নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ স্থিতিত অটল অ’চি পুষ্পকমল বৰুৱা

প্রসংগ অমিয় ভূঞাৰ ফোন ৰেকর্ডিং

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ বিহপুৰীয়া সমষ্টিৰ বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাৰ ফোনকল ৰেকর্ড কৰি সংবাদ মাধ্যমত ফাদিল কৰা নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া পুষ্পকমল বৰুৱা আজি উপস্থিত হ’ল উলুবাৰীস্থিত আৰক্ষীৰ মুখ্য কার্যালয়ত৷ পুষ্পকমল বৰুৱাই নিজৰ স্থিতিত অটল থাকি সংবাদ মাধ্যমৰ আগত ফোন ৰেকর্ডিং ভাইৰেল নকৰা বুলি উল্লেখ কৰি সমগ্র বিষয়টো আৰক্ষীৰ শীর্ষ বিষয়াক অৱগত কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ মন কৰিবলগীয়া যে নির্মাণকার্য চলি থকা মাধৱদেৱ কলাক্ষেত্রত উদ্ভণ্ডালি কৰা সংক্রান্তীয় এটা গোচৰত নাৰায়ণপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে দুজন যুৱকক গ্রেপ্তাৰ কৰিছিল৷ এই সন্দর্ভত অমিয় কুমাৰ ভূঞাই নাৰায়ণপুৰৰ অ’চি পুষ্পকমল বৰুৱাক ফোন কৰি ভাবুকি দিছিল৷ আৰক্ষী বিষয়াজনৰ সৈতে বিধায়কগৰাকীৰ ম’বাইল ফোনত হোৱা বার্তালাপসমূহ ৰেকর্ডিং কৰিছিল পুষ্পকমল বৰুৱাই৷ এই ৰেকর্ডিং বার্তালাপসমূহ পাছত সংবাদ মাধ্যমত ভাইৰেল হয়৷ বিষয়টোক লৈ মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰি আৰক্ষী বিষয়াই ফোনকল ৰেকর্ড কৰাটো অশুভ পৰম্পৰা বুলি মন্তব্য কৰিছিল৷ ইয়াৰ পাছতেই অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান জিপি সিঙে পুষ্পকমল বৰুৱাক আৰক্ষী মুখ্য কার্যালয়লৈ তলব কৰে৷ সেইমর্মে আজি নাৰায়ণপুৰৰ অ’চি ডিজিপি অফিচত হাজিৰ হয়৷ একে ঘটনাৰ লগত জড়িত হৈ থকা উপ–পৰিদর্শক জোনমণি ৰাভাকো ফোন ৰেকর্ডিঙৰ ঘটনাক লৈ তলব কৰাৰ সম্ভাৱনা আছে৷ ইফালে এই ঘটনাৰ বাবে পুষ্পকমল বৰুৱাৰ বিৰুদ্ধে কোনোধৰণৰ শাস্তি নহয় বুলি আজি নিজেই এই কথা সদৰী কৰিলে নাৰায়ণপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াজনে৷ সংবাদ মাধ্যমৰ আগত তেওঁৰ দাবী– অসম আৰক্ষীৰ হৈ সেৱক হিচাপে কাম কৰি যাম৷ শীর্ষ বিষয়াই মোক নিজৰ কর্তব্য কৰি যাবলৈ নির্দেশ দিছে৷

You might also like