নৱম বাৰ্ষিক এই বঁটা প্ৰদান আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষ্যে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত সমাজ জীৱনলৈ বিশেষ বৰঙনি যোগাই অহা চাৰিগৰাকীকৈ বিশেষ ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাৰে বিভূষিত কৰা হয়। আজি দধী মহন্ত সোঁৱৰণী সমাজ বিজ্ঞান ৰাষ্ট্ৰীয় বঁটা মুম্বাইৰ শ্ৰী এম ডি শ্বাহ ৱ’মেন কলেজ অৱ আৰ্টছ এণ্ড কমাৰ্চৰ ইতিহাস বিভাগৰ প্ৰাক্তন মুৰব্বী ড° ৰঞ্জনা মিশ্ৰক প্ৰদান কৰা হয়। আনহাতে, হৰিজন বন্ধু মামা কৃষ্ণনাথ শৰ্মা ৰাষ্ট্ৰীয় গৱেষণা বঁটা প্ৰদান কৰা হয় ইউনিভাৰ্চিটী অৱ কলকাতাৰ সমাজ বিজ্ঞানৰ বাবু জগজীৱন ৰাম আসন প্ৰাধ্যাপক ড° অনিল কুমাৰ সৰকাৰক। একেদৰে দুজন বিশিষ্ট ব্যক্তিক দুটাকৈ ৰাজ্যিক বঁটাও প্ৰদান কৰা হয়। বিশিষ্ট উদ্যোগপতি- মুদ্ৰা সংগ্ৰাহক ওম প্ৰকাশ গাট্টানীক সোমেশ্বৰ দেৱ শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠশ্চ বঁটা আৰু কটন ইউনিভাৰ্চিটীৰ সহকাৰী অধ্যাপক তথা পুৰাতত্ত্ব বিভাগৰ মুৰব্বী ড° মঞ্জিল হাজৰিকাক ছাইদুল ইছলাম সোঁৱৰণী উদীয়মান গৱেষকৰ বঁটা প্ৰদান কৰা হয় । আজি চিনামৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, ইতিহাসবিদ অধ্যাপক আনন্দ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত এই বঁটাসমূহ প্ৰদান কৰা হয়। সভাখনৰ আৰম্ভণিতে অধ্যাপিকা ৰুণু বৰাৰ পৰিচালনাত ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে সভাৰ কাম আৰম্ভ কৰা হয়। অধ্যাপক ৰঞ্জু কুমাৰ ভৰালীয়ে আঁত ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° অঞ্জন শইকীয়াই। ইয়াৰ পিছতেই ড° ৰঞ্জনা মিশ্ৰক দধী মহন্ত সোঁৱৰণী ৰাষ্ট্ৰীয় সমাজ বিজ্ঞান বঁটা প্ৰদান কৰে ইউনেস্ক’ৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ আঞ্চলিক সঞ্চালক ড° অশ্বিনী শৰ্মাই। হৰিজন বন্ধু মামা কৃষ্ণনাথ শৰ্মা সোঁৱৰণী ৰাষ্ট্ৰীয় গৱেষণা বঁটা প্ৰাপক ড° অনিল কুমাৰ সৰকাৰকো ইউনেস্ক’ৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ আঞ্চলিক সঞ্চালক ড° অশ্বিনী শৰ্মাই বঁটা প্ৰদান কৰে। আনহাতে, ওম প্ৰকাশ গাট্টানীক হোমেশ্বৰ দেৱশৰ্মা সোঁৱৰণি শ্ৰেষ্ঠশ্চ বঁটা প্ৰদান কৰে বিশিষ্ট দাৰ্শনিক-দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° গিৰিশ বৰুৱাই । একেদৰে ছাইদুল ইছলাম সোঁৱৰণি উদীয়মান গৱেষণা বঁটা ড° মঞ্জিল হাজৰিকাক ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ যোৰহাট আঞ্চলিক কেন্দ্ৰৰ সঞ্চালক ড° অনিল চন্দ্ৰ বৰাই বঁটা প্ৰদান কৰে। উক্ত বঁটাত আটাইকে সুদৃশ্য স্মাৰক, সম্বৰ্ধনা পত্ৰ, গামোচা, চেলেং, মেডেল, পৰিৱেশ অনুকূল মহাবিদ্যালয়ৰ বিশেষ মোনা, কাগজৰ কলম, গ্ৰন্থৰ টোপোলা আদিৰ লগতে অন্যান্য সামগ্ৰী-উপহাৰ প্ৰদান কৰা হয়। তাৰোপৰি বঁটাপ্ৰাপক কেউগৰাকীক চিনামৰা মহাবিদ্যালয় শিক্ষক গোট, কৰ্মচাৰী গোট, মহাবিদ্যালয়ৰ এন টি টি চেন্টাৰ, ইউনেস্ক’ কেন্দ্ৰ, যোৰহাটৰ ব্ৰিলিয়ান্স একাডেমী, বাঘধৰা উন্নয়ন সমিতি, যোৰহাটৰ ৰ’দালি সভা, মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰ, দূৰ শিক্ষা বিভাগ, শিক্ষাবিদ ড° গিৰীশ বৰুৱা, ছাত্ৰ একতা সভা, প্ৰাক্তন ছাত্ৰ সন্মিলনকে ধৰি বহুসংখ্যক অনুষ্ঠানে ৰাজহুৱা সম্বৰ্ধনা জনায়। বঁটা প্ৰাপক আটাইকেইগৰাকী ব্যক্তিয়ে এইয়া এক অনন্য প্ৰাপ্তি বুলি অভিহিত কৰে। