নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি সুৰাপায়ীৰ সংখ্যা

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ ৰাজ্যত বৃদ্ধি হৈছে সুৰাপায়ী লোকৰ সংখ্যা৷ আন পথেৰে নহ’লেও এইবাৰ সুৰাপানেৰেই অসমে আন এটা অভিলেখ গঢ়াৰ সম্ভাৱনা আছে৷ কিয়নো দুর্গাপূজাৰ পাছতে দীপাৱলীৰ যোৱা দুদিনত সুৰা বিক্রীৰে নিজৰেই পূর্বৰ ৰেকর্ড ভাঙিলে মহানগৰী গুৱাহাটীয়ে৷ দুটা নিশাত অকল গুৱাহাটী মহানগৰীতে বিক্রী হ’ল মুঠ ৬ কোটি ৮৩ লাখ ১২ হাজাৰ ৭৬০ টকাৰ সুৰা৷ আবকাৰী বিভাগৰ তথ্য মতে, গুৱাহাটীত যোৱা ১২ নৱেম্বৰৰ দিনটোত ৩ কোটি ৭১ লাখ ৮৯ হাজাৰ ৫০০ টকাৰ সুৰা বিক্রী হোৱাৰ লগতে যোৱা ১৩ নৱেম্বৰত এই পৰিমাণ আছিল ৩ কোটি ১১ লাখ ২৩ হাজাৰ ২৬০ টকা৷ উল্লেখ্য যে যোৱা ২০২২ বর্ষত দীপাৱলীৰ সময়ছোৱাত গুৱাহাটীত ৫ কোটি ৯৭ লাখ টকাৰ সুৰা বিক্রী হৈছিল৷ এইবাৰ এই পৰিমাণ বাঢ়িল৷ অর্থাৎ এইবাৰ ৮৬ লাখ ১২ হাজাৰ ৭৬০ টকাৰ সুৰা বেছি বিক্রী হৈছে৷ লক্ষণীয় যে চলিত বর্ষৰ ১ জানুৱাৰী অর্থাৎ নৱবর্ষৰ প্রথম দিনটোত ৩ কোটি ২১ লাখ টকাৰ সুৰা বিক্রী হোৱাৰ লগতে শেহতীয়াকৈ যোৱা দুর্গাপূজাৰ তিনিটা দিনত গুৱাহাটীত প্রায় ২২ কোটি টকাৰ সুৰা বিক্রী হৈছিল৷ দিনক দিনে এই পৰিমাণ বাঢ়িছেহে৷ স্বাস্থ্যৰ লগতে সমাজৰ বাবেও ক্ষতিকাৰক সুৰাপানৰ বদ অভ্যাস বন্ধ কৰাৰ প্রয়াসেৰে বিভিন্ন সময়ত চৰকাৰী–বেচৰকাৰীভ্ বহু সজাগতামূলক কার্যসূচী লোৱা হৈছে যদিও সকলোবোৰ সময়ত ফুটুকাৰ ফেনত পৰিণত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তত ঠায়ে ঠায়ে কাঠফুলাৰ দৰে গঢ়ি উঠা সুৰা বিপণীবোৰৰ বাবেই এতিয়া ৰাজ্যত সুৰাপায়ীৰ সংখ্যা বঢ়াৰ অভিযোগ উত্থাপন হৈছে৷ ইপিনে, সুৰাপানৰ অভিলেখৰ সমান্তৰালকৈ দীপাৱলীৰ যোৱা দুটা দিনত ৰাজ্যত সংঘটিত হয় মুঠ ৩০৩টা পথ দুর্ঘটনা৷ ইয়াৰ সর্বাধিক দুর্ঘটনা সংঘটিত হৈছে কামৰূপ গ্রাম্য জিলাত৷ যোৱা দুটা দিনত জিলাখনৰ বিভিন্ন প্রান্তত মুঠ ৩৩টা দুর্ঘটনা সংঘটিত হৈছে৷ পৰিবহণ বিভাগৰ তথ্য মতে, যোৱা দুটা দিনত ৰাজ্যৰ বিভিন্ন প্রান্তত সংঘটিত হোৱা দুর্ঘটনাৰ সংখ্যা আছিল এনেধৰণৰ– বাক্সাত ২টা, বৰপেটাত ২০টা, বঙাইগাঁৱত ৭টা, কাছাৰত ১১টা, চৰাইদেউত ৭টা, চিৰাঙত ২টা, দৰঙত ১১টা, ধেমাজিত ৬টা, ধুবুৰীত ৩টা, ডিব্রুগড়ত ১০টা, ডিমা হাছাওত ৩টা, পূব কার্বি আংলঙত ৪টা, গোৱালপাৰাত ১০টা, গোলাঘাটত ১৯টা, হাইলাকান্দিত ৩টা, যোৰহাটত ১৫টা, কামৰূপ মহানগৰত ১৯টা, কৰিমগঞ্জত ৮টা, কোকৰাঝাৰত ১২টা, লখিমপুৰত ৪টা, মাজুলীত ৭টা, মৰিগাঁৱত ১০টা, নগাঁৱত ২১টা, নলবাৰীত ৯টা, শিৱসাগৰত ৫টা, শোণিতপুৰত ২৪টা, দক্ষিণ শালমাৰাত এটা, তিনিচুকীয়াত ৭টা, ওদালগুৰিত ৯টা আৰু পশ্চিম কার্বি আংলঙত এটা৷ পৰিবহণ বিভাগৰ সূত্রৰ মতে সংঘটিত হোৱা দুর্ঘটনাবোৰৰ অধিকাংশই সুৰাপান আৰু ৰাজপথত একাংশ অবিবেচক লোকে ফুটোৱা আতচবাজী–ফটকাৰ বাবেই সংঘটিত হৈছে৷ অৱশ্যে সুৰাপানৰ বাবে সংঘটিত হোৱা দুর্ঘটনাৰ সংখ্যা পূর্বৰ তুলনাত কম বুলিও সূত্রটোৱে লগতে কয়৷ যি কি নহওক, চৰকাৰৰ কঠোৰ পদক্ষেপৰ বাবে দুই–এক ঘটনাক বাদ দি সুৰাপানৰ ফলত সংঘটিত হোৱা দুর্ঘটনাৰ সংখ্যা কমিলেও সুৰা বিক্রীৰ সংখ্যা কিন্তু কমা নাই৷ সুৰা বিক্রীৰ ধনৰ পৰা পোৱা ৰাজহেৰে আবকাৰী বিভাগ টনকিয়াল হৈছে ঠিকেই, কিন্তু ৰাজ্যত সুৰাপায়ীৰ সংখ্যা যে পূর্বতকৈ বহুগুণে বাঢ়িছে সেয়া সুৰা বিক্রীৰ পৰিসংখ্যাৰ পৰাই প্রতিফলিত হৈছে৷

#বাৰ্তা ডেস্ক

You might also like