নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত মথুৰা দাস আতাৰ তিৰোভাৱ তিথিত কৰভাৰ শোভাযাত্ৰা

বিশেষ বাৰ্তা, ৩ অক্টোবৰঃ বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি উপলক্ষে আজি শুৱালকুছিত উলিওৱা হয় কৰভাৰ শোভাযাত্ৰা৷ নামনি অসমৰ অন্যতম ঐতিহাসিক উদাসীন সত্ৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ উদ্যোগত অনুষ্ঠিত কৰভাৰ শোভাযাত্ৰাত চেমনীয়াসকলে কল, কোমোৰা, চাউল, ঔটেঙা আদিৰ ভাৰ কান্ধত লৈ শোভাযাত্ৰাত অংশ গ্ৰহণ কৰা দৃশ্যই দৰ্শক ৰাইজক বাৰুকৈয়ে আকৰ্ষিত কৰে ৷ ইয়াৰ উপৰি শোভাযাত্ৰাত গায়ন বায়নৰ দলে অংশগ্ৰহণ কৰাৰ লগতে পুৰুষ আৰু মহিলাৰ নামৰ দলে অংশ গ্ৰহণ কৰি হৰিনামৰ ধ্বনিত বস্ত্ৰনগৰীৰ আকাশ বতাহ মুখৰ কৰি তোলে ৷ শুৱালকুছিৰ প্ৰধান প্ৰধান পথৰে শোভাযাত্ৰাটি পৰিভ্ৰমণ কৰে৷ শোভাযাত্ৰাৰ অন্তত ঈশ্বৰৰ হাটীসত্ৰত সকলো একত্ৰিত হয় ৷ দলসমুহক সত্ৰ তৰফৰ পৰা সিধা দিয়া হয় ৷ ইয়াৰ পূৰ্বে পুৱা মথুৰা দাস বুঢ়া আতাৰ কীৰ্ত্তন মহোৎসৱ উপলক্ষে শুৱালকুছিৰ সত্ৰ নামঘৰসমুহত আই মাতৃ আৰু ভকত বৈষ্ণৱৰ নাম প্ৰসংগ অনুষ্ঠিত হয় ৷

প্ৰেৰক দিলীপ মেধি

You might also like