নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ পৰিষদীয় সমষ্টিৰ ৫৮ প্রার্থীৰ ভাগ্য বন্দী হ’ব বেলট বাকচত

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ নিষ্প্রভ বিৰোধীৰ বিপৰীতে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ বাবে প্রায় প্রতিটো সমষ্টিতে মিত্রজোঁটৰ ব্যাপক তৎপৰতা পৰিলক্ষিত হ’ল৷ উল্লেখ্য যে আজি হ’বলগীয়া ২২টা সমষ্টিৰ ১৫৩টা ভোটগ্রহণ কেন্দ্রত ৮৬,৩৫১জন ভোটাৰে ভাগ্য নির্ণয় কৰিব ৫৮ প্রতিদ্বন্দ্বী প্রার্থীৰ৷ ইয়াৰে বিজেপিৰ ১৭জন, অগপৰ ৫জন আৰু কংগ্রেছৰ ২০জন প্রার্থীৰ ভাগ্য কালি বেলট বাকচত বন্দী হ’ব৷ ইফালে আজি নির্বাচনৰ বাবে গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টি আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ বাবে জিলা তথা মহকুমা প্রশাসন সম্পূর্ণৰূপে সাজু হৈ উঠিছে৷ গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টিৰ বাবে  গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ভোটগ্রহণৰ বাবে প্রয়োজনীয় সা–সামগ্রী লৈ প্রিজাইডিং আৰু প’লিং বিষয়াসকলকে ধৰি ভোটগ্রহণকাৰী দল নিজ নিজ কেন্দ্র অভিমুখে ৰাওনা হৈছে৷

মহকুমাটোত ভোটগ্রহণৰ বাবে সংৰক্ষিত সকলোকে ধৰি মুঠ ১৮০জন প্রিজাইডিং আৰু প’লিং বিষয়া নিয়োগ কৰা হৈছে৷ প্রতিটো কেন্দ্রত এজন প্রিজাইডিং বিষয়া, তিনিজন প’লিং বিষয়া আৰু এজন বা দুজনকৈ আৰক্ষীৰ লোক থাকিব৷ কাইলৈ পুৱা ৮ বজাৰ পৰা জিলাখনৰ আটাইকেইটা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ’ব৷ কোনো কেন্দ্রত প্রয়োজন হ’লে ২২ জানুৱাৰীত পুনৰ ভোটগ্রহণ হ’ব৷ ২৪ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ’ব৷ জিলাখনৰ পাঁচটা সমষ্টিত মুঠ ১৩জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ গোলাঘাট মহকুমাৰ চাৰিওটা সমষ্টিৰ বাবে মুঠ ৩৮টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে৷

ইয়াৰে ঠেঙাল কমাৰগাঁও সমষ্টিত ১৫টা, কাছমাৰী সমষ্টিত ৮টা, চাউদাং পথাৰ সমষ্টিত ৭টা আৰু চাউদাং পথাৰ দৈয়াং সমষ্টিত ৮টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে৷ আনহাতে, ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিৰ বাবে ১১টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে৷ গোলাঘাট মহকুমাৰ আটাইকেইটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২০,৭৪৯জন৷ ইয়াৰে ১০,৫৭৬জন পুৰুষ আৰু ১০,১৭৩গৰাকী মহিলা ভোটদাতা৷ ঠেঙাল কমাৰগাঁও সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৮,৮০৭জন৷ ইয়াৰে ৪,৪৯৫জন পুৰুষ আৰু ৪,৩১২গৰাকী মহিলা ভোটদাতা৷ কাছমাৰী সমষ্টিত ৩,৭৩৭জন ভোটদাতাৰ ভিতৰত ১,৯০০জন পুৰুষ আৰু ১,৮৩৭গৰাকী মহিলা ভোটদাতা৷ চাউদাং পথাৰ সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৪,৫২০জন৷ ইয়াৰে ২,২৮৫জন পুৰুষ আৰু ২,২৩৫গৰাকী ভোটদাতা মহিলা৷ চাউদাং পথাৰ দৈয়াং সমষ্টিৰ ৩,৬৮৫জন ভোটদাতাৰ ভিতৰত ১,৮৯৬জন পুৰুষ আৰু ১,৭৮৯গৰাকী মহিলা ভোটদাতা৷ আনহাতে, ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৩,১৪১জন৷ ইয়াৰে ১,৭২০জন পুৰুষ আৰু ১,৪২১গৰাকী মহিলা ভোটদাতা৷
তিতাবৰৰ দহটা সমষ্টিৰ ২৬জন প্রার্থীৰ ভাগ্য আজি বন্দী হ’ব বেলট বাকচত
ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনী প্রচাৰ কালি বিয়লি অন্ত পৰাৰ পাছত আজি পুৱাৰ পৰা ব্যস্ত হৈ পৰে তিতাবৰ জিলা নির্বাচনী বিষয়াৰ কার্যালয়৷ তিতাবৰ তিনিআলিৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ক নির্বাচনী অস্থায়ী কার্যালয় ৰূপে লোৱাত বিদ্যালয়খনৰ চৌহদত আজি পুৱাতে তিতাবৰ নির্বাচনী বিষয়াৰ অস্থায়ী কার্যালয়ৰ ১২টা কাউণ্টাৰত প’লিং, প্রিজাইডিং বিষয়াসকল উপস্থিত হৈ বেলট বাকচ ল’বৰ বাবে শাৰী পাতে৷ তিতাবৰ জিলা নির্বাচনী বিষয়াই নিয়োগ কৰা প’লিং, প্রিজাইডিং বিষয়াসকলে হাতে হাতে বেলট বাকচ লৈ নিজ নিজ প’লিং ষ্টেচনসমূহলৈ যাত্রা কৰে৷ উল্লেখ্য যে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ২২টা সমষ্টিৰ ভিতৰত তিতাবৰত আছে দহটা সমষ্টি৷ ইয়াৰ ভিতৰত নগাবাট, মাধপুৰ, বৰহোলা, ফুলবাৰী, দিহিঙীয়া, চামগুৰি, তিতাবৰ, বৰুৱাজান, জালুকনিবাৰী আৰু তামুলবাৰী সমষ্টি৷ এই দহটা সমষ্টিত মুঠ ভোটাৰ আছে ৪৭,৯৫৭জন৷ ইয়াৰে পুৰুষ ভোটাৰ হ’ল ২৪,০৬৭জন আৰু মহিলা ভোটাৰ হ’ল ২৩,৮৯০গৰাকী৷ মুঠ প’লিং ষ্টেচন হ’ল ৬৬টা৷ এই ৬৬টা প’লিং ষ্টেচনত কাইলৈ নির্ণয় হ’ব ২৬জন প্রার্থীৰ ভাগ্য৷ পৰিষদখনৰ তিতাবৰৰ দহটা সমষ্টিত কংগ্রেছ দলে প্রার্থিত্ব দিছে৷ বিজেপি–গপ মিত্রজোঁটৰ হৈ বিজেপিয়ে ৭টা সমষ্টিত আৰু অগপ দলে ৩টা সমষ্টিত প্রার্থিত্ব দিছে৷ চি পি আই দলে ২টা সমষ্টিত প্রার্থিত্ব দিয়াৰ লগতে নির্দলীয় প্রার্থী ৰূপে ৪জনে প্রার্থিত্ব আগবঢ়াইছে৷ কাইলৈ পুৱাৰ পৰা হ’ব ভোটগ্রহণ৷

You might also like