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক দুয়োগৰাকী ব্যক্তিয়ে বঁটা গ্ৰহণ কৰি অভিভূত হৈ পৰা বুলি উল্লেখ কৰি কয়-এইয়া এক অনন্য অনুভূতি। তেওঁলোকে লগতে কয়- কোনোদিনে ভবা নাছিল তেওঁলোকৰ কামৰ স্বীকৃতি এইদৰে অসমত কোনোবাদিনা লাভ কৰিব বুলি। প্ৰসংগক্ৰমে দুয়ো কয়- সকলোৱে নিজৰ সাধ্যত নিজৰ নিজৰ কামসমূহ কৰি যাব লাগে। সমাজৰ প্ৰতি কিমান অৱদান আগবঢ়াইছে সেয়া নিজে গম নাপালেও আনে সেই কামৰ প্ৰতি দৃষ্টি দিয়ে। তেওঁলোকৰ কামৰ বাবেই আজি চিনামৰা মহাবিদ্যালয়ে এইদৰে সন্মান জনোৱাটো তেওঁলোকৰ বাবে এক অনন্য স্বীকৃতি বুলিও লগতে উল্লেখ কৰে। আনহাতে, অসমৰ যোৰহাটৰ চিনামৰাৰ দৰে এটা অঞ্চলত গঢ় লৈ উঠা চিনামৰা মহাবিদ্যালয়ে সমাজৰ প্ৰতি অৱদান আগবঢ়াই যোৱা লোকসকলক জীয়াই ৰখাৰ উদ্দেশ্যে মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ স্মৃতিত যি বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে বা কৰি আহিছে সেয়া দেশৰ ভিতৰতে এক বিৰল কাম বুলি উল্লেখ কৰে। মহাবিদ্যালয়ৰ দৰে এখন শিক্ষানুষ্ঠানত গঢ় লৈ উঠা এনে মানসিকতা নিতান্তই শলাগিবলগীয়া বুলিও দুয়ো মন্তব্য কৰে । ভাষণ প্ৰসংগত দুয়ো আধুনিক শিক্ষা ব্যৱস্থা আৰু নতুন শিক্ষা নীতিৰ সম্পৰ্কেও উল্লেখ কৰে। ইফালে, ৰাজ্যিক বঁটা গ্ৰহণ কৰি বঁটাপ্ৰাপকে চিনামৰা মহাবিদ্যালয়ৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। এনে ধৰণৰ বঁটা-বাহনে অনুপ্ৰাণিত কৰাৰ লগতে মনোবল বৃদ্ধি কৰাৰ লগতে সামাজিক দায়বদ্ধতাও বঢ়াই তোলে বুলি উল্লেখ কৰে। বঁটা প্ৰদান কৰি আটাইকেইজন বিশিষ্ট ব্যক্তিয়েও বক্তব্য প্ৰদান কৰি বঁটাপ্ৰাপকসকলক উৎসাহিত কৰাৰ লগতে চিনামৰা মহাবিদ্যালয়ৰ শলাগ লয় ।সভাখনত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি গান্ধীবাদৰ ওপৰত অনুষ্ঠিত কৰা বক্তৃতানুষ্ঠানত পঞ্চায়তীৰাজ ব্যৱস্থা সম্পৰ্কে এক বক্তৃতাও প্ৰদান কৰা হয়। এই সভাতেই মোহন চন্দ্ৰ মহন্ত অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰই প্ৰকাশ কৰি ওলিওৱা আৰু চিনামৰা মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰূপজ্যোতি দত্ত আৰু নকছাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা গীতাঞ্জলী বৰাই সম্পাদনা কৰা ‘টুৱেন্টী ফাইভ চেঞ্চুৰী স্পীকছ’ নামৰ গ্ৰন্থখনি বিশিষ্ট দাৰ্শনিক ড° গিৰীশ বৰুৱাই উন্মোচন কৰে। তাৰোপৰি ড° গিৰীশ বৰুৱাৰ ‘বৈষ্ণৱবাদ আৰু শ্ৰীমন্ত শংকৰদেৱ’ নামৰ গ্ৰন্থখন সভাপতি আনন্দ শইকীয়াৰ লগতে উপস্থিত অতিথিসকলে উন্মোচন কৰে । ইয়াৰ পূৰ্বে পুৱা স্মাৰক বঁটা প্ৰদান কৰা কেউজন প্ৰয়াত ব্যক্তিৰ প্ৰতিচ্ছবিৰ সন্মুখত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° উৎপলজ্যোতি মহন্তই বন্তি প্ৰজ্বলন কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। মনোগ্ৰাহী সভাখনত যোৰহাটৰ জিলাৰ শিক্ষা আঁচনি বিষয়া, শিক্ষক প্ৰশিক্ষক পৰশ গোস্বামী, বিশিষ্ট নাট্যকাৰ সমৰেশ চক্ৰৱৰ্তী প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি, দাতা পৰিয়ালৰ সদস্য, মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ আদি উপস্থিত থাকে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া