নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ বাহনৰ চকাত বুলেট !

নিয়মীয়া বাৰ্তা, ২৩ মেঃ দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ বাহনৰ চকাত ওলাল বুলেট! এই লৈ বিধায়কগৰাকীৰ লগতে পৰিয়ালটোৰ মাজত হাহাকাৰ লাগিছে। ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে বিধায়কগৰাকীৰ নাওহলীয়াস্থিত বাসগৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। প্ৰাপ্ত খবৰ অনুসৰি বিধায়ক গোৱালাৰ EV 5899 নম্বৰৰ ইন’ভা বাহনখনৰ পাছৰ বাঁও চকাত সোমাই আছিল বুলেটটো। কালি দিনত ডিব্ৰুগড়ৰ এক কাৰ্যসূচীৰ পৰা উভতি আহি দুলীয়াজানৰ কেইবাখনো বিদ্যালয়লৈ গৈ বিধায়কগৰাকীয়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাইছিল। ইয়াৰ পাছতে আজিৰ পুৱাৰ ভাগত বিধায়কগৰাকীয়ে দুলীয়াজানৰে অন্য এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ  যোৱাৰ কথা আছিল। সেই সময়তে চালকজনে বাহনখনৰ টায়াৰ পাংচাৰ দেখি  নাওহলীয়াস্থিত এক গেৰেজলৈ যায়। গেৰেজতে চকাৰ পৰা উলিয়ালে এটা বুলেট । এই সমগ্ৰ ঘটনাটো লৈ বিধায়কগৰাকীয়ে জিলা আৰক্ষী অধীক্ষকক অৱগত কৰাত সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে তদন্ত চলাই আছে আৰক্ষী প্ৰশাসনে। ইফালে আৰক্ষীয়ে জব্দকৃত বুলেটটো পৰীক্ষাৰ কাৰণে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ লগতে বাহনখনো এম ভি আইৰ দ্বাৰা কাৰিকৰী পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like