নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্ৰিশ বছৰৰ মূৰত নুমলীগড়ৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী ৰেকৰ্ড

বিশেষ বাৰ্তা, ২৩ মেঃ নুমলীগড়ৰ শ্ৰীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দৃশ্য এয়া। এই বিদ্যালয়খন ১৯৯২ চনতে স্থাপিত।‌ কিন্তু ১৯৯২ চনৰে পৰা যোৱা ত্ৰিশ বছৰ ধৰি বিদ্যালয়খনত আজি পৰ্যন্ত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা নাছিল কোনো ছাত্ৰ ছাত্ৰী । কিন্তু ত্ৰিশ বছৰৰ মূৰত এইবাৰ প্ৰথমবাৰৰ বাবে বিদ্যালয়খনে দেখা পালে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ ফল। দহজন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত চাৰিজন উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত আৰু এজন তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। উল্লেখ্য যে এই অপ্ৰাদেশীকৃত বিদ্যালয়খনত কোনো দৰমহা নোপোৱাকৈ শিক্ষকতা কৰা বহু শিক্ষকেই কাম এৰিলে। অৱসৰো ললে দুজনকৈ শিক্ষকে। কিন্তু প্ৰধান শিক্ষকজনে যথেষ্ট ধৈৰ্য ধৰি ছাত্ৰ ছাত্ৰীৰ লগত লাগি অবৈতনিকভাৱে শিক্ষকতাৰ সেৱা আগবঢ়াই আহিছে। আজি তেওঁ উৎফুল্লিত। কোনো বিশেষ ফল নহয় যদিও পোনপ্ৰথমবাৰৰ বাবে বিদ্যালয়খনে ত্ৰিশ বছৰৰ মূৰত লাভ কৰিলে প্ৰথম বিভাগৰ ফল।

প্ৰেৰক বিনন ফুকন

You might also